Logo
image

দঃ আফ্ৰিকাত ৪০০ লোকৰ মৃত্যু

বৰষুণ-বানৰ তাণ্ডৱ, ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা ৰাষ্ট্ৰপতিৰ

আমাৰ অসম,২০ এপ্ৰিলঃ প্ৰবল বৃষ্টিপাতৰ ফলত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে দক্ষিণ আফ্ৰিকা৷ একেৰাহে হৈ থকা মুষলধাৰ বৰষুণৰ ফলত দেশখনৰ উপকূলীয় এলেকাৰ পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে৷ দক্ষিণ আফ্ৰিকাৰ চৰকাৰে প্ৰকাশ কৰা অনুসৰি বৰষুণৰ ফলত হোৱা ভয়ংকৰ বান আৰু ভূমিস্খলনত এইপৰ্যন্ত ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু ৪০ হাজাৰৰো অধিক লোক গৃহহীন হৈছে৷ গতিকে পৰিস্থিতত উদ্বিগ্ন হৈ পৰা ৰাষ্ট˜পতি চাইৰিল ৰামাফোছাই ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰে আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নধৰণৰ ব্যৱস্থাৰ কথা ঘোষণা কৰে৷ বৰষুণ-বানৰ ফলত উপকূলীয় কোৱাজুলু-নেটাল অঞ্চল সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াতে ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে৷ এতিয়াও বহু লোক সন্ধানহীন হৈ আছে৷ গতিকে মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে৷ কৰ’না ভাইৰাছৰ বাবে বিগত আঢ়ৈ বছৰে দেশখনৰ জনতাই কঠোৰ নিষেধাজ্ঞাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছিল৷ এতিয়া প্ৰাকৃতিক দুৰ্যোগে দেশখনক জুৰুলা কৰে৷ হাজাৰ হাজাৰ লোকৰ ঘৰ উটি গৈছে বৰষুণ-বানত৷ লক্ষাধিক লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে৷ উল্লেখ্য,বিগত চাৰি দিনে দক্ষিণ আফ্ৰিকাৰ উপকূলীয় এলেকাত মুষলধাৰ বৰষুণ অব্যাহত আছে৷ বৰষুণৰ লগতে অহা বতাহেও পৰিস্থিতি শোচনীয় কৰি তুলিছে৷ জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা এই প্ৰাকৃতিক দুৰ্যোগে দেশখনৰ পৰিস্থিতি আৰু অধিক বেয়াৰ ফালে লৈ যায়৷ সাহায্য প্ৰদান আৰু উদ্ধাৰ অভিযান চলোৱা দলে সন্ধানহীন লোকক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ কিন্তু বৰষুণ আৰু বানৰ বাবে উদ্ধাৰ অভিযানত যথেষ্ট ব্যাঘাত জন্মিছে৷ বিভিন্ন স্থানৰ পৰা ভূমিস্খলনৰ বাতৰি আহিয়েই আছে৷