পৰম্পৰাগত চিকিৎসা
প্ৰায়বোৰ সমাজতে পূৰ্বাপৰ চলি অহা চিকিৎসা সম্পৰ্কীয় লোকবিধান আছে৷ পৰম্পৰাগতভাৱে চলি অহা এনে লোক-চিকিৎসাক আয়ুৰ্বেদ,সিদ্ধ,ইউনানি,ইৰানিয়ান,পৰম্পৰাগত ভিয়েটনামী, পৰম্পৰাগত চীনৰ চিকিৎসা,পৰম্পৰাগত কোৰিয়ান চিকিৎসা,আকুপাংচাৰ,মুতি,ইফা, পৰম্পৰাগত আফ্ৰিকান চিকিৎসা আদি নামে জনা যায়৷ বিশ্বৰ বিভিন্ন প্ৰান্তত পূৰ্বৰে পৰা জনসাধাৰণৰ মাজত নানাবিধ লোক-চিকিৎসাৰ প্ৰচলন আছিল৷ আধুনিক চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত মানুহে আধুনিক চিকিৎসা ব্যৱস্থাৰ ওচৰ চাপিছে যদিও আধুনিক চিকিৎসা কৰি বহুজনে পাশ্বৰ্ক্ৰিয়াৰো বলি হৈছে৷ আধুনিক চিকিৎসা ব্যৱস্থাৰ তুলনাত পৰম্পৰাগত চিকিৎসা ব্যৱস্থা পিছপৰি থকাৰ মূলতে হ’ল পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ উচ্ছমানৰ গৱেষণাৰ অভাৱ,উপযুক্ত আৰু পদ্ধতিগত তথ্য-প্ৰমাণ আহৰণৰ অভাৱতো বহু পৰম্পৰাগত ঔষধৰ সঠিক প্ৰয়োগ সম্ভৱ হোৱা নাই৷
ভাৰতত উপলব্ধ প্ৰায় ৭৫ শতাংশ গছ-লতিকাৰে ঔষধি গুণ আছে৷ ভাৰত চৰকাৰে দুই লাখ পৰম্পৰাগত ঔষধক ৰাজহুৱা সম্পদ হিচাপে গণ্য কৰিছে৷ এই ঔষধসমূহ মানুহে ব্যৱহাৰ কৰিব পাৰে যদিও এটা বিশেষ ব্ৰেণ্ড হিচাপে বিক্ৰী কৰিব নোৱাৰে৷ ভাৰত চৰকাৰৰ এনে অৱস্থাৰ সুযোগ গ্ৰহণ কৰিয়েই হয়তো বিশ্বৰ বহু দেশে ভাৰতীয় ঔষধি উদ্ভিদৰ পেটেণ্ট কৰিছে৷ উল্লেখ্য, বিশ্বত ৫ হাজাৰ পৰম্পৰাগত ঔষধৰ পেটেণ্ট হৈছে আৰু ইয়াৰ ভিতৰত আয়ুৰ্বেদ,ইউনানি,সিদ্ধ পদ্ধতিৰ ঔষধ ২ হাজাৰ৷ অৱশ্যে,প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ উন্নয়নৰ বাবে আয়ুস মন্ত্ৰণালয় গঠন কৰি এই চিকিৎসা ব্যৱস্থাৰ ভালেখিনি উন্নয়ন সাধন কৰিছে৷ যিহেতু পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ পাশ্বৰ্ক্ৰিয়া তুলনামূলকভাৱে আধুনিক চিকিৎসা ব্যৱস্থাতকৈ কম,সেয়ে এই চিকিৎসা ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ এক অহেতুক দৰদ আছে৷ তদুপৰি পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ চিকিৎসা খৰচো আধুনিক চিকিৎসা খৰচতকৈ তুলনামূলকভাৱে কম৷ কিন্তু সময়ৰ লগে লগে এই চিকিৎসা ব্যৱস্থাৰ বিধান দিয়া গ্ৰাম্য সমাজৰ লোকসকলে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে অজ্ঞতাৰ বাবেই হওক নতুবা সুবিধাৰ অভাৱৰ বাবেই হওক ব্যৱস্থা গ্ৰহণ নকৰাত এই চিকিৎসা ব্যৱস্থাই বহু সময়ত আশানুৰূপ ফল দিয়াত ব্যৰ্থ হয়৷ যিহেতু এই চিকিৎসা ব্যৱস্থা আৰু ঔষধৰ দ্বাৰা ৰোগীৰ ৰোগ নিৰাময় সম্ভৱ,সেয়ে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ উচ্চমানৰ গৱেষণা,গৱেষণাৰ বাবে ধনৰ আৱণ্টন আৰু পদ্ধতিগতভাৱে ঔষধসমূহৰ তথ্য-প্ৰমাণ আহৰণৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ে মঙলবাৰে গুজৰাটৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত নৰেন্দ্ৰ মোদীয়ে গ্ল’বেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিন নামৰ প্ৰতিষ্ঠানটোৰ আধাৰশিলা স্থাপন কৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধানৰ মতে উক্ত প্ৰতিষ্ঠানটোৱে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ মান উন্নত কৰিব আৰু বিশ্বৰ জনসাধাৰণক উন্নত স্বাস্থ্যসেৱা লাভত সহায় কৰিব৷ আধুনিক উন্নত চিকিৎসা ব্যৱস্থাৰ তুলনাত পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ বিষয়ে উচ্ছমানৰ গৱেষণাৰ অভাৱৰ বাবে এই চিকিৎসা ব্যৱস্থা পিছপৰি আছে৷ যদিহে পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ মান উন্নত কৰিব পৰা যায়,তেন্তে বিশ্বৰ সকলো লোকে আগত সময়ত পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব৷ গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সময়ত ঘোষণা এনে ব্যৱস্থা যদি নিৰ্বাচনী ঝুমলা নহয়,তেন্তে ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ মান নিশ্চয় উন্নত হোৱাত বৈশ্বিক প্ৰকল্পৰূপে বিবেচিত গ্ল’বেল চেণ্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিনে সহায় কৰিব৷






