Logo
image

প্ৰচাৰ শেষ, জল্পনা আৰম্ভ

শুকুৰবাৰে ভোট, দেওবাৰে ফলাফল

আমাৰ অসম,২১ এপ্ৰিলঃ নেতাৰ সংলাপ,নৰম-গৰম বচন,জটুৱাঠাচ,বিহু-বেনপাৰ্টী,গীত-মাতেৰে বুধবাৰে বিয়লি সামৰণি পৰিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ৷ মাজত মাত্ৰ এটা দিন বাকী৷ ২২ এপ্ৰিল,শুকুৰবাৰে গুৱাহাটীৰ ৫৭টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন৷ শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন৷ উল্লেখ্য,গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ ভিতৰৰ ৩টাত [ক্ৰমে ৫,৬ আৰু ২২নং ৱাৰ্ড] ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী বিজয়ী হৈছে৷ প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ব্যৱহাৰ হ’ব ইভিএম৷ ২৪ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব৷ ৰাজ্যিক নিৰ্বাচন আয়োগৰ সূত্ৰই সদৰি কৰা অনুসৰি যিহেতু এইবাৰ নিৰ্বাচনত ইভিএম ব্যৱহাৰ কৰা হ’ব,সেয়েহে দুপৰীয়াৰ ভিতৰত ভোটগণনাৰ ফলাফল প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে৷ পৌৰ নিগমৰ নিৰ্বাচনত মুঠ ৭৯৬৪২৯জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ইয়াৰে ৩৯৬৮৯১জন হ’ল পুৰুষ, ৩৯৯৯১১গৰাকী হ’ল মহিলা আৰু ২৭জন তৃতীয় লিংগৰ ভোটাৰ৷ মুঠ ৭৮৯টা ৱাৰ্ডত শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ ৩০টা ৱাৰ্ডেই মহিলাৰ বাবে সংৰক্ষিত৷ সেই ৱাৰ্ডকেইটা হৈছে ক্ৰমে– ৬, ৯, ২৩, ৫১, ৩৬, ৩০, ৪১, ৪, ৩১, ১৪, ৫৮, ২২, ১১, ৫৪, ৫৩, ২৫, ৪৫, ৫৬, ১০, ২৮, ৩৭, ৪২, ৫৭, ১৭, ৩৪, ১৩, ৪৮, ৩৩, ৪০ আৰু ৪৩৷ লক্ষণীয় যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিল মুখ্যমন্ত্ৰী,কেন্দ্ৰীয়মন্ত্ৰীকে ধৰি বিজেপিৰ সকলো ৰথী-মহাৰথী৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজে তিনিদিন ধৰি প্ৰচাৰ চলালে গুৱাহাটী মহানগৰীত৷ সমানেই প্ৰচাৰত নামিপৰিল বিজেপিৰ মন্ত্ৰী-বিধায়কসকলো৷ অগপৰ দুয়োজন মন্ত্ৰীও ব্যস্ত হ’ল প্ৰচাৰত৷ ইয়াৰ বিপৰীতে যেন ঢাল-তৰোৱালবিহীন সেনাপতি হৈ পৰিল এপিচিচিৰ সভাপতি ভূপেন বৰা৷ দলীয় অন্তঃকন্দলত জৰ্জৰিত কংগ্ৰেছত যেন এতিয়া কোনো নেতা নাই পৌৰ নিগমৰ নিৰ্বাচনৰ ৰণক্ষেত্ৰত দলীয় প্ৰাৰ্থীক উৎসাহ দিয়াৰ বাবে৷ কংগ্ৰেছৰ সাংসদ,বিধায়ক বা নেতা কোনো এজন আগবাঢ়ি নাহিল প্ৰচাৰ চলাবলৈ৷ সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিল ভূপেন বৰা৷ কাৰ্যতঃ এই কথা নিজেই স্বীকাৰ কৰি ভূপেন বৰাই ক’লে– পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে যিমান প্ৰচাৰ চলাব লাগিছিল সিমান নোৱাৰিলে কংগ্ৰেছে৷ কিন্তু ভাগ কৰি লৈ গোটেইখিনি ৱাৰ্ডেই কভাৰ কৰা বুলিও দাবী কৰিলে ভূপেন বৰাই৷ অৱশ্যে প্ৰচাৰ পলমকৈ চলালেও গুৱাহাটী পৌৰ নিগম দখলৰ দাবী কৰি ভূপেন বৰাই ক’লে–‘২৪ তাৰিখে কাউটিং হ’ব আৰু এসপ্তাহৰ ভিতৰত গুৱাহাটীত আমি গুৱাহাটী পৌৰ নিগম গঠন কৰিম৷ এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে– কংগ্ৰেছ জিকিব,কংগ্ৰেছৰ মেয়ৰ,ডেপুটি মেয়ৰ আমি ঠিক কৰি আছোঁ৷’ ভূপেন বৰাৰ এই মন্তব্যক তুলাধূনা দি মন্ত্ৰী পীয়ূষ হাজৰিকাই ক’লে– ভূপেন বৰাই শূন্যতে গদা ঘূৰাই থাকে,ভূপেন বৰাৰ সপোন গছত কঠাল ওঠত তেল,নৌপকোতেই চেলবেল৷ প্ৰত্যেকটো নিৰ্বাচনতে ভূপেন বৰাই জিকিম বুলি কয়,কিন্তু নিৰ্বাচনী ফলাফলত অৱস্থা পামযোৱা বেলুনৰ দৰে হয়৷ মন্ত্ৰী হাজৰিকাৰ দাবী– এখন আসনতো বিৰোধীৰ কোনো প্ৰাৰ্থী নিজিকে পৌৰ নিগমৰ নিৰ্বাচনত৷ কংগ্ৰেছৰ দৰেই পৌৰ নিৰ্বাচনত অন্তঃকন্দলত জৰ্জৰিত ৰাইজৰ দল তথা অখিল গগৈয়ো নিষ্প্ৰভ হৈ পৰিল৷ ইয়াৰ মাজতে নিজৰ শক্তি সমৰ্থৰে গুৱাহাটীৰ কেতবোৰ স্থান বিশেষে নিৰ্বাচনী প্ৰচাৰ চলালে লুৰীণজ্যোতি গগৈৰ নেতৃত্বাধীন জাতীয় পৰিষদে৷ প্ৰচাৰ আৰু চমকত পৌৰ নিগমৰ নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন আম আদমি পাৰ্টীও শীৰ্ষত থকা দেখা গ’ল৷ মুঠতে পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হোৱাৰ লগে লগে জল্পনা আৰম্ভ হ’ল৷ কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তই কংগ্ৰেছে গুৱাহাটী পৌৰ নিগম দখল কৰাটো নিশ্চিত বুলি দাবী কৰিছে৷ ‘আপ’ ৰাষ্ট্ৰীয় নেতা আতিশী মাৰ্লিনাই দাবী কৰিছে যে ‘আপ’-এ ভাল ফলাফল দেখুৱাব৷ তেওঁ ‘আপ’ক এবাৰ সুবিধা দি চাবৰ বাবেও গুৱাহাটীবাসীক আহ্বান জনায়৷ ইয়াৰ বিপৰীতে মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে বাকী থকা ৫৭টা ৱাৰ্ডতে বিজেপিৰ জয় নিশ্চিত৷

‘শাসকীয় দলে নিৰ্বাচনী বিধি উলংঘন কৰিছে৷ বিজেপিৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ গোহাঁৰি-পত্ৰখন বিজেপিৰ গুৱাহাটীবাসীক প্ৰতাৰণা কৰা, বিজেপিৰ নেতাৰ লুণ্ঠনৰ বাট মুকলি কৰা প্ৰচেষ্টা৷ তেওঁলোকে নিৰ্বাচনী আয়োগক উলংগ কৰি দিছে৷ ২০১৮ চনৰ পৰা গুৱাহাটী পৌৰ নিগমৰ কোনো নিজা বাজেট নাই-এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ মনজিৎ মহন্তই৷ বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়-নিৰ্বাচন আয়োগক নানা অভিযোগ দিলেও তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে৷ বিজেপিয়ে জালুকবাৰীত আন দলৰ পোষ্টাৰ ফালি পেলাইছে, ৮ নং ৱাৰ্ড নিৰ্বাচনী কাৰ্যালয় ভাঙি পেলাইছে,৫২ নং ৱাৰ্ডৰ ৰাইজক ভাবুকি দিছে যদি বিজেপিৰ বাহিৰে আন দলৰ প্ৰাৰ্থীক ভোট দিয়ে তেনেহলে তেওঁলোকৰ নাম বিভিন্ন আঁচনিৰ পৰা বঞ্চিত কৰা হ’ব৷ এইবোৰ দেখিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰে৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে আমাৰ দলৰ পৰা মুঠ ৫৪টা ৱাৰ্ডৰ বাবে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব৷ আমি গুৱাহাটী পৌৰ নিগমৰ ক্ষমতা লাভ কৰিলে গুৱাহাটী বাসীৰ বাবে ১০০ দিনৰ ভিতৰত বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাকে ধৰি ২১ গুৱাহাটীবাসীৰ আটাইতকৈ প্ৰয়োজনীয় সমস্যা সমাধানৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ৷ কংগ্ৰেছ আশাবাদী ২২ এপ্ৰিলত গুৱাহাটীৰ ৰাইজে বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি,দুৰ্নীতি-অনিয়মৰ যোগ্য প্ৰত্যুত্তৰ দিব৷ এখন সুন্দৰ গুৱাহাটী আৰু এখন শক্তিশালী গুৱাহাটী পৌৰ নিগম গঠনৰ বাবে কংগ্ৰেছৰ হাত শক্তিশালী কৰিব৷’ সংবাদ মেলত প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৱাহাটী পৌৰ নিগম নিৰ্বাচন পৰিচালনা সমিতিৰ সহ:অধ্যক্ষ কুশল কুমাৰ শৰ্মাৰ লগতে অন্যান্য বিষয় ববীয়া উপস্থিত থাকে৷

প্ৰচাৰৰ অন্তিম দিনত এনচিপিৰ ৰেলী

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত বৃহৎ ৰেলীৰে মহানগৰী কঁপাই তোলে এন চি পিৰ তিনিগৰাকীকৈ প্ৰাৰ্থীয়ে৷ ৩২ নং ৱাৰ্ডৰ প্ৰাৰ্থী মেৰী দাসে কেইবাশতাধিক দলীয় কৰ্মী আৰু বাহনেৰে বুধবাৰে প্ৰচাৰ অভিযান চলোৱাৰ লগতে ১৭ নং ৱাৰ্ডত হোচনে আৰা বেগম আৰু ৫৫নং ৱাৰ্ডত নমিতা কলিতাই বিশাল প্ৰচাৰ সমদল উলিয়ায়৷ পুৱা ১১ বজাত আৰম্ভ কৰা এই প্ৰচাৰ সমদলত ৰাজ্যিক নেতৃত্বই অংশগ্ৰহণ কৰাৰ লগতে বহুসংখ্যক দলীয় কৰ্মীয়ে প্ৰচাৰ চলাই এন চি পিৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়৷ ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱা,হৃদয়ানন্দ গগৈ আৰু সম্পাদক দীপক দাস,মহানগৰ জিলা এন চি পিৰ সাধাৰণ সম্পাদক নগেন লুংঠুলুৱে প্ৰচাৰ সমদলত অংশগ্ৰহণ কৰে৷ এখন সুস্থ দুৰ্নীতিমুক্ত,নাৰীৰ বাবে সুৰক্ষিত মহানগৰী গঢ়ি তুলিবলৈ সকলো ৰাইজক লগত লৈ ৰাষ্ট্ৰবাদী কংগ্ৰেছ দলে কাম কৰি যাব বুলি মন্তব্য কৰে ৰাজ্যিক নেতৃবৃন্দই৷

অসম জাতীয় পৰিষদৰ সমদল 

ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে আজি অন্ত পৰিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান৷ প্ৰচাৰৰ অন্তিমটো দিনত ৱাৰ্ডে ৱাৰ্ডে দেখা গল শাসক বিৰোধী দলৰ প্ৰাৰ্থীৰ সমৰ্থনত দলীয় নেতা পালিনেতাৰ ভীৰ৷ বিজেপি মিত্ৰজোঁটৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদ, কংগ্ৰেছ,আপকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থী সকলেও আজি বিশালৰেলী,পদযাত্ৰা আদিৰে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈয়ে ৫৫নং ৱাৰ্ডৰ মিণ্টু ৰাজবংশী,৫৬নং ৱাৰ্ডৰ অম্বিকা ডেকা,৫৭নং ৱাৰ্ডৰ পল্লবী বৰা হাজৰিকাৰ সমৰ্থনত নুনমাটিৰ গোপালনগৰৰ পৰা উলিওৱা বিশাল সমদলত অংশগ্ৰহণ কৰে৷ সমদলত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কয়– আমাৰ দলৰ ২৫জন প্ৰাৰ্থীৰ ভিতৰত ২৫জনেই বিজয়ী হ’ব৷ বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পিছতে ভয়াবহ ভাৱে বৃদ্ধি পোৱা নিগমৰ কৰ কাটলৰ প্ৰতি অতিষ্ঠ হৈ ৰাইজে জাতীয় পৰিষদৰ প্ৰাৰ্থীক যে ভোটদান কৰিব সেয়া নিশ্চিত৷ ইফালে নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে কোনো নিৰ্বাচনী আচৰনবিধি উলংঘন কৰা নাই বুলি মন্ত্ৰী পীযূষ হাজৰিকাই কৰা দাম্ভিক মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অজাপৰ নেতাগৰাকীয়ে কয় যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী আচৰনবিধি উলংঘা কৰা নাই তেন্তে তেওঁৰ বিৰুদ্ধে কিয় ৰাজ্যিক নিৰ্বাচনী আয়োগে ৫জনীয়া তদন্ত কমিটি গঠন কৰিলে৷ ইয়াৰ উত্তৰ এইবাৰ নিৰ্বাচনত ৰাইজে দিব৷