Logo
image

কংগ্ৰেছ শেষ,ভৱিষ্যতে মিত্ৰতা নহয়! আজমলৰ ঘোষণা

আমাৰ অসম,২১ এপ্ৰিলঃ মাত্ৰ ছবছৰ আগলৈ ৰাজ্যত একেৰাহে তিনিটা কাৰ্যকাল শাসন চলাইছিল কংগ্ৰেছে৷ ৰাজ্যত আজিৰ দিনতো বৃহৎ বিৰোধী দল কংগ্ৰেছ৷ কিন্তু বিগত কেইবাটাও নিৰ্বাচন-উপ-নিৰ্বাচনত আশাব্যঞ্জক পাৰদৰ্শিতা দেখুৱাবলৈ অপাৰগ হোৱা কংগ্ৰেছে৷ পৌৰ নিগমৰ নিৰ্বাচনতো বিশেষ তৎপৰতা দেখুৱাবলৈ সক্ষম হোৱা নাই ৷ বিজেপিৰে সৱলভাৱে যুঁজ দিব পাৰিব বুলি কংগ্ৰেছ কৰ্মী-সমৰ্থককে আস্বস্ত কৰিব পৰা নাই৷ শাসকীয় দল বিজেপিক প্ৰতিহত কৰা বাদ দি কংগ্ৰেছৰ একাধিক নেতাৰ নিজৰ মাজতে লাগিছে খোৱা-কামোৰা,অৰিয়াঅৰি৷ বিগত সময়ত কংগ্ৰেছে কেইবাটাও নিৰ্বাচনত এ আই ইউ ডি এফৰে মিত্ৰতা কৰিছিল যদিও এনে মিত্ৰতা যেন কচুপাতৰ পানীৰ দৰে অস্থিৰ৷ সংশ্লিষ্ট নিৰ্বাচনটো পাৰ হোৱাৰ পাছতেই ফাট মেলে মিত্ৰতাত৷  ইয়াৰ পৰিপ্ৰেক্ষিততে পুনৰ ইউ ডি এফৰে মিত্ৰতা নহয় বুলি বুধবাৰে ৰাজহুৱা কৰি দিয়ে ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে৷ তেওঁ কংগ্ৰেছক কটাক্ষ কৰি কয়– কংগ্ৰেছক আৰু কিমান বিয়া পাতিম,বাৰে বাৰে তালাক দিয়ে আমাক৷ কংগ্ৰেছ নোহোৱা হোৱাটো আমি নিবিচাৰোঁ৷ কংগ্ৰেছৰ দুৰ্নীতিৰ বাবে আজিৰ এই অৱস্থা হৈছে৷ তেওঁ কয়– ৰাজ্যসভাৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ মিথ্যাচাৰ সত্য প্ৰমাণিত হ’ল৷ ইফালে,অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ১০ কোটি টকা মানহানি গোচৰ দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউডিএফ বিধায়ক কৰিম উদ্দিন বৰভূঞাই তেওঁ কয়– নিজৰ বিধায়ক ধৰি ৰাখক কংগ্ৰেছে৷ ভাল ব্যৱহাৰ কৰক৷ ঈদৰ পাছত কংগ্ৰেছ এৰি কেইবাজনো বিধায়কে ইউডিএফত যোগ দিব৷ বিৰোধী দলপতিজনে মোৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভত প্ৰতিটো শব্দৰ বিপৰীতে উত্তৰ দিছোঁ৷ তেওঁ মোৰ বিৰুদ্ধে মানহানিৰ গোচৰ দিয়া কথাটোৱে নিশ্চিত কৰিছে যে তেওঁ বিজেপিৰ ওচৰত বিধায়ক বিক্ৰীৰ এজেণ্ট আছিল৷ চি এন এফ আছিল ভূপেন বৰা৷ বিধায়িনী দলৰ নেতা হিচাপে তেওঁ এজন ব্যৰ্থ নেতা৷ বিধায়কসকলক তেওঁ ধৰি ৰাখিব নোৱাৰাটো তেওঁৰ ব্যৰ্থতা৷ ইফালে,ৰিপুণ বৰাই কংগ্ৰেছ ত্যাগ কৰা সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়– ৰিপুণ বৰাই দলৰ বিৰুদ্ধে বহু অভিযোগ আনিছে৷ কিন্তু তেৱোঁ ধোৱা তুলসীৰ পাত নহয়৷ তেওঁক ক্ষমতা লাগে৷ এসময়ত তেওঁ অসম আন্দোলনৰ নেতা আছিল৷ পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছত জড়িত হৈছিল৷ দলে তেওঁক বহুখিনি দিছে৷ তেওঁৰ নেতৃত্বতে দলৰ বিপৰ্যস্ত হৈছে৷