Logo
image

এছক’ৰ্টৰ গাড়ীৰ পৰা ছিটিকি পৰি নিৰাপত্তাৰক্ষীৰ মৃত্যু

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

আমাৰ অসম, ২১ এপ্ৰিলঃ তামুলপুৰ জিলাৰ এঘাৰ মাইলত মঙলবাৰে নিশা প্ৰায় ১১ বজাত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ এছক’ৰ্ট পাইলট বাহনখন [এ এছ-১৬ ই-৫০৮২] দুৰ্ঘটনাগ্ৰস্ত হয়৷ শোকাৱহ পথ দুৰ্ঘটনাত এজন আৰক্ষীৰ জোৱান থিতাতে নিহত হোৱাৰ উপৰি আন দুজন আৰক্ষীৰ জোৱান আৰু গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হয়৷ নিহত জোৱানজন নলবাৰী জিলাৰ অন্তৰ্গত বৰখানাজান নিবাসী ধৰণী কলিতাৰ সন্তান ৰাজু কলিতা [৩৩]আৰু আহত আৰক্ষীৰ জোৱান দুজন টিহুৰ ঘোপাৰ ব্ৰজেন ৰাজবংশী,পাটাছাৰকুছিৰ উৎপল পাটগিৰি আৰু গাড়ীখনৰ চালক ৰঙিয়াৰ দেউলকুছিৰ প্ৰকাশ বড়ো বুলি জানিব পৰা গৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি বিটিচি প্ৰধান প্ৰমোদ বড়ো মাজবাটৰ পৰা আহি তামুলপুৰ হৈ  ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথেৰে ৰঙিয়া অভিমুখে গৈ আছিল৷ বিটিচি প্ৰধানজনৰ গাড়ীৰ পিছে পিছে গৈ থকা কনভয়ৰ এখন গাড়ী তামুলপুৰৰ এঘাৰ মাইল পোৱাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত লুটিবাগৰ মাৰে৷ ফলত ২৪ নম্বৰ অসম আৰক্ষীৰ জোৱান ৰাজু কলিতা, ব্ৰজেন ৰাজবংশী,উৎপল পাটগিৰী আৰু গাড়ীখনৰ চালক প্ৰকাশ বড়ো গুৰুতৰভাৱে আহত হয়৷  সেই সময়ত দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ বাহিৰে বাকী কেইখন গাড়ী কিছু দূৰ গৈ পাইছিল৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰি বিটিচিপ্ৰধান বড়ো সহিতে আটাইকেইজন লোক ঘটনাস্থলীলৈ উভতি আহে৷ ঘটনাৰ খবৰ লাভ কৰি তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক পংকজ যাদৱৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়৷ বিটিচি প্ৰধান বড়োৰ তৎপৰতাত আৰু আৰক্ষীৰ সহযোগত গুৰুতৰভাৱে আহত তিনিওজন আৰক্ষীৰ জোৱান আৰু চালকজনক ততাতৈয়াকৈ ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হয়৷ কিন্তু আৰক্ষীৰ জোৱান ৰাজু কলিতাই হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ ইপিনে,গুৰুতৰভাৱে আহত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়৷ ইপিনে বিটিচি প্ৰধান   বড়োৱে এই দুৰ্ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে৷ বড়োৱে নিহত আৰক্ষীৰ জোৱান ৰাজু কলিতাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইয়াৰ উপৰি প্ৰমোদ বড়োৱে আহত তিনিওজন জোৱানৰ আশু আৰোগ্য কামনা কৰিছে৷ বিটিআৰ চীফ বড়োৱে গাড়ীখনৰ দুৰ্ঘটনা সম্পৰ্কত কয় যে,আহত চালকজন সুস্থ হৈ উঠিলেহে আচল কথা গম পাম৷ ইতিমধ্যেই তামুলপুৰ আৰক্ষীক দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত কৰিব দিছো৷ তদন্তৰ অন্ততহে শোকাৱহ দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিব পৰা হ’ব৷ দুৰ্ঘটনাত নিহত জোৱানজনৰ পৰিয়ালৰ স’তে সদায় থিয় দি যাব বুলিও কয় প্ৰমোদ বড়োৱে৷ উল্লেখযোগ্য যে ৰাজু কলিতা নামৰ জোৱানজন আজি দুবছৰ ধৰি তেওঁৰ সৈতে কাম কৰি আছিল৷ নিহত আৰক্ষী জোৱানজনৰ আকস্মিক মৃত্যুত নলবাৰীত শোকৰ ছাঁ পৰিছে৷ ইপিনে,নিহত জোৱান ৰাজু কলিতাৰ বাসগৃহত আজি দুপৰীয়া বিটিআৰপ্ৰধান প্ৰমোদ বড়ো উপস্থিত হৈ জোৱানজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ আনহাতে,ৰাজু কলিতাৰ পৰিয়ালবৰ্গলৈ প্ৰমোদ বড়োৱে তৎকালীনভাবে প্ত লাখ টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে৷

তামুলপুৰৰ এঘাৰ মাইলত মঙলবাৰে নিশা দুৰ্ঘটনাত পতিত হোৱা বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ এখন এছক’ৰ্ট গাড়ীত তিনিজন দেহৰক্ষীৰ লগতে এজন চালকক সংকটজনক অৱস্থাত ৰঙিয়াৰ স্বস্তি হাস্পতালত ভৰ্তি কৰোৱা হয়৷ ইয়াৰ মাজৰে এজন দেহৰক্ষীৰ মৃত্যু হয়৷ মৃত দেহৰক্ষী হৈছে ৰাজু কলিতা [৩৩],ঘৰ নলবাৰীত৷ ইতিমধ্যে বাকী তিনিজনক সংকটজনক অৱস্থাত স্বস্তি হাস্পতালৰ আই চি ইউত চিকিৎসা প্ৰদান কৰি থকা হৈছে৷ চিকিৎসাধীন তিনিজন হৈছে ৰঙিয়া দেউলকুছিৰ প্ৰকাশ বড়ো,পাটাছাৰকুছিৰ উৎপল পাটগিৰি আৰু টিহুৰ ঘোপাৰ ব্ৰজেন ৰাজবংশী৷  চিকিৎসাধীন দেহৰক্ষী তথা চালকজন সম্প্ৰতি বিপদমুক্ত বুলি চিকিৎসকে জানিব দিয়ে৷