Logo
image

আইনী জটিলতাত কাগজ কলৰ বিক্ৰী, মৃতৰ সংখ্যা ১০৩লৈ বৃদ্ধি

আমাৰ অসম, ২১ এপ্ৰিলঃ নগাঁও আৰু কাছাৰ কাগজ কলৰ সা-সম্পত্তি নিলামৰ মাধ্যমেৰে অসম চৰকাৰলৈ অহা বুলি দিছপুৰে ঘোষণা কৰিলে যদিও আজি পৰ্যন্ত কাগজ কলৰ দুৰ্ভগীয়া কৰ্মচাৰীসকলে প্ৰাপ্য বকেয়াৰ ফুটা কড়ি এটাও লাভ কৰা নাই৷ ফলত ৬৩ মাহ ধৰি দৰমহা বঞ্চিত কাগজ কলৰ কৰ্মচাৰীয়ে অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসা অবিহনে তিলতিলকৈ যেন মৃত্যুৰ ক্ষণ গণিছে৷ এইবাৰ ধনৰ অভাৱত উন্নত চিকিৎসা লাভ নকৰাৰ পৰিণতিত বৃক্ক ৰোগত আক্ৰান্ত হৈ কাছাৰ কাগজ কলৰ এজন কৰ্মচাৰীৰ মৃত্যু হয়৷ সোমবাৰে নিশা ১০ বজাত নিয়তিৰ ওচৰত হাৰ মানে ৫৮ বছৰ বয়সীয়া ৰাজেন্দ্ৰ কুমাৰ নামৰ কৰ্মচাৰীজনে৷ ফলত বিনা বেতনেৰে মৃত্যু হোৱা কাগজ কলৰ কৰ্মচাৰীৰ সংখ্যা ১০৩জনলৈ বৃদ্ধি পালে৷ লক্ষণীয়ভাৱে ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে ১৮জন কৰ্মচাৰী মৃত্যুমুখত পৰিছে৷ দৰমহা লাভ নকৰাৰ ফলত পৰিয়াল পোহপাল দিব নোৱাৰি কাগজ কলৰ ৪জন কৰ্মচাৰীয়ে ইতিপূৰ্বে আত্মহত্যাৰ পথও বাছি লৈছে৷ উল্লেখ্য,লিকুইডেটৰ কুলদীপ বাৰ্মাই আহ্বান জনোৱা নিবিদাত অংশ লৈ বিগত ২৮ মাৰ্চত অসম চৰকাৰে ৩৭৫ কোটি টকাৰ বিপৰীতে কাগজ কল দুটাৰ ভূমি-সম্পত্তি ক্ৰয়ৰ যোগ্যতা অৰ্জন কৰিছে৷ খোদ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম চৰকাৰে নিবিদাত যোগ্যতা অৰ্জন কৰাৰ কথা ৰাজহুৱা কৰিলেও কাগজ কলৰ ভূমি-সম্পত্তিৰ মালিকীস্বত্বৰ ক্ষেত্ৰত আইন জটিলতা এতিয়াও অন্ত পৰা নাই৷ কিয়নো লিকুইডেটৰৰ এই নিবিদা প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি ঠিকাদাৰী সংস্থা জয় বৰ্ধমান খনিজ প্ৰাইভেট লিমিটেডে নেশ্বনেল কোম্পানী ল এপীলেট ট্ৰিবিউনেলত নতুনকৈ এটা গোচৰ ৰুজু কৰিছে৷ বিগত ১৮ এপ্ৰিলত গোচৰটোৰ শুনানি হয় যদিও ন্যায়াধীকৰণে দুসপ্তাহৰ পাছত শুনানিৰ দিন ধাৰ্য কৰিছে৷ লক্ষণীয় বিষয়টো হৈছে পূৰ্বতে নেশ্বনেল কোম্পানী ল এপীলেট ট্ৰিবিউনেলে অসমৰ দুয়োটা কাগজ কলক পুনৰুজ্জীৱিত [Going Concern]অৰ্থাৎ কাৰ্যক্ষম কৰিহে লিকুইডেটৰ কুলদীপ বাৰ্মাক নিলাম কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু লিকুইডেটৰে কল দুটা পুনৰুজ্জীৱিত কৰাৰ পৰিৱৰ্তে পূৰ্বৰ ১,১৩৯ কোটি টকাৰ পৰা কল দুটাৰ মূল্য ৩৭৫ কোটি টকালৈ হ্ৰাস কৰি বিক্ৰীৰ নিবিদা জাৰি কৰে৷ অৱশ্যে এই নিবিদাত অসম চৰকাৰে যোগ্যতা অৰ্জন কৰি লিকুইডেটৰক ৩৭৫ কোটি টকা জমা দিলেও কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব লাগিব নে নালাগে সেয়া এন চি এল এ টিয়েহে চূড়ান্ত সিদ্ধান্ত ল’ব৷ যাৰ ফলত স্বাভাৱিকতেই নতুনকৈ ঠিকাদাৰী সংস্থা এটাই উক্ত নিদিবাৰ বিৰোধিতাই ট্ৰিবিউনেলৰ দ্বাৰস্থ হোৱা কাৰ্যই কাগজ কলৰ ভৱিষ্যতক লৈ আইনী জটিলতা আহি পৰিছে৷