Logo
image

পানী পুৰাণ!

মহানগৰবাসীলৈ এটুপি বিশুদ্ধ খোৱাপানী যোগানৰ নামত ৰাজ্য চৰকাৰে বিয়াগোম কেলেংকাৰী সংঘটিত কৰিছে৷ আজি এই অভিযোগ মই ৰাজহুৱাকৈ উত্থাপন কৰিছোঁ৷ একেৰাহে ২১ বছৰ গুৱাহাটীৰ এটা সমষ্টিৰ বিধায়ক আৰু অতিকৈ শক্তিশালী আৰু প্ৰভাৱশালী মন্ত্ৰী হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাইজক আজিলৈকে এটোপা বিশুদ্ধ পানী খুৱাব নোৱৰাটো কিমান ডাঙৰ অপৰাধ সেই কথা তেওঁ মানি নল’লেও গুৱাহাটীৰ সচেতন মহলে নিশ্চয় ভালকৈয়ে বুজি উঠিছে৷ বছৰ বছৰ ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা আৰু বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁৰ মন্ত্ৰিত্বৰ কালতে আৰম্ভ কৰা পানী যোগান প্ৰকল্পৰ পানী আজি ১৩ বছৰে ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীক খুৱাব নোৱাৰিলে৷ সেইজন মানুহে এতিয়া গুৱাহাটী পৌৰ নিগমৰ ভোটৰ লালসাত ৰাইজক আকৌ জীয়াফাঁকি দিছে যে জুলাইৰ দুৰ্ভাগ্যজনক কথা যে হাজাৰ হাজাৰ কোটি টকাৰ ব্যয়েৰে গুৱাহাটীৰ মেট্ৰ’পলিটান এলেকাৰ নাগৰিকলৈ নাগৰিকে বলে পৰা দৰত,বিশ্বাসযোগ্য,নিৰাপদ,উচ্চ-চাপযুক্ত আৰু অহৰ্নিশে যোগানক্ষম বিশুদ্ধ পানী যোগানৰ বাবে সমগ্ৰ মহানগৰীত কাহানিবাই আৰম্ভ কৰা তিনিটাকৈ বৃহৎ বৃহৎ পানী যোগান প্ৰকল্পৰ এটাও আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল৷ ২০০৯ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শাসনকালত আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ন্যস্ত থকা সময়তে এই প্ৰকল্পকেইটাৰ কাম আৰম্ভ কৰা হৈছিল৷ তাৰে এটা জাপানৰ ‘জাইকা’(JICA)ৰ সহযোগত,এটা ‘এছিয়ান ডেভেলপমেণ্ট বেংক’(ADB)ৰ সহযোগত আৰু তৃতীয়টো ‘জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছন’(JNNURM)ৰ পুঁজিৰে আৰম্ভ কৰা হৈছিল৷ ২০২১ চনৰ ১৩ ডিচেম্বৰত ৰাজ্যসভাত মই গুৱাহাটী মহানগৰীৰ নাগৰিকৰ বাবে পানী যোগান আঁচনি সন্দৰ্ভত উত্থাপন কৰা ১৭০৮নং প্ৰশ্নৰ কথা আপোনালোকক পুনৰ জনাই ক’ব খুজিছোঁ– আমাৰ প্ৰশ্নটোৰ উত্তৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হ’ল যে বিভিন্ন কাৰণত উত্তৰ গুৱাহাটীকে ধৰি বৃহত্তৰ গুৱাহাটীত আৰম্ভ কৰা মুঠ চাৰিটা পানী যোগান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিব পৰা হোৱা নাই৷ ইয়াৰ মূল কাৰণ হিচাপে কোৱা হ’ল যে ৰে’ল বিভাগ, ৰাষ্ট˜ীয় ঘাইপথ প্ৰাধিকৰণ আৰু অসমৰ গড়কাপ্তানি বিভাগে প্ৰয়োজনীয় অনুমতি দিয়াত বিলম্ব ঘটাইছিল৷ ইয়াৰ উপৰি চৰকাৰে হাস্যকৰভাৱে আৰু এটা কাৰণ দাঙি ধৰিছে৷ সেইটো হ’ল ক’ভিড-১৯এ সৃষ্টি কৰা ভয়াৱহতা৷ এইটো কাৰণ এই কাৰণেই হাস্যকৰ যে ক’ভিড-১৯১ ভয়াৱহতাৰ বহু আগেয়েই এই প্ৰকল্পকেইটা সম্পূৰ্ণ হৈ গুৱাহাটীবাসীয়ে ঘৰে ঘৰে পানী পাব লাগিছিল৷ এইটোৱে ইয়াকেই স্পষ্ট কৰি তুলিছে যে আচলতে চৰকাৰে প্ৰকৃত সত্য ৰাইজৰ আগত দাঙি ধৰাতকৈ ব্যৰ্থতা ঢাকিবলৈ বহু সঁচা কথা লুকুৱাবলৈ আপ্ৰাণ চেষ্টা চলোৱাত লাগিছে৷ ৰাজ্যসভাৰ শেহতীয়া অধিৱেশনতো মই সংসদৰ ‘শূন্য’কালত এই বিষয়টো পুনৰ উত্থাপন কৰিছিলোঁ যদিও এতিয়ালৈকে চৰকাৰৰ উত্তৰ পোৱা নাই৷ মুঠ ৩৪৯.৭০ কোটি টকা ব্যয়সাপেক্ষে ‘জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছন’ (JNNURM)ৰ পুঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ১৮ ফেব্ৰুৱাৰী,২০০৯তেই অৰ্পণ কৰা হৈছিল ‘গেমন ইণ্ডিয়া লিমিটেড’ক৷ সেই সময়ত চৰকাৰ আছিল কংগ্ৰেছৰ৷ বিভাগীয় মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা৷ ইয়াৰ ১১ বছৰৰ পাছত,অৰ্থাৎ ২০২০ চনৰ ৩০ নৱেম্বৰত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অভিলাষী প্ৰকল্পটোৰ প্ৰথমটো কাৰ্যক্ষম গোটৰ শুভাৰম্ভ কৰিছিল৷ এই প্ৰথমটো কাৰ্যক্ষম গোটৰ পৰিশোধিত পানী কামাখ্যা বিতৰণ এলেকাৰ ‘Disrict Metering Area [DMD]’১,২,৩ আৰু ৪ৰ অন্তৰ্গত অঞ্চলবোৰত যোগান ধৰিব লাগিছিল৷ উল্লেখ্য, প্ৰকল্পটোৰ মতে এই ৪ টা DMA ৰ অধীনৰ এলেকাসমূহ হ’ল– এ টি ৰোডৰ সোঁফালে থকা কালিপুৰ,মূল মালিগাঁও চাৰিআলি,কামাখ্যা ক’লনী,পাণ্ডুৰ সম্পূৰ্ণ এলেকা,বৰিপাৰা, কামাখ্যা নগৰ,পাণ্ডৱ নগৰ,আনন্দ নগৰ,শংকৰ নগৰ,জয়মতী নগৰ আৰু আদাবাৰী অঞ্চলকে ধৰি ভূতনাথৰ পৰা মালিগাঁও চাৰিআলিলৈ এক বিশাল অঞ্চল৷ কিন্তু এতিয়া প্ৰশ্নটো হ’ল, ২০২০ চনৰ নৱেম্বৰৰ পৰা এই অঞ্চলৰ বাসিন্দা পৰিয়ালবোৰে প্ৰকল্পটোৰ পৰা বিশুদ্ধ আৰু নিৰাপদ পানীৰ যোগান পাই আছেনে? যদি নাই পোৱা,তেন্তে ২০২০ চনৰ নৱেম্বৰত ধুমধামেৰে উদ্বোধন কৰা সেই একেটা প্ৰকল্পৰ প্ৰথমটো গোটৰ পানী সমগ্ৰ অঞ্চলটোৰ ৰাইজে পাব বুলি কৰা ঘোষণা কি হ’ল? আৰু যদি পায়েই আছে, তেন্তে সৌ-সিদিনা আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুলাইৰ পৰা সেই একেটা প্ৰকল্পৰ পানী অঞ্চলটোৰ ৫,০০০ পৰিয়ালক যোগান ধৰা হ’ব বুলি কৰা ঘোষণা চূড়ান্ত মিথ্যাচাৰ নহৈ কি? কোনটো সঁচা,কোনটো মিছা গুৱাহাটীৰ ৰাইজে জানিব লাগিব৷ আকৌ,ফাঁকি ধৰা পৰে কেনেকৈ চাওক– মুখ্যমন্ত্ৰীয়ে ক’লে জুনৰ পৰা পানী পাব আৰু তাৰ আগতে বিধানসভাৰ মজিয়াত বৰ্তমানৰ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কৈছিল– জুলাইৰ পৰা পানী যোগান ধৰা হ’ব৷ ইয়াতো কোনটো সঁচা,কোনটো মিছা গুৱাহাটীৰ ৰাইজে উত্তৰ পাব লাগিব৷ এইখিনিতে বান্দৰে কল খাই বাকলি দলিওৱা কথাষাৰলৈ মনত পৰিছে৷ নেতাই কল খায়েই আছে আৰু ৰাইজে বছৰ বছৰ ধৰি বাকলি হাতত লৈয়ে সন্তুষ্ট আছে৷ সেয়ে হোৱাত নেতাসৱৰ উৎপাত বাঢ়ি গৈয়ে আছে৷ গুৱাহাটী মহানগৰৰ বাকী দুটা,মধ্য গুৱাহাটী আৰু পূব গুৱাহাটীৰ পানী যোগান প্ৰকল্প দুটাও আজিলৈকে নিৰ্মাণ সম্পূৰ্ণ নোহোৱাকৈ ওলমি আছে,পানী যোগান দূৰৈৰ কথা! এই দুটা প্ৰকল্পৰ নিৰ্মাণ ব্যয়ো বৃহৎ বৃহৎ অংকৰ আছিল৷  ৩৪৯.৭০ কোটি টকাৰ প্ৰকল্পটোৰ বিষয়ে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ,কিন্তু পূব আৰু মধ্য গুৱাহাটীৰ প্ৰকল্পৰ নামত কিমান টকা ধাৰ্য হৈছিল,ক’ত কিমান খৰচ হৈছে আদি কথা নাগৰিকৰ জনাৰ উপায় নাই৷ আমি জনাত তিনিওটা প্ৰকল্পৰ নামত এহাজাৰ [১০০০] কোটি টকাতকৈও অধিক টকাক লৈ চৰকাৰ সম্পূৰ্ণ নিমাত৷ অন্ধকাৰত সুমুৱাই ৰাখিছে নাগৰিকক৷ জালুকবাৰী সমষ্টিৰ বিধায়ক তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ উপৰি দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা,পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পূব গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটীবাসীৰ পানীৰ এই ভয়ানক সমস্যাক লৈ নিমাত কিয়? লাজ লগা কথা যে চৰকাৰক এখন ‘শ্বেতপত্ৰ’প্ৰকাশ কৰিবলৈ দাবী তোলাৰো শক্তি আৰু সাহস নাই এইকেউজন তথাকথিত জন-প্ৰতিনিধিৰ!মুখ্যমন্ত্ৰীয়ে বেয়া পাব,গাদী যাব! মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰি ৰখাটোৱেই এতিয়া যিহেতু ৰাজনীতি!! চৰকাৰে প্ৰকৃত সত্য ৰাইজৰ পৰা লুকুৱাবলৈ কৰা অপপ্ৰয়াসেই প্ৰমাণ কৰিছে যে এই পানী যোগান প্ৰকল্পকেইটাৰ নিৰ্মাণত ব্যাপক হাৰত অৰ্থনৈতিক কেলেংকাৰী আৰু সাংঘাতিকধৰণে অনিয়ম সংঘটিত হৈছে৷ তাৰ পৰিণতি ভুগিবলগীয়া হৈছে গুৱাহাটীৰ লাখ লাখ নাগৰিকে৷ এই কেউটা পানী যোগান প্ৰকল্পৰ নামত শ শ কোটি টকা ইতিমধ্যে ব্যয় কৰাৰ পাছতো গুৱাহাটীৰ নাগৰিকে যোৱা ১৩ বছৰে এটোপাল বিশুদ্ধ পানী লাভ নকৰাটো চৰকাৰখনৰ বাবে কিমান লজ্জাজনক ব্যৰ্থতা সেয়াও আজি স্পষ্ট হ’ল৷ ‘মই এই বিষয়টো লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছোঁ আৰু গুৱাহাটীৰ নাগৰিকে যাতে যথাসম্ভৱ সোনকালে এটুপি বিশুদ্ধ খোৱাপানী পাব পাৰে তাৰ বাবে তেওঁৰ হস্তক্ষেপ দাবী কৰিছোঁ৷’ সমগ্ৰ বিষয়টোক লৈ ‘শ্বেতপত্ৰ’ও দাবী কৰিছোঁ৷ গুৱাহাটী এনে এখন মহানগৰী য’ত নাগৰিকৰ অভাৱ-অভিযোগ আঁতৰাবলৈ,নাগৰিকৰ সকলোধৰণৰ যত্ন ল’বলৈ দুটাকৈ কৰ্তৃত্বশীল সংস্থা আছে,গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ৷ তাৰ পাছতো যুগ যুগ ধৰি গুৱাহাটীবাসীয়ে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লাগিছে৷ সংসদৰ মজিয়াত চৰকাৰে নিৰ্লজ্জ দৰে স্বীকাৰ কৰি ল’বলৈ বাধ্য হৈছে যে গুৱাহাটীৰ মুঠ চাহিদাৰ মাত্ৰ ৩০ শতাংশকহে পাইপলাইনেৰে পানী যোগান ধৰি থকা হৈছে৷ কিন্তু ইয়াৰ নিৰ্মম সত্যটো হ’ল যে এই ৩০ শতাংশৰ সৰহভাগেই দিছপুৰৰ ৰাজধানী চৌহদৰ বিধানসভা চৌহদ,মন্ত্ৰী-বিধায়ক,আমোলাৰ চাহিদা পূৰাওঁতেই শেষ৷ সাধাৰণ নাগৰিক তাতো প্ৰতাৰিত,প্ৰৱঞ্চিত৷ অৰ্থাৎ গুৱাহাটী মহানগৰৰ চৰকাৰী পানী যোগান আঁচনিসমূহে অতি নগণ্যসংখ্যক সাধাৰণ নাগৰিকৰ চাহিদাহে পূৰণ কৰি আছে৷

চেন্নাই,বেংগালুৰু বা দিল্লীৰ দৰে মহানগৰীসমূহত পানীৰ উৎসৰ অভাৱ আৰু সীমাৱদ্ধতা গুৱাহাটীতকৈ বহুগুণে বেছি৷ কিন্তু তথাপি সেইবোৰ মহানগৰীত চৰকাৰে নাগৰিকক পৰ্যাপ্ত পৰিমাণৰ নিৰাপদ আৰু বিশুদ্ধ পানী নিয়মীয়াকৈ যোগান ধৰি থাকিব পাৰিছে৷ দুখ আৰু আ(ৰ্যৰ কথা যে গুৱাহাটীৰ বুকুৱেদি ১২ মাহেই অপৰ্যাপ্ত পৰিমাণৰ পানীৰে বিশাল ব্ৰহ্মপুত্ৰ নদ বৈ যোৱাৰ পাছতো গুৱাহাটীবাসী ৰাইজৰ বাবে বিশুদ্ধ পানী যোগানৰ ব্যৱস্থা নহ’ল৷ ব্ৰহ্মপুত্ৰৰ পৰা পানী তুলি,পৰিশোধন কৰি নাগৰিকৰ মাজত বিতৰণ কৰিবলৈ কোনো বহু উচ্ছস্তৰীয় প্ৰযুক্তি কৌশলৰ প্ৰয়োজন নাই,প্ৰয়োজন কেৱল ইচ্ছাশক্তি আৰু দুৰ্নীতিমুক্ত এটা মনৰ৷ 

শুনিলে হাঁহি উঠে,এতিয়া চৰকাৰে ঘোষণা কৰিছে যে ২০২৪ চনৰ মাৰ্চৰ ভিতৰত দেশৰ প্ৰতিখন গাঁৱৰ বাসিন্দাক চৰকাৰে বিশুদ্ধ আৰু নিৰাপদ পানীৰ যোগান ধৰিব!গাঁও বাদ দিয়ক,নগৰ বা চহৰ বাদ দিয়ক,এখন ‘বি-ক্লাছ’মহানগৰীৰ মানুহক এটুপি বিশুদ্ধ পানীৰ যোগান ধৰিব নোৱৰা চৰকাৰৰ মুখত এনে কথা শোভা নাপায়৷ ‘ফাঁকি আৰু বাকী’ৰে সদায় মানুহক মূৰ্খ সজাব খোজাটোৱেই চূড়ান্ত মূৰ্খামি৷