বিবদমান অৰুণাচল সীমান্ত পৰিদৰ্শন কৰিব বিশেষ কমিটীয়ে
কইনাধৰাত দুই মুখ্যমন্ত্ৰীৰ বৈঠক
আমাৰ অসম, ২১ এপ্ৰিলঃ অসম-মেঘালয়ৰ পাছত এইবাৰ অসম-অৰুণাচলৰ সীমা সমস্যাৰ সমাধানৰ অৰ্থে আজি গুৱাহাটীৰ খানাপাৰাৰ এক নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হ’ল মুখ্যমন্ত্ৰী পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠক৷ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত অনুষ্ঠিত দুয়ো ৰাজ্যৰ সীমা বিবাদ নিৰ্মূলৰ এই বৈঠকত সীমা সমস্যাৰ এক ইতিবাচক সমাধানৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ পৰা জিলা পৰ্যায়ৰ সমিতি গঠনৰ সিদ্ধান্ত লোৱা হয়৷ বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আজিৰ দিনটো গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন৷ সঘনাই চলি থকা সীমা আগ্ৰাসনৰ বিষয়টোৱে স্থান পাল আজিৰ বৈঠকত৷ সৌহাদ্যপূৰ্ণ আলোচনা হৈছে৷ ১২৩খন গাঁওক কেন্দ্ৰ কৰি এই আলোচনা হয়৷ মেঘালয়ৰ দৰে অৰুণাচল আৰু অসম ১২খনকৈ ৰিজ’নেল সমিতি গঠন হ’ব৷ ১০-১২ দিনৰ ভিতৰতে গঠন হ’ব এই সমিতিসমূহ৷ সমিতি সমূহে সীমা পৰিভ্ৰমণ কৰিব৷ ঐতিহাসিক আৰু প্ৰশাসনিক সকলো বিষয় চালিজাৰি চোৱা হ’ব৷ আদালতত গোচৰ চলি থকাৰ পিছতো দুই মুখ্যমন্ত্ৰীৰ সদ্ভাৱৰ বাবে এই আলোচনা হৈছে৷ মেঘালয়ৰ দৰেই এই সমস্যাৰ সমাধান হ’ব৷ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চাৰ্ভে অৱ ইণ্ডিয়াৰ সহায় ল’ব অসম আৰু অৰুণাচল প্ৰদেশে৷ ইফালে,বুধবাৰৰ এই বৈঠকক ঐতিহাসিক আখ্যা দিয়ে ৰাজ্যৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই৷ তেওঁ কয় য়ে অসম-অৰুণাচলৰ ১২৩খন বিবদমান গাঁও চিহ্নিত হৈছে৷ দুই ৰাজ্যৰ দ্বিপাক্ষিক বৈঠকত পাৱাৰ পইণ্টৰ জৰিয়তে চিনাক্ত কৰা হয় বিবদমান অঞ্চলসমূহ৷ সঘনাই সংঘৰ্ষ সংঘটিত হৈ থকা সীমামুৰীয়া অঞ্চলৰ বিষয়েও আলোচনাই স্থান পায় এই দ্বিপাক্ষিক বৈঠকত৷ দুয়োখন ৰাজ্যৰ বিবদমান অঞ্চলৰ তালিকাত অসমতকৈ অৰুণাচল প্ৰদেশৰ জিলা সৰ্বাধিক৷ দুইখন ৰাজ্যৰ সীমা সমস্যা নিৰ্মূলৰ বাবে কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত গঠন হ’ব ১২খনকৈ আঞ্চলিক কমিটী৷ অৰুণাচল প্ৰদেশ চৰকাৰেও গঠন কৰিব ১২খন আঞ্চলিক কমিটী৷ সীমা সমস্যা সমূহৰ কমিটীত থাকিব বিভিন্ন জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষক৷ কমিটি গঠনৰ পূৰ্বে মুখ্যমন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত হ’ব কেইবালানি বৈঠক৷ আগন্তুক ১০ দিনৰ ভিতৰত গঠন হ’ব এই ১২খন আঞ্চলিক কমিটী৷ বিবদমান অঞ্চলসমূহ পৰিদৰ্শনৰ অন্তত স্থানীয় আয়োগক দাখিল কৰিব লাগিব এই সম্পৰ্কীয় এই তথ্য৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ ৮ জিলা ক্ৰমে শোণিতপুৰ,ওদালগুৰি,বিশ্বনাথ, লখিমপুৰ,ধেমাজি,তিনিচুকীয়া,ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ মুঠ ৮৩৯৫.২৫ হেক্টৰ মাটিত অৰুণাচলৰ বেদখল থকাৰ অভিযোগ আছে৷