Logo
image

গৰম আহিল, ঠাণ্ডা পানী খোৱাটো ক্ষতিকাৰক নেকি?

সাধাৰণতে গৰমৰ দিনকেইটাত তৃষ্ণা দূৰ কৰিব বাবে ফ্ৰীজত ৰখা ঠাণ্ডা পানী খোৱাটো বহুতৰে অভ্যাস৷ ঠাণ্ডাপানীয়ে তৃষ্ণা দূৰ কৰে বুলি ভবা হয় যদিও ই স্বাস্থ্যৰ বাবে কেইবাটাও কাৰণত ক্ষতিকাৰক বুলি বিবেচিত হৈছে৷ 

ঠাণ্ডা পানী খোৱাৰ ক্ষতিকাৰক দিশ

১. হূদস্পন্দনৰ গতিবেগ কমি যাব পাৰেঃ ঠাণ্ডাপানী খোৱাৰ ফলত হূদস্পন্দনৰ গতি হ্ৰাস পাব পাৰে৷ গৱেষণাত পোহৰলৈ আহিছে যে ঠাণ্ডাপানী সেৱন কৰিলে শৰীৰৰ ভেগাছ নাৰ্ভ উদ্দীপিত হৈ উঠে৷ যাৰ বাবে হূদস্পন্দনৰ গতি হ্ৰাস পায়৷

২. কঠোৰ পৰিশ্ৰমৰ অন্তত ঠাণ্ডাপানী খোৱা উচিত নহয়ঃ কঠোৰ পৰিশ্ৰম কৰাৰ অন্তত ঠাণ্ডা পানী কেতিয়াও খোৱা উচিত নহয়৷ বিশেষকৈ গৰমকালী শৰীৰ চৰ্চাৰ পাছত ঠাণ্ডা পানী খোৱাটো বহুতৰে এটা সাধাৰণ অভ্যাস৷ বিশেষজ্ঞৰ মতে কোনো কাম বা শৰীৰ চৰ্চাৰ পাছত কুহুমীয়া পানীহে সেৱন কৰিব লাগে৷ শৰীৰ চৰ্চাৰ সময়ত শৰীৰত প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হয়৷ তেনে অৱস্থাত ঠাণ্ডা পানী সেৱন কৰিলে শৰীত তাপমাত্ৰাৰ তাৰতম্য হয়৷ ফলত হজম শক্তিত প্ৰভাৱ পৰে৷ আনহাতে শৰীৰ চৰ্চাৰ পাছতে ঠাণ্ডা পানী সেৱন কৰিলে পেটৰ অসুখত ভুগিব পাৰে৷ 

৩. কোষ্ঠকাঠিন্যৰ সমস্যাঃ হজম প্ৰক্ৰিয়াক স্বাভাৱিক অৱস্থাত ৰাখিবৰ বাবে কুহুমীয়া পানী সেৱন কৰাটো অত্যন্ত প্ৰয়োজনীয়৷ ঠাণ্ডা পানী সেৱন কৰাৰ ফলত হজম শক্তি হ্ৰাস পায় আৰু কোষ্ঠকাঠিন্যই দেখা দিব পাৰে৷ এনেদৰে ঠাণ্ডাপানী সেৱনৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছে যদিও পৰা পক্ষত ঠাণ্ডা পানীৰ পৰিৱৰ্তে কুহুমীয়া পানীহে খোৱাৰ অভ্যাস কৰিব লাগে৷ 

ঠাণ্ডা পানী সেৱন কৰাৰ উপকাৰিতা

ঠাণ্ডাপানী সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি কোৱা হৈছে যদিও ইয়াৰ কেইবাটাও উপকাৰিতাও আছে৷

ব্যায়াম বা শশীৰ চৰ্চাৰ পাছত দেহত তাপ মাত্ৰা বৃদ্ধি পায়৷ শশীৰ চৰ্চাৰ পাছত ঠাণ্ডা পানী খালে শৰীৰ অতিৰিক্ত তাপ মাত্ৰাক প্ৰতিৰোধ কৰাত সহায় কৰে৷ 

১. ঠাণ্ডা পানী খালে শৰীৰ শক্তি বৃদ্ধি পায়৷

২.অতিৰিক্ত ওজন হ্ৰাস কৰাত ঠাণ্ডা পানীয়ে সহায় কৰে৷