Logo
image

পাকিস্তানত ৫গৰাকী মহিলা মন্ত্ৰীৰ শপত

শ্বেহবাজ শ্বৰীফ মন্ত্ৰীসভাত ‘বয়জ ক্লাব’ৰ সংস্কৃতি আঁতৰিল

আমাৰ অসম, ২১ এপ্ৰিলঃ পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ পদত স্থান লাভ কৰিছে কেইবাগৰাকী মহিলাই৷ মন্ত্ৰীসভাৰ পাঁচটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পাঁচগৰাকী মহিলাই লাভ কৰাৰ পাছতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে৷ উল্লেখ্য,পূৰ্বৰ ইমৰান খানৰ মন্ত্ৰীসভাত আছিল পুৰুষৰ আধিপত্য৷ কিন্তু মঙলবাৰে শ্বেহবাজ শ্বৰীফৰ ৩৭জনীয়া সদস্যৰ শক্তিশালী ফেডাৰেল কেবিনেটে শপতগ্ৰহণ কৰে৷ এই মন্ত্ৰীসকলৰ ৩১জন হৈছে কেবিনেট মন্ত্ৰী,৩জন হৈছে ৰাজ্যমন্ত্ৰী আৰু চাৰিজন হৈছে প্ৰধানমন্ত্ৰীৰ উপদেষ্টা৷ কিন্তু তেওঁলোকৰ ভিতৰত পাঁচগৰাকী মহিলাই গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব লাভ কৰে৷ পাকিস্তান পিপ্‌লছ পাৰ্টীৰ [পিপিপি] নেত্ৰী হিনা ৰব্বানি খাৰক বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে নিয়োগ কৰা হয়৷ কিন্তু বিদেশ মন্ত্ৰীৰ পদটো খালী ৰখা হৈছে৷ এই দায়িত্ব হয়তো বিলাৱাল ভুট্টোক দিয়া হ’ব৷ একেটা দলৰে ছেৰী ৰেহমানক জলবায়ু পৰিৱৰ্তন বিভাগৰ দায়িত্ব দিয়া হৈছে৷ শ্বৰীফৰ দলৰ সাংসদ মেৰীয়ম ঔৰংজেৱক তথ্য-প্ৰচাৰ বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব অৰ্পণ কৰা হয়৷ আনহাতে,পিপিপিৰ  ছাহিজা মেৰী আৰু পিএমএল-এনৰ আইশা পাশাক দিয়া হয় ক্ৰমে বেনাজিৰ ইনকাম ছাপৰ্ট প্ৰগ্ৰেম আৰু বিত্ত ৰাজ্যমন্ত্ৰীৰ দায়িত্ব৷