Logo
image

সংসদত ক্ষমা খুজিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে

লকডাউনৰ নিয়ম ভাঙি প্ৰধানমন্ত্ৰী কাৰ্যালয়ত পাৰ্টী

আমাৰ অসম, ২১ এপ্ৰিলঃ কৰ’না ভাইৰাছৰ তাণ্ডৱৰ সময়ত দেশবাসীক লকডাউনৰ মাজত আবদ্ধ ৰাখি নিজে পাৰ্টীত মচগুল হোৱা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে মঙলবাৰে সংসদত ক্ষমা খোজে৷ উল্লেখ্য,২০২০ চনৰ জুন মাহত ব্ৰিটেইনত কঠোৰ লকডাউন বলৱৎ থকাৰ সময়তে প্ৰধানমন্ত্ৰী জনছনে নিজৰ কাৰ্যালয়ত জন্মদিনৰ পাৰ্টীত ভাগ লৈছিল৷ ইয়াৰ বাহিৰেও আন কেইবাটাও পাৰ্টীত ভাগ লৈছিল তেওঁ৷ এই কথা পোহৰলৈ অহাৰ পাছতে বিৰোধী দলৰ সাংসদৰ লগতে দেশৰ জনতাৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ তেওঁৰ বিৰুদ্ধে তদন্তও হৈছিল আৰু এই তদন্তত তেওঁক দোষী সাব্যস্ত কৰি জৰিমনা বিহা হৈছিল৷ যোৱা সপ্তাহত তেওঁ ৫০ পাউণ্ড অৰ্থাৎ ৬৬ ডলাৰ জৰিমনা ভৰে৷ মঙলবাৰে হাউছ অৱ কমনছত কৃতকৰ্মৰ বাবে ক্ষমা খুজি বৰিছ জনছনে সাংসদসকলৰ আগত কয় যে তেওঁ জানি-বুজি নিয়ম ভাঙি জন্মদিনৰ পাৰ্টী অনুষ্ঠিত কৰা নাছিল৷ সেয়া আছিল ‘আশ্বৰ্যজনক’পাৰ্টী৷ উক্ত পাৰ্টীত কেক্‌ আৰু আন সামান্য বস্তুহে অছিল৷ বৰিছ জনছন হৈছে ব্ৰিটেইনৰ প্ৰথমজন প্ৰধানমন্ত্ৰী,যিয়ে শাসনকালতে নিয়ম ভংগ কৰি জৰিমনাৰ সন্মুখীন হয়৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ব্ৰিটেইনৰ আৰক্ষীয়ে এতিয়াও লকডাউনত হোৱা কেতবোৰ পাৰ্টীৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে,যিবোৰত প্ৰধানমন্ত্ৰী বৰিছ জনছন জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছে৷ গতিকে বৰিছ জনছনৰ বিপদ এতিয়াও আঁতৰা নাই৷ লকডাউনত দেশৰ জনতা বন্দী হৈ থকাৰ সময়তে বিভিন্ন পাৰ্টীত ভাগ লোৱা বৰিছ জনছনৰ পদত্যাগ দাবী কৰি আহিছে বিৰোধী লেবাৰ পাৰ্টীয়ে৷  বৰিছ জনছনৰ বিৰুদ্ধে বিৰোধীয়ে অনা বিভিন্ন অভিযোগৰ সন্দৰ্ভত বৃহস্পতিবাৰে হাউছ অৱ কমনছত বিতৰ্কৰ লগতে ভোটাদানো হ’ব৷ জনছনৰ বিৰুদ্ধে যদি পুনৰ জৰিমনাৰ শাস্তি হয়,তেওঁৰ দলৰ সাংসদসকলেই অনাস্থা প্ৰস্তাৱ আনিব পাৰে৷