Logo
image

‘আমাৰ অসম’ৰ গৌৰৱোজ্জ্বল ২৫ বছৰ সম্পূৰ্ণৰ শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আমাৰ অসম, ২১ এপ্ৰিলঃ ১৯৯৭চনৰ আজিৰ দিনটোতেই প্ৰচুৰ সম্ভাৱনা বহন কৰি জি এল পাব্লিকেশ্বন্‌ছৰ পৰা জন্ম হৈছিল ‘আমাৰ অসম’ৰ। সত্যনিষ্ঠ সাংবাদিকতাৰ বাবে নিচেই কম দিনতে ‘আমাৰ অসমে’অসমৰ পাঠক সমাজৰ পৰা অভিনৱ আস্থা অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল আৰু চকুৰ পচাৰতে ‘আমাৰ অসমে’ৰাজ্যৰ সংবাদ জগতত প্ৰতিষ্ঠা লাভ কৰিছিল৷ ‘আমাৰ অসম’ৰ এই শুভক্ষণত কাকত গোষ্ঠীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও শুভেচ্ছা জনায় সামাজিক মাধ্যমত। তেওঁ নিজৰ ফেচবুক আৰু টুইটাৰত কয় যে, ‘অসমীয়া সংবাদ ক্ষেত্রৰ পৰিচিত নাম ‘আমাৰ অসম’ৰ ৰূপালী জয়ন্তীৰ গৌৰৱময় ক্ষণত কাকত গোষ্ঠীটোৰ আটাইলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ২৫টা বসন্ত পূর্বে যিকেইগৰাকী পুৰোধা ব্যক্তিৰ চিন্তা-প্রচেষ্টাৰে কাকতখনে আত্মপ্রকাশ কৰিছিল, তেখেতসকলকো এই মুহূর্তত শ্রদ্ধাৰে সুঁৱৰিছোঁ। অবিৰত হওক এই যাত্রা।’

‘আমাৰ অসমে’ৰ এই গৌৰৱময় ক্ষণত বহুজনৰ শুভেচ্ছাৰ লগতে অসম চৰকাৰৰ জলসম্পদ, তথা জনসংযোগ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকায়েও শুভেচ্ছা জনায় সামাজিক মাধ্যমত। নিজৰ ফেচবুক আৰু টুইটাৰত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ‘১৯৯৭ চনৰ আজিৰ দিনটোতে প্ৰথম প্ৰকাশ হৈছিল অসমৰ আগশাৰীৰ বাতৰি কাকত "আমাৰ অসম"ৰ। "আমাৰ অসম" পৰিয়ালৰ সমূহ সদস্য তথা পঢ়ুৱৈ লৈ কাকতখনৰ ২৫ তম বৰ্ষপূৰ্তিৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। অনাগত দিনতো কাকত খনে সদায়ে পঢ়ুৱৈৰ সমাদৰ লাভ কৰি যাওঁক তাৰে কামনা কৰিলোঁ।’