Logo
image

অসমীয়া মুছলমানৰ সংজ্ঞা নিৰূপণৰ বৈঠক

আমাৰ অসম, ২২ এপ্ৰিলঃ অসমীয়া মুছলমানৰ সংজ্ঞা নিৰূপণ সন্দৰ্ভত বৃহস্পতিবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাগৃহত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন বৈঠক সম্পন্ন হয়৷ বৈঠকত ৰাজ্য চৰকাৰে অসমৰ খিলঞ্জীয়া মুছলমানসকলৰ আৰ্থ সামাজিক উত্তৰণৰ বাবে কেইবাটাও বিষয় সামৰি গঠন কৰি দিয়া সাতখন উপ-সমিতিয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ হাতত প্ৰতিবেদন দাখিল কৰে৷ উল্লেখ্য,মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক আলোচনাত মিলিত হৈছিল৷ সেই বৈঠকৰ সিদ্ধান্ত অনুসৰি উপ-সমিতিসমূহ গঠন কৰা হৈছিল৷ এই সমিতিসমূহক সাংস্কৃতিক অস্তিত্ব,স্বাস্থ্য,শিক্ষা,দক্ষতা উন্নয়ন,জনসংখ্যা নিয়ন্ত্ৰণ,বিত্তীয় অন্তৰ্ভুক্তি আৰু মহিলা সবলীকৰণৰ সন্দৰ্ভত অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছিল৷ এই উপ-সমিতিসমূহে তেওঁলোকৰ অধ্যয়ন সমাপ্ত কৰি অনুমোদনৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদন দাখিল কৰে৷ প্ৰতিবেদন গ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰতিবেদনখন বিভিন্ন বিভাগে পৰীক্ষা কৰিব আৰু সেই অনুসৰি ৰাজ্য চৰকাৰে ইয়াক হ্ৰস্বকালীন,মধ্যকালীন আৰু দীৰ্ঘকালীন প্ৰক্ৰিয়াৰে কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব৷ অসমৰ খিলঞ্জীয়া মুছলমানৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক সবলীকৰণৰ বাবে প্ৰথমবাৰৰ বাবে এনে ধৰণৰ পদক্ষেপ লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ বৈঠকত সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা,উপ-সমিতিসমূহৰ অধ্যক্ষ,সদস্য আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷