Logo
image

শ্বাসনলী, হাঁওফাঁও এইদৰে নিৰাপদে ৰাখক

দিনে দিনে প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পাইছে৷ বায়ু প্ৰদূষণে মানুহৰ স্বাস্থ্যত মাৰাত্মক প্ৰভাৱ পেলায়৷ প্ৰদূষণৰ ফলতে হাপানী সমস্যা বৃদ্ধি পোৱাৰ লগতে শ্বাসকষ্টজনিত ৰোগত আক্ৰান্ত হ’বলগা হয়৷ সেইবাবেই শ্বাসনলী তথা হাওঁফাওঁ ভালে ৰখাটো অত্যন্ত প্ৰয়োজনীয়৷ কিছুমান দ্ৰব্য গ্ৰহণ কৰিলে প্ৰদূষণৰ পৰা হোৱা ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পাৰি৷ চিকিৎসকে এণ্টি অক্সিডেণ্ট বৈশিষ্ট্যযুক্ত খাদ্য গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে৷ এনে খাদ্য গ্ৰহণ কৰিলে হাওঁফাওঁ নিৰাপদে ৰাখিব পাৰি৷ খাদ্য তালিকাত এইকেইটা দ্ৰব্য অন্তৰ্ভুক্ত কৰিলে বায়ু প্ৰদূষণৰ পৰা হ’ব পৰা সংক্ৰমণ বাধা দিব পাৰি৷ 

১. আদাঃ সহজে উপলব্ধ আদাৰ আছে প্ৰচুৰ পৰিমাণে ঔষধি গুণ৷ বিভিন্নধৰণৰ ৰোগ প্ৰতিৰোধত আদাই সহায় কৰে৷ আদা নিয়মীয়াকৈ খালে শ্বাসনলীত ৰৈ যোৱা বিষাক্ত পদাৰ্থ অপসাৰণ হয়৷ আদাত আছে মেগনেছিয়াম,পটাছিয়াম,বিটাকেৰ’টিন আৰু জিংকৰ লগতে ভিটামিন আৰু খনিজ পদাৰ্থ৷ আদাত থকা এই পুষ্টিকৰ উপাদানে শ্বাসনলীত হ’ব পৰা সংক্ৰমণ ৰোগ কৰাৰ লগতে বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে৷ 

২.হালধিঃ শ্বাসকষ্টজনিত অসুস্থাত ভুগিলে হালধি খাব লাগে৷ হালধি খালে হাওঁফাওঁ প্ৰাকৃতিকভাৱে পৰিষ্কাৰ হয়৷ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কেঁচা হালধিৰ গুড়ি ৰসে প্ৰচুৰ পৰিমাণে সহায় কৰে৷

৩.মৌঃ শ্বাসকষ্টৰ সমস্যাত ভুগিলে এণ্টি বেকটেৰিয়েল উপাদানেৰে পৰিপূৰ্ণ মৌ খালে তাৎক্ষণিকভাৱে উপকাৰ পাব পাৰি৷ হাওঁফাওঁ পৰিষ্কাৰ কৰাৰ লগতে কাহ-চৰ্দি আদিত ভুগিলেও মৌৰ ৰস সেৱন কৰি সুফল পাব পাৰি৷ 

৪.নহৰুঃ নহৰুত আছে বহু এণ্টিবায়টিক উপাদান৷ যাৰ বাবে বিভিন্ন সংক্ৰমণ ৰোধ কৰাত নহৰুৱে সহায় কৰে৷ শ্বাসকষ্টজনিত সমস্যাত ভুগিলে কেঁচা নহৰু কেইফোটমান খালেও ভাল ফল পাব পাৰি৷ হাওঁফাওঁৰ কেন্সাৰজনিত আশংকাও নহৰু খালে হ্ৰাস পায়৷ 

৫.গ্ৰীণ টিঃ হাওঁফাওঁ তথা শ্বাসনলী পৰিষ্কাৰ কৰি ৰখাত গ্ৰীণ টি অতি উত্তম৷ গ্ৰীণ টি নিয়মীয়াকৈ খালে ওজন নিয়ন্ত্ৰণত থকাৰ উপৰি শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷