Logo
image

মাৰিউপল দখল! ৰুছ সেনাক ধন্যবাদ পুটিনৰ

আমাৰ অসম,২২ এপ্ৰিলঃ ইউক্ৰেইনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বন্দৰ চহৰ মাৰিউপল দখল কৰিলে ৰাছিয়াই৷  ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধৰ পাছত ২১ এপ্ৰিলত মাৰিউপল দখল কৰিবলৈ সক্ষম হয় ৰুছ সেনা৷ এই সফলতাৰ কথা ২১ এপ্ৰিলত ৰাজহুৱা কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে৷ মাৰিউপলক ইউক্ৰেইনৰ পৰা কাঢ়ি লৈ স্বাধীন কৰাৰ বাবে ৰুছ সেনাক ধন্যবাদ জনায় ৰাষ্ট্ৰপতি পুটিনে৷ মাৰিউপল দখল কৰাৰ পাছত ইয়াত থকা এজভষ্টাল ষ্টীল প্লাণ্টটো ধবংস নকৰিবলৈ নিৰ্দেশ দিয়ে তেওঁ৷ ইয়াক চাৰিওফালৰ পৰা ঘেৰি ধৰি তাত থকা ইউক্ৰেইনৰ সেনা আৰু গেৰিলা যোদ্ধাক খটম কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ পৰা যাতে কোনো পলাই যাব নোৱাৰে তালৈ চকু দিবলৈও তেওঁ সেনাক নিৰ্দেশ দিয়ে৷ এই তীখাৰ কাৰখানাটো আৰু ইয়াৰ আশে-পাশে থকা ঔদ্যোগিক এলেকাটো হৈছে মাৰিউপলত যুঁজ দিয়া ইউক্ৰেইনী সেনাৰ শেষৰটো প্ৰতিৰোধস্থলী৷ এই বন্দৰ চহৰখন অধিকাৰ কৰাটো ৰাছিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ সফলতা৷ উল্লেখ্য,ৰাছিয়াৰ আক্ৰমণত মাৰিউপল প্ৰায় সম্পূৰ্ণৰূপে ধবংস হৈছে আৰু কেইবাহাজাৰ লোকৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে৷ কেইবা লাখ লোকে প্ৰাণ লৈ এই চহৰৰ পৰা আঁতৰি গৈছে৷