Logo
image

খৰখেদাকৈ ইউ এছ কেপিটল খালী

সন্দেহজনক বিমানেৰে আক্ৰমণৰ আশংকা

আমাৰ অসম, ২২ এপ্ৰিলঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে বুধবাৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আমেৰিকাৰ ৱাশ্বিংটনস্থিত কেপিটল বিল্ডিঙত৷ এখন সন্দেহজনক বিমানৰ দ্বাৰা ৱাশ্বিংটনস্থিত কেপিটল বিল্ডিঙত আক্ৰমণ হোৱাৰ আশংকা কৰিয়েই খৰখেদাকৈ তাৰ পৰা সকলোকে আঁতৰাই নিয়া হয়৷ পাছত ইউ এছ কেপিটল আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে উক্ত ‘ভাবুকি সংকেত’আছিল ভুৱা৷ বুধবাৰে সন্ধিয়া ৬.৩০ বজাত কেপিটল আৰক্ষীয়ে ঘোষণা কৰে যে এখন সন্দেহজনক বিমানক ট্ৰেক কৰাৰ পাছতে ইয়াৰ দ্বাৰা ভাবুকি আহিব পাৰে বুলি আশংকা কৰা হৈছিল৷ সেয়ে বিপদৰ এলাৰ্ম বজোৱা হয় আৰু কেপিটল বিল্ডিঙৰ পৰা সকলোকে উলিয়াই অনা হয়৷ সেই সময়ত অৱশ্যে মাৰ্কিন কংগ্ৰেছ বা ছিনেটৰ কোনো কাম-কাজ হৈ থকা নাছিল৷ কিন্তু ভয়তে সকলো সাংসদ,কৰ্মচাৰী তাৰপৰা ওলাই আহিবলৈ বাধ্য হয়৷ প্ৰায় ১৫ মিনিটৰ পাছতহে পৰিস্থিতি স্বাভাৱিক হয় আৰু পুনৰ সকলোকে কেপিটল বিল্ডিঙত সোমাবলৈ দিয়া হয়৷ ২০০১ চনত অল-কায়দাৰ দ্বাৰা অপহূত বিমানে নিউয়ৰ্কৰ টুইন টাৱাৰত খুন্দিওৱাৰদৰে ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিয়েই কেপিটল বিল্ডিঙৰ পৰা সকলোকে আঁতৰাই নিয়া হৈছিল৷ কেপিটল বিল্ডিঙৰ এই ঘটনাটো মুহূৰ্তৰ ভিতৰতে আমেৰিকাৰ সংবাদ মাধ্যমৰ শীৰ্ষ বাতৰি হৈ পৰে আৰু লাহে বিশ্বৰ আন আন দেশলৈও বিয়পি পৰে৷ মিছাকৈ সকলোকে ভয় খুৱাই দিয়া বাবে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ নেন্সি পেল’ছিয়ে ফেডাৰেল বিমান পৰিবহণ প্ৰশাসনক কঠোৰ সমালোচনা কৰে৷