Logo
image

অৰ্ধেক গুৱাহাটীবাসীয়ে ভোট নিদিলে

তুমুল প্ৰচাৰ, অনুকূল বতৰ, চৰকাৰী বন্ধতো নিৰ্লিপ্ত ভোটাৰ

আমাৰ অসম, ২৩ এপ্ৰিলঃ অনীহা,হতাশা নে,নেতাৰ ওপৰত চৰম আস্থাহীনতা– সুদীৰ্ঘ ন বছৰৰ বিৰতিৰ অন্তত অৱশেষত আহিল সেই মাহেন্দ্ৰ ক্ষণ৷ অনুষ্ঠিত হ’ল গুৱাহাটী পৌৰনিগমৰ ভোটগ্ৰহণ৷ কিন্তু পৌৰনিগমৰ নিৰ্বাচনত ভোট দিয়াৰ বাবে দেখা নগ’ল মহানগৰবাসীৰ কোনো বিশেষ উৎসাহ৷ অৰ্ধেক গুৱাহাটীবাসীয়ে ভোট নিদিলে নিৰ্বাচনত৷ বহুতেই ভোট দিবলৈ আহিল যদিও ভোটত কোননো উঠিছে,কোন কোন দলেনো প্ৰাৰ্থী দিছে ইয়াৰো ভূ নৰখাকৈয়ে দিলে ভোট৷ মুঠতে আজি সমাপ্ত হোৱা গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত দেখা গ’ল হতাশাজনক ভোটদানৰ হাৰ৷ বহু ৱাৰ্ডত বিয়লি পৰ্যন্ত ৪০ শতাংশহে ভোটদান হোৱা বুলি তথ্য আহিল৷  অৱশ্য নিশা ৰাজ্যিক নিৰ্বাচন আয়োগৰ তৰফৰ পৰা সদৰি কৰা অনুসৰি গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটদানৰ মুঠ হাৰ হ’লগৈ ৫২.৮০ শতাংশ৷ যি কি নহওক কাৰ্যতঃ গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোট দিবলৈ ওলাই নাহিল মহানগৰীৰ গৰিষ্ঠসংখ্যক ভোটাৰ৷ আজি বতৰো ভাল আছিল,বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ ডাৱৰীয়া হোৱাৰ লগতে গাজনি-ঢেৰেকনিৰে বৰষুণ হ’ব বুলি সতৰ্কবাণী দিয়াৰ পাছতো যেন বৰুণ দেৱতাৰ অদৃশ্য কৃপাদৃষ্টি পৰিছিল মহানগৰীত৷ ইফালে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰেও ঘোষণা কৰিছিল চৰকাৰী বন্ধ৷ প্ৰকৃতি আৰু চৰকাৰী বন্ধৰ সুযোগ পোৱাৰ পাছতো কিয় ভোটাৰ ভোট দিবলৈ নগ’ল ইয়াক লৈ প্ৰশ্ন উঠিছে৷ বহুতেই আজিৰ গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ দিনটো হলীডে হিচাপে ব্যৱহাৰ কৰিলে৷ কোনোৱে ঘৰতেই পৰিয়ালৰ সৈতে খাই-বৈ আনন্দ কৰাৰ বিপৰীতে আন কোনোৱে আকৌ সপৰিয়ালে শ্বিলঙত ফুৰিবলৈ যোৱাৰ খবৰো আহিছে৷ লক্ষণীয় যে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত প্ৰতিখন সভাতে দেখা গৈছিল মানুহৰ বিশাল সমাৱেশ,মিছিল৷ মুখ্যমন্ত্ৰী,তথা মন্ত্ৰী,শাসকীয় পক্ষৰ ভাষণ শুনিবলৈ মানুহ সমৱেত হোৱাটো স্বাভাৱিক কথা আছিল যদিও কোনো ধৰণৰ সাংগঠনিক ভিত্তি নথকা আম আদমি পাৰ্টীয়ে উলিওৱা সমদলতো দেখা গৈছিল হাজাৰ হাজাৰ সমৰ্থকৰ ভিৰ৷ একেদৰে দেখা গৈছিল অন্তিম মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ চলোৱা কংগ্ৰেছৰ প্ৰচাৰ সমদলতো মানুহৰ লানি৷ অসম জাতীয় পৰিষদৰ বিভিন্ন নিৰ্বাচনী সভা-সমিতিত দেখা গৈছিল অনুৰূপ জন সঁহাৰি৷ কিন্তু শুকুৰবাৰৰ ভোটদানত মুঠেই পৰিস্ফুট নহ’ল প্ৰচাৰৰ এই প্ৰতিচ্ছবি৷ যেন বহ্বাৰম্ভে লঘুক্ৰিয়া৷ উল্লেখ্য যে ২০১৩ চনৰ গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল প্ৰায় ৫৫ শতাংশ৷ এইবাৰ এই হাৰ ইয়াৰ তুলনাত প্ৰায় ২ শতাংশ তললৈ নামিল৷ অৰ্থাৎ গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত ভোটাৰৰ আৰোহণ নহৈ অধোগমনহে ঘটিল৷ নিৰ্বাচনক লৈ নিৰুদ্বেগ হৈ ৰ’ল মহানগৰীৰ শিক্ষিত ভোটাৰ৷ মহানগৰীৰ আভিজাত্যপূৰ্ণ অঞ্চলসমূহত ভোটদানৰ হাৰ আছিল সৰ্বনিম্ন৷ ইয়াৰ বিপৰীতে গুৱাহাটীৰ যিকেইটা অঞ্চলত গ্ৰাম্য পৰিৱেশ বিৰাজমান আৰু নিম্ন মধ্যবিত্ত লোক বাস কৰে সেই অঞ্চলসমূহত তুলনামূলকভাৱে ভোটদানৰ হাৰ আছিল সন্তোষজনক৷ ৩১ নং ৱাৰ্ডত ৫৪.৫৫ শতাংশ,১৬ নং ৱাৰ্ডত ৫৩.৪৪ শতাংশ,১৫ নং ৱাৰ্ডত ৬০.০১ শতাংশ,২৯ নং ৱাৰ্ডত ৫৩ শতাংশ ভোটদান হোৱা বুলি জানিব পৰা গৈছে৷ দুই এটা সৰু-সুৰা বিক্ষিপ্ত ঘটনাৰ  বাহিৰে আজিৰ ভোটগ্ৰহণ আছিল সম্পূৰ্ণ শান্তিপূৰ্ণ৷ উল্লেখ্য যে শুকুৰবাৰে পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হোৱা ভোটগ্ৰহণত মুঠ ১৯৭জন প্ৰাৰ্থীৰ ভাগ্য ই ভি এমত বন্দী হয়৷ ইয়াৰ ভিতৰত বিজেপিৰ ৫০জন,কংগ্ৰেছৰ ৫৪জন,অগপৰ ৭ জন,আম আদমি পাৰ্টীৰ ৩৮ জন,অসম জাতীয় পৰিষদৰ ২৫জন,চি পি আই এমৰ ৪ জন আৰু নিৰ্দলীয়সহ অন্যান্য ১৯ জন প্ৰাৰ্থী আছে৷ বিজেপিৰ   ৩জন প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ ২৪ এপ্ৰিল,দেওবাৰে পুৱা ৮.০০ বজাৰ পৰা গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব৷ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ভোটগণনা অনুষ্ঠিত হ’ব৷ প্ৰথমবাৰৰ বাবে যিহেতু এইবাৰ ই ভি এমৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত হৈছে গতিকে দেওবাৰে দুপৰীয়াৰ ভিতৰতে নিৰ্বাচনী ফলাফল স্পষ্ট হোৱাটো একপ্ৰকাৰে নিশ্চিত হৈ পৰিছে৷