Logo
image

একাধিক ৱাৰ্ডত বিজেপি কৰ্মীৰ হাতত আপ সদস্য প্ৰহৃত

আমাৰ অসম,২৩ এপ্ৰিলঃ কেইবাটাও বিক্ষিপ্ত ঘটনাৰ মাজেৰে আজি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সম্পন্ন হয়৷ শান্তিপূৰ্ণভাৱে নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ মাজতে একাংশ বিজেপি সমৰ্থকে একাধিক ৱাৰ্ডত আপৰ সদস্যক প্ৰহাৰ কৰাৰ লগতে বিৰোধী দলৰ প্ৰাৰ্থীক আক্ৰমণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ প্ৰাপ্ত অভিযোগ মতে,গুৱাহাটী পৌৰ নিগমৰ ৪৬ নং ৱাৰ্ডৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী অসীম কুমাৰ শৰ্মাৰ পুলিং এজেণ্ট তথা পুত্ৰ মোহিত শৰ্মাই দক্ষিণ বেলতলাৰ ভোট কেন্দ্ৰত কৰ্তব্য সমাধা কৰি আছিল৷ পুৱাৰ ভাগৰে পৰা এগৰাকী বিজেপি সমৰ্থিত মহিলাই ভোট কেন্দ্ৰটোত বাহিৰত বহি বিজেপিৰ হৈ প্ৰচাৰ চলাই আছিল৷ ঘটনাটো প্ৰত্যক্ষ কৰি আপৰ পুলিং এজেণ্ট মোহিত শৰ্মাই কেন্দ্ৰটোৰ পুলিং বিষয়াক অভিযোগ কৰে৷ পুলিং বিষয়াজনে বিজেপি সমৰ্থিত মহিলা গৰাকীক ভোট কেন্দ্ৰটোৰ বাহিৰলৈ ওলাই যাবলৈ অনুৰোধ কৰে যদিও মহিলাগৰাকীয়ে পুলিং বিষয়াজনক কেৰেপ নকৰিলে৷ পিছত পুলিং এজেণ্ট মোহিত শৰ্মাই মহিলা গৰাকীক কেন্দ্ৰটোৰ বাহিৰলৈ গৈ প্ৰচাৰ চলাবলৈ অনুৰোধ কৰে৷ ইয়াতে মহিলা গৰাকীয়ে খৰ্গহস্ত হৈ ৪৬ নং ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী আশীষ ভৰালীসহ ১০-১২ জনীয়া এটা দলক মাতি আনে৷ বিজেপি প্ৰাৰ্থী আশীষ ভৰালীৰ নেতৃত্বত অহা দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ অশ্লীল ভাষাৰে গালি-গালাজ পাৰি পুলিং এজেণ্ট মোহিত শৰ্মাক প্ৰহাৰ কৰে৷ বিজেপিৰ দলটোৱে আৰক্ষীৰ সন্মুখতে মোহিত শৰ্মাক প্ৰহাৰ কৰাৰ পিছতো নিৰাপত্তাৰক্ষীয়ে ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰে৷ ঘটনা সন্দৰ্ভত পুলিং এজেণ্টজনে বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰে৷ পাছত নিৰ্বাচনৰ সময়ত বিজেপিয়ে হিংসাত্মক কাৰ্য কৰাটো বিজেপি নেতা-কৰ্মীৰ অপৰাধ সংস্কৃতি বুলি আপৰ প্ৰাৰ্থী অসীম কুমাৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷ ইপিনে, গুৱাহাটী পৌৰ নিগমৰ ৩নং ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰশ্মি দাসৰ জালুকবাৰীৰ ঘৰত বিজেপিৰ সমৰ্থকে  নিশা আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ঘটনা সন্দৰ্ভত কংগ্ৰেছ প্ৰাৰ্থী ৰশ্মি দাসে বিজেপিৰ সমৰ্থকৰ বিৰুদ্ধে জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে৷ এজাহাৰ দাখিলৰ পিছতেই মহানগৰ আৰক্ষীয়ে ৰশ্মি দাসৰ ঘৰত চি আৰ পি এফ আৰু আৰক্ষীৰ জোৱান নিয়োগ কৰি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে৷ আজি পুৱাৰ ভাগৰে পৰা কেইবাটাও ভোট কেন্দ্ৰত ইভিএম মেচিন বিকল হৈ পৰে৷ গাড়ীগাঁও আৰু জাপৰীগোগ ভোট কেন্দ্ৰত ইভিএম মেচিন বিকল হৈ পৰাত বহু সময় ভোটগ্ৰহণ প্ৰক্ৰিয়া বন্ধ হৈ পৰে৷ ফলত ভোটাৰসকলৰ মাজত এক  হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত পুলিং বিষয়াই নতুন ইভিএম মেচিন আনি ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰে৷ আনহাতে পাথৰকুৱেৰীত বিজেপি নেতা দুৰ্গা শৰ্মাই বিজেপিৰ বাহিৰে অন্য দলক সমৰ্থন কৰিলে অৰুণোদয় আঁচনি বন্ধ কৰি দিব বুলি ভোটাৰক ভাবুকি দিয়া অডিঅ’ফেচবুকত ভাইৰেল হৈ পৰে৷ ইপিনে,আপে ফেচবুকত নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি বিজেপিৰ আই টি কোষে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ বিক্ষিপ্ত ঘটনাৰ মাজতে পৌৰ নিগমৰ নিৰ্বাচনৰ ১৯৭ জন প্ৰাৰ্থীৰ ভাগ্য বন্দী হয় ইভিএমত৷