Logo
image

কলচেণ্টাৰৰ যুৱতী কৰ্মীক দলবদ্ধ বলাৎকাৰ, ৪ সতীৰ্থ ধৃত

আমাক মিছাতে ফচোৱা হৈছে! অভিযুক্তৰ দাবী

আমাৰ অসম, ২৩ এপ্ৰিলঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত যুৱতী মহিলা মুঠেই সুৰক্ষিত নহয়৷ ৰাজ্যত এটাৰ পিছত আনটো এনকাউণ্টাৰ সংঘটিত কৰাৰ পিছতো অসম আৰক্ষীয়ে বলাৎকাৰৰ দৰে জঘন্য অপৰাধজনীত ঘটনা ৰোধ কৰিব পৰা নাই৷ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ দৰে জঘন্য কাণ্ডৰ ঘটনা পোহৰলৈ আহিছে৷ মহানগৰীৰ হাতীগাঁৱৰ নীলকমল পথত কলচেণ্টাৰৰ এগৰাকী যুৱতী কৰ্মীক দলবদ্ধ বলাৎকাৰ কৰে ৩ সতীৰ্থ যুৱকে৷ অভিযোগ অনুসৰি মহানগৰীৰ হাতীগাঁৱৰ এম মানস্ত্ৰিম টেকন’লজি নামৰ এটা ব্যক্তিগত কলচেণ্টাৰত কৰ্মৰত যুৱতীগৰাকীক কাৰ্যালয়ৰে তিনি কৰ্মচাৰীয়ে বলাৎকাৰ কৰে৷ যুৱতীগৰাকীয়ে জানিবলৈ দিয়া মতে,যোৱা বুধবাৰে দুপৰীয়া ১২.৩০ বজাত এই জঘন্য ঘটনা সংঘটিত হৈছিল৷ তিনি সতীৰ্থই হাতীগাঁৱৰ নীলকমল পথৰ ২১ নং ভাড়া ঘৰলৈ ভাত খোৱাম বুলি মাতি আনি কাৰ্বি জনগোষ্ঠীৰ যুৱতী গৰাকীক উৰ্য্যপৰি বলাৎকাৰ কৰে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে কালি হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৭৬[ডি] নম্বৰত থানাত ১৮৭/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ এই অভিযোগৰ পিছতে হাতীগাঁও আৰক্ষীয়ে অভিযুক্ত ৩ যুৱকৰ লগতে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীকো গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ কৰা অভিযুক্ত যুৱক তিনিজন ক্ৰমে দৰঙৰ নাইমুদ্দিন আলী[১৯], বৰপেটাৰ মুকুল ইছলাম[২২],দৰঙৰ আশ্ৰাফুল আমিন[২৬]৷ আনহাতে এই ঘটনা গাপ দিয়াৰ অভিযোগত আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰফিক আলীক গ্ৰেপ্তাৰ কৰে৷ মনকৰিব লগীয়া বিষয় যে ভুক্তভোগী যুৱতী গৰাকীয়ে তেওঁৰ লগত হোৱা ঘটনাৰ বিষয়ে প্ৰতিষ্ঠানটোৰ মালিকক অৱগত কৰাইছিল যদিও মালিকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ ইফালে গ্ৰেপ্তাৰৰ পিছতে অভিযুক্ত যুৱক কেইজনে কান্দি কান্দি যুৱতী গৰাকীৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ তুলিছে৷ যুৱক কেইজনৰ মতে যুৱতী গৰাকীয়ে দাবী কৰা পাঁচ হাজাৰ টকা আদায় দিবলৈ অমান্তি হোৱাৰ বাবে তেওঁলোকক ভুৱা অভিযোগত অভিযুক্ত কৰা হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ এই জঘন্য ঘটনাত আৰক্ষীয়ে যথেষ্ট তথ্য প্ৰমাণ লাভ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ সম্পূৰ্ণ তদন্তৰ পাছতেই ঘটনাৰ সত্যতা সম্পৰ্কে জানিব পৰা যাব বুলি আৰক্ষীয়ে উল্লেখ কৰে৷