Logo
image

কুঁহিয়াৰ নিয়মীয়াকৈ খালে পাব এইবোৰ উপকাৰ

বাহিৰত দেখাত এটা ডালৰ দৰে যদি ভিতৰখন কিন্তু ৰসেৰে ভৰপূৰ৷ চোবালেই মিঠা ৰসেৰে ভৰি পৰি মুখখন৷ কিহৰ বিষয়ে ক’ব বিচৰা হৈছে পাঠকসকলে অনুমান কৰিব পাৰিছে নি(য়৷ হয়, কুঁহিয়াৰৰ কথাই ক’ব বিচাৰিছোঁ৷ কুঁহিয়াৰত থাকে প্ৰচূৰ কেলচিয়াম,পটাচিয়াম,মেগনেছিয়াম, আয়ৰন,মেংগানিজ,এ মাইনো এচিড,জিংক,থিয়ামিন,ৰাইবোফ্লেবিন আদি আমাৰ দেহৰ উপকাৰী উপাদান৷ 

কুঁহিয়াৰৰ ৰসত থকা ফলিক এচিডে গৰ্ভধাৰণ সম্পৰ্কীয় বিভিন্ন সমস্যা দূৰ কৰে৷ তদুপৰি ই শিশুৰ শাৰীৰিক বিকাশ ঘটোৱাত সহায় কৰে৷ গ্লাইচেমিক ইনডেক্স একেবাৰে তলত থকাৰ কাৰণে কুঁহিয়াৰৰ ৰস খালে তেজত শৰ্কৰাৰ পৰিমান হঠাৎ বাঢ়ি যোৱাৰ আশংকা নাথাকে৷ বৰং এই প্ৰাকৃতিক উৎপাদনবিধ গ্ৰহণ কৰিলে মানুহৰ দেহত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে৷ সেইবাবে মধুমেহ ৰোগীকো নিয়মিতভাৱে কুঁহিয়াৰৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকসকলে৷ 

কুঁহিয়াৰত থকা এণ্টি অক্সিডেণ্টে আমাৰ শৰীৰৰ ক্ষতিকাৰক টক্সিক উপাদান দেহৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে৷ ফলত মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়৷ কেন্সাৰ ৰোগক দূৰত ৰাখিবলৈ এণ্টিঅক্সিডেণ্ট বিশেষ ভূমিকা পালন কৰে৷ কুঁহিয়াৰৰ ৰসত থকা লেক্সেটিভ প্ৰপাটিজ বাওয়েল মুভমেণ্টৰ ফলত কোষ্ঠ কাঠিন্যৰ দৰে সমস্যা কমায় ৰাখে৷ 

কুঁহিয়াৰৰ ৰসত থকা একাধিক উপকাৰী উপাদানে ইউৰিনাৰী টেক্ট ইনফেকচন নাইকীয়া কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ই বৃক্কৰ পাথৰৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে৷ 

কুঁহিয়াৰৰ ৰসত কাৰ্বোহাইড্ৰেট,প্ৰ’টিন,আইৰন,পটাচিয়াম আৰু অন্যান্য উপকাৰী উপাদানে মানৱদেহৰ দুৰ্বলতা দূৰ কৰে৷ ফলত দেহ মন সজীৱ হৈ থাকে৷ যকৃতক সুস্থ ৰখাত কুঁহিয়াৰৰ ৰসে যাদুৰ দৰে কাম কৰে৷ চিকিৎসকে জণ্ডিছৰ প্ৰকোপ কমাবলৈ ৰোগীক কুঁহিয়াৰৰ ৰস খোৱাৰ পৰামৰ্শ দিয়ে৷ 

পুষ্টিৰ অভাবো দূৰ কৰে কুঁহিয়াৰৰ ৰসে৷ নিয়মিত কুঁহিয়াৰ খালে শৰীৰত ফ্লবোনয়েড নামৰ বিশেষ উপাদান বৃদ্ধি হ’বলৈ ধৰে৷ এই উপাদানটোৱে কেন্সাৰৰ কোষ ধবংস কৰাত বিশেষ ভূমিকা পালন কৰে৷ গতিকে আমি নিজৰ ঘৰৰ বাৰিৰ অলপ ঠাইতো দুই চাৰিডাল কুঁহিয়াৰৰ খেতি কৰি উপকৃত হ’ব পাৰো৷