Logo
image

এণ্টাৰ্কটিকাৰ ডুমছডে’ গ্লেচিয়াৰ

পশ্চিম এণ্টাৰ্কটিকাত থকা ‘থোৱাইটছ’হিমবাহত এক বৃহৎ পৰিমাণৰ বৰফ স্তূপীকৃত হৈ আছে৷ এই হিমবাহ যদি সম্পূৰ্ণৰূপে গলি যায়,পৃথিৱীৰ জলৰাশি অৰ্থাৎ সমুদ্ৰপৃষ্ঠৰ উচ্চতা ৬৫ চেঃমিঃ বৃদ্ধি পাব৷ অতি চিন্তাৰ বিষয় যে বৰ্তমান চলি থকা গৱেষণাবোৰে এই সম্ভাৱনা নুই কৰা নাই৷ থোৱাইটছ হিমবাহৰ ক্ৰমবৰ্ধমান বৰফ গলা ঘটনাই এই হিমবাহৰ সুস্থিৰতাৰ বিষয়ে বিজ্ঞানীসকলক সন্দিহান কৰি তুলিছে৷ বৈশ্বিক সমুদ্ৰপৃষ্ঠৰ ৬৫ চেঃমিঃ উচ্চতা বৃদ্ধিয়ে উপকূল ৰেখালৈ বিশাল পৰিৱৰ্তন আনিব৷ ১৯০০ চনৰ পৰা এতিয়ালৈকে সমুদ্ৰপৃষ্ঠৰ উচ্চতা প্ৰায় ২০ চেঃমিঃ বৃদ্ধি পাইছে আৰু এই ঘটনাই উপকূলীয় সম্প্ৰদায়সমূহক ঘৰ-বাৰী এৰিবলৈ বাধ্য কৰাইছে৷ ইয়াৰ উপৰি বান,লুণীয়া পানীৰ প্ৰদূষণ আৰু বাসস্থান ক্ষতিৰ দৰে পৰিৱেশগত সমস্যা অভাৱনীয়ভাৱে বৃদ্ধি পায়৷

থোৱাইটছ হিমবাহৰ আন এটা নাম ডুমছডে গ্লেচিয়াৰ আৰু এই হিমবাহটোৱে এণ্টাৰ্কটিকা অঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই হিমবাহ যদি মহাসাগৰত পৰে,ই এটা আঞ্চলিক ‘চেইন’ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব আৰু নিকটৱৰ্তী সকলো হিমবাহক নিজৰ ফালে টানি নিব৷ ইয়াৰ ফলত সমুদ্ৰপৃষ্ঠ কেইবামিটাৰো বৃদ্ধি পোৱাৰ আশংকা আছে৷ পশ্চিম এণ্টাৰ্কটিকাৰ সকলো হিমবাহ এমআইচিআই বা মেৰিন আইচ ক্লিফ ইনষ্টেবিলিটী নামৰ প্ৰক্ৰিয়া এটাত আক্ৰান্ত হ’ব পাৰে৷ এই প্ৰক্ৰিয়াৰ ফলস্বৰূপে অতি দীঘল আৰু অস্থিৰ বৰফৰ চূড়াবোৰ সাগৰৰ বুকুত খহি পৰে৷ সাগৰপৃষ্ঠ কেইমিটাৰমান বৃদ্ধি পালে চাংহাই,নিউয়ৰ্ক,মায়ামি,টকিঅ’,বেংকক, হংকং,মুম্বাইৰ সৈতে বিশ্বৰ বহুকেইখন ডাঙৰ চহৰ প্লাৱিত হ’ব৷ ই উপকূলীয় অঞ্চলৰ বিশাল ভূমিখণ্ডও সাঙুৰি ল’ব আৰু কিৰিবাটি,টুভালু আৰু মালদ্বীপৰ দৰে তৰাং দ্বীপ দেশসমূহক গ্ৰাস কৰিব৷ সেয়েহে এই হিমবাহক ডুমছডে বা মহাপ্ৰলয় হিমবাহৰূপে জনা যায়৷

থোৱাইটছ হ’ল আনুমানিক গ্ৰেট ব্ৰিটেইন বা আমেৰিকাৰ ফ্ল’ৰিডাৰ আকাৰৰ বৰফেৰে গোট মৰা এখন নদী৷ এই হিমবাহে বিশ্বব্যাপী সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিত প্ৰায় ৪ শতাংশ অৰিহণা যোগাইছে৷ ২০০০ চনৰ পৰা এতিয়ালৈকে এই হিমবাহৰ পৰা গলা বৰফৰ পৰিমাণ ১০০০ বিলিয়ন টনৰো বেছি আৰু ই যোৱা তিনি দশকত ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ এই ত্ৰিছ বছৰত প্ৰৱাহৰ গতিবেগ দুগুণে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত ৯০ দশকৰ তুলনাত সমুদ্ৰত দুগুণ বৰফ পতিত হৈছে৷ থোৱাইটছ হিমবাহ পৃথিৱীৰ বৃহত্তম হিমবাহ আৰু ই বহলে ৮০ মাইল৷ এখন ওপঙি থকা আইচ-ছেল্‌ফ বা প্লেটফৰ্মে হিমবাহটোক বাধা প্ৰদান কৰি ইয়াৰ গতিবেগ নূ্ন্য়তম কৰি ৰাখিছে৷ বিজ্ঞানীসকলৰ মতে,সম্প্ৰতি এই আইচ-ছেল্‌ফ বা প্লেটফৰ্মখন নিজে দুৰ্বল হৈ পৰিছে৷ অৰিগন ষ্টেট ইউনিভাৰ্ছিটীৰ হিমবিজ্ঞানী এৰিন পেটিটৰ মতে,আইচ-ছেল্‌ফৰ পূব দিশৰ পৃষ্ঠদেশত কিছুমান ফাঁট মেলা দেখা গৈছে আৰু দহ বছৰমানৰ পাছত ই সম্পূৰ্ণভাৱে ভাগি পৰিব পাৰে৷ ২০২০ চনত প্ৰকাশিত আন এটা গৱেষণাৰ ফলাফলে হিমবিজ্ঞানীজনৰ কথা সমৰ্থন কৰে৷ এই গৱেষণাপত্ৰখনেও থোৱাইটছ আইচ-ছেল্‌ফত ফাঁট আৰু গহ্বৰ পৰিলক্ষিত হোৱাৰ কথা উল্লেখ কৰিছে৷ এই গৱেষণাবোৰে আইচ-ছেল্‌ফৰ আন্তঃগাঁথনি দুৰ্বল হৈ পৰাৰ প্ৰমাণ দিয়ে৷ বৰফৰ ওপৰত পৰিলক্ষিত ফাঁট আৰু গহ্বৰবোৰে কালক্ৰমত আইচ-ছেলফক সম্পূৰ্ণৰূপে ধবংস কৰি পেলাব৷ থোৱাইটছৰ আইচ-ছেলফ ভাগি পৰাৰ অৰ্থ হ’ল সমগ্ৰ হিমবাহটোৰ অকাল মৃত্যু৷ আইচ-ছেল্‌ফৰ অবৰ্তমানত থোৱাইটছ হিমবাহে সকলো বৰফ এটা দশকৰ পৰা এটা শতাব্দীৰ ভিতৰত সমুদ্ৰত নিঃসৰণ কৰিব৷

আইচ-ছেল্‌ফক থোৱাইটছ হিমবাহৰ এটা ওপঙি থকা সম্প্ৰসাৰণ বুলিব পাৰি৷ পশ্চিম এণ্টাৰ্কটিকাৰ আমুণ্ডছেন সমুদ্ৰ অৱবাহিকাত থোৱাইটছ আৰু আন হিমবাহৰ আইচ-ছেল্‌ফবোৰৰ প্ৰতি বিজ্ঞানীসকলে সতৰ্ক দৃষ্টি ৰাখিছে৷ থোৱাইটছ আৰু ইয়াৰ চুবুৰীয়া পাইন আইলেণ্ড তথা আন হিমবাহবোৰৰ গতি নিয়ন্ত্ৰণ কৰা আইচ-ছেল্‌ফবোৰ সমুদ্ৰৰ তাপমাত্ৰা বৃদ্ধিৰ বাবে ক্ষয়প্ৰাপ্ত হৈছে৷ সমুদ্ৰৰ উষ্ণ পানীয়ে ওপঙি থকা আইচ-ছেল্‌ফবোৰ তলৰ পৰা গলাই আনিব পাৰে৷ ই বৰফৰ স্তৰ পাতল কৰি ইয়াক দুৰ্বল কৰে আৰু ফলত ওপৰৰ ফাঁট আৰু গহ্বৰবোৰৰ গভীৰ সম্প্ৰসাৰণ ঘটে৷ সমুদ্ৰৰ উত্তাপে আইচ-ছেল্‌ফৰ তলিত বৰফ গলোৱা কাৰ্যই বৰফ আৰু সমুদ্ৰতলিৰ মাজত থকা এংকৰিং পইণ্ট বা লংগৰ কেন্দ্ৰক স্থানচ্য়ুত কৰে৷ আমুণ্ডছেন সাগৰত সাগৰতলি ক্ৰমান্বয়ে তললৈ ঢাল খাইছে আৰু সেইবাবে এই কাৰ্যৰ দ্বাৰা পাদদেশ হেৰুৱাই হিমবাহবোৰ সমুদ্ৰতলিৰ পৰা বিচ্ছিন্ন হৈ পৰে৷ এইদৰে আইচ-ছেল্‌ফবোৰ ক্ৰমান্বয়ে গলিবলৈ ধৰা বাবে পশ্চিম এণ্টাৰ্কটিকাৰ হিমবাহবোৰক ধৰি ৰখা শক্তি হ্ৰাস পাইছে৷ ফলস্বৰূপে হিমবাহবোৰে সমুদ্ৰৰ দিশে গতি কৰি সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰে৷ বিজ্ঞানীসকল এমআইচিআই পৰিঘটনা বিতংকৈ আয়ত্ত কৰিবলৈ এতিয়াও প্ৰচেষ্টাৰত,কিন্তু পশ্চিম এণ্টাৰ্কটিকাৰ হিমবাহবোৰৰ ভৱিষ্যতে কি হ’ব সিহে অধিক চিন্তনীয় বিষয়৷ থোৱাইটিছৰ পতন বা মৃত্যুৱে সমগ্ৰ বিশ্বলৈ কাল অমানিশা নমাব৷ অৱশ্যে অনেক লোকে ভাবে যে এনে কোনো দুৰ্ঘটনা ভৱিষ্যতে কেতিয়াও নঘটে৷

কিছুসংখ্যক গৱেষকৰ মতে,থোৱাইটছ আইচ-ছেল্‌ফ আৰু হিমবাহৰ অস্থিৰতাই মানুহে শংকা কৰা মতে বিপৰ্যয়ৰ সৃষ্টি নকৰে৷ ভাগি পৰা আইচ-ছেল্‌ফ আৰু হিমবাহৰ পৰা বিচ্ছিন্ন হৈ আঁতৰি যোৱা সামুদ্ৰিক বৰফ আৰু বৰফৰ টুকুৰাবোৰে অক্ষত আইচ-শ্বেলৰ দৰেই প্ৰতিৰোধক প্ৰভাৱ পেলাব পাৰে৷ এনে প্ৰতিৰোধক প্ৰভাৱে আৰম্ভণিৰে পৰাই ‘চেইন’প্ৰতিক্ৰিয়া বন্ধ কৰি সমগ্ৰ পশ্চিম এণ্টাৰ্কটিকাৰ বৰফৰ আচ্ছাদনখনক ভাগি পৰাৰ পৰা ৰক্ষা কৰিব৷ অৱশ্যে, এই কথা ঠিক যে পশ্চিম এণ্টাৰ্কটিকাত ভৱিষ্যতে কি ঘটিব অনুমান কৰা অতি কঠিন আৰু এই সম্বন্ধে এটা ডাঙৰ অনিশ্চয়তা আছে৷ মাত্ৰ এটা কথা ধুৰুপ যে গলন-উন্মুখ থোৱাইটছ হিমবাহে আগন্তুক বহু বছৰ ধৰি বিশ্বব্যাপী সমুদ্ৰৰ উচ্চতা বঢ়োৱাত অৰিহণা যোগাব৷ পশ্চিম এণ্টাৰ্কটিকাৰ থোৱাইটছ হিমবাহৰ পৰা সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ভৱিষ্যৎ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে গৱেষণা কৰিবলৈ আন্তৰ্জাতিক থোৱাইটছ হিমবাহ সহযোগিতা এখন গঠিত হৈছে৷ ব্ৰিটেইন আৰু আমেৰিকা ইয়াৰ সদস্য৷ নেচনেল ছায়েঞ্চ ফাউণ্ডেচনৰ গ্লেচিঅ’লজী বিভাগৰ প্ৰগ্ৰাম ডাইৰেক্টৰ পল কাটলাৰৰ মতে,আইটিজিচি তেওঁলোকৰ বৈজ্ঞানিক সম্প্ৰদায়ৰ সৈতে বৰ্তমান ৮টা ডাঙৰ প্ৰকল্পত কাৰ্যৰত৷ এই প্ৰকল্পকেইটাৰ সহায়েৰে সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিত থোৱাইটছ হিমবাহৰ সম্ভাব্য অৱদানৰ বিষয়ে পূৰ্বাভাস দাঙি ধৰা হ’ব৷