Logo
image

চাফাই অভিযান

ধৰিত্ৰী দিৱসৰ [২২ এপ্ৰিল] দিনা থলুৱা টিভি চেনেল এটাই মহাবিদ্যালয় এখনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে পথৰ কাষৰ জাবৰ-জোঁথৰ নিজহাতে উঠাই ডাঙৰ ডাঙৰ পলিথিন বেগত ভৰোৱা দৃশ্য দেখুৱাইছে৷ ঘটনাক্ৰমে সেই দিনটোতে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন চলি আছে৷ কেনে লজ্জাৰ কথা! শিক্ষানুষ্ঠানসমূহেও ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ পৰিৱৰ্তে এনে দুই-এক কৰ্মকাণ্ডৰ দ্বাৰা তেওঁলোকৰ সমাজ তথা পৃথিৱীৰ প্ৰতি থকা দায়বদ্ধতা প্ৰদৰ্শন কৰিব খোজে৷ যুগৰ দাবী হয়তো! ছাত্ৰ-ছাত্ৰীয়ে হাতে-কামে লাগিছে,সু-নাগৰিকৰ দায়িত্ব পালন কৰিছে,প্ৰতিৱেশী তথা চৌপাশৰ মানুহৰ মাজত ধৰিত্ৰী দিৱসৰ তাৎপৰ্য সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে,গতিকে নিঃসন্দেহে প্ৰশংসনীয় কাম কৰিছে৷ এনে কামৰ বাবে শিক্ষানুষ্ঠানখনৰো সুনাম হৈছে আৰু ঊধবৰ্তন মহলৰ পৰা হোৱা পৰৱৰ্তী পৰীক্ষা-পৰিদৰ্শনবোৰত কেইটামান নম্বৰ বেছিকৈ পোৱাৰ সুযোগ পাইছে৷ এই সকলো ঠিকেই আছে,কিন্তু কলেজীয়া বা স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ ৰাজধানীৰ গাতে লাগি থকা গণেশগুৰিৰ ৰাজপথৰ জাবৰ পৰিষ্কাৰ কৰিবলগীয়া অৱস্থা এটাৰ সৃষ্টি হয় কিয়! ২০১৪ চনৰ ২ অক্টোবৰতেই দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা স্বচ্ছ ভাৰত অভিযান আজি সাত-আঠ বছৰীয়া হ’ল৷ এতিয়াও সচেতনতা-সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাৰ অন্ত পৰা নাই৷ গুৱাহাটীৰ দিছপুৰ কেৱল ৰাজ্যৰ ৰাজধানীয়েই নহয়,উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখো৷ দেশ-বিদেশৰ ভ্ৰমণ-পিয়াসী পৰ্যটকৰ লগতে উচ্চ পদাধিকাৰীসকলৰ অহা-যোৱা নিৰন্তৰ অব্যাহত থাকে৷ তথাপি অঞ্চলে অঞ্চলে থকা জাবৰৰ দ’মবোৰ তেনেদৰেই দেখিবলৈ পোৱা যায়৷ পৌৰ নিগমৰ নিৰ্বাচনৰ তৰ্ক-বিতৰ্কবোৰত গুৱাহাটীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাই ঠাই পোৱা নাই৷ ৰাজনৈতিক দলবোৰেও [শাসকীয় দলকে ধৰি] গুৱাহাটীক জাবৰমুক্ত কৰিব বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিব পৰা নাই৷ নিৰ্বাচনী প্ৰচাৰৰ নামত গলিয়ে-গলিয়ে উচ্চ-গ্ৰামত লাউডস্পীকাৰ লগাই গান গাই যোৱা দল-প্ৰাৰ্থীৰ সমৰ্থকসকলৰ চকুও দ’মাই থোৱা জাবৰবোৰত ৰৈ যোৱা নাই৷ বছৰ বছৰ ধৰি হৈ অহাৰ দৰে দুদিনমান পূৰ্বে হোৱা বৰষুণত গুৱাহাটীৰ নলা-নৰ্দমা উপচি আহি ৰাজপথ প্লাৱিত হ’ল৷ গুৱাহাটী পৌৰ নিগমে টুইটাৰযোগে নাগৰিকক ‘হেল্প লাইন’ নম্বৰ দি কোনো অসুবিধা পালে কতৃৰ্পক্ষক অভিযোগ দিয়াৰ বাবে আহ্বান জনায়৷ নিগমৰ কৰ্মচাৰীয়ে নৰ্দমাৰ পৰা উলিয়াই পথৰ দাঁতিতে থোৱা জাবৰ-জোঁথৰেই যে এই সমস্যাৰ কাৰণ, নিগমে সঁচাকৈয়ে গমেই নাপায়নে? ঘৰে ঘৰে ভোট খুজি গাদী শুৱনি কৰি বহা ৱাৰ্ড-কমিছনাৰসকলৰো এনেবোৰ কথাৰ প্ৰতি মনোযোগ দিয়াৰ সময় নোলায় নেকি! দলীয় মুখপাত্ৰ তথা কৰ্মীসকলে টিভি চেনেলৰ আলোচনাত বহি অপ্ৰাসংগিক ইছ্যু একোটা লৈ অযথা বিতৰ্কৰে পোহাৰি-চুপতি মাৰে,অথচ প্ৰয়োজনীয় বিষয়বোৰত স্পষ্ট বক্তব্য ৰাখিব নোৱাৰে৷ গুৱাহাটীৰ খোৱাপানী যোগান,পাৰ্কিং,জাবৰ নিষ্কাশন,কৃত্ৰিম বান আদি পুৰণি সমস্যাসমূহক লৈ বিগত কালছোৱাৰ মেয়ৰসকলৰ ভূমিকাও বৰ সন্তোষজনক নহয়৷ বেছিভাগ ক্ষেত্ৰতে এইবোৰ সমস্যাৰ প্ৰসংগ উত্থাপিত হ’লে ‘ফাণ্ড’ৰ অভাৱৰ কথাও উনুকিওৱা হয়৷ আচলতে,এইটো হৈছে এটা অজুহাত৷ প্ৰশাসনৰ ৰঙাফিতাৰ মেৰপেঁচৰ সৌজন্যতেই উপযুক্ত ‘প্ৰজেক্ট’বোৰে নিগমৰ সেউজ-সংকেত নাপায়৷ সমস্যাটো সম্পূৰ্ণৰূপে সমাধান কৰিব পৰা ‘প্ৰজেক্ট’ প্ৰস্তাৱবোৰ নিগমৰ বাছনিতেই নুঠে৷ ফলত সমস্যা সমস্যা হৈয়েই ৰৈ যায়৷ ভৰলু-বাহিনীত খনন চলাই জাবৰবোৰ কাষতে পাৰত ৰাখি দিলে সি পুনৰ গৈ পূৰ্বৰ ঠাইতেই পৰেগৈ৷ এনেদৰে,‘ফাণ্ড’ৰ অভাৱত থকা নিগমে ‘ফাণ্ড’ৰ শৰাধ কৰে৷ তাৰপাছতো মহানগৰবাসীয়ে ভোট দিবলৈ ওলাই আহে,মনত বান্ধি আহে আশা– কিজানিবা এইবাৰ ৱাৰ্ডৰ পানীৰ সমস্যা দূৰ হয়,কিজানিবা এইবাৰ নাকত ধৰি জাবৰৰ দ’মৰ কাষেৰে পাৰ হ’বলগীয়া নহয়ক্ক নিগমৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলে কথাবোৰ উপলব্ধি কৰক আৰু নিজৰ ক্ষমতাৰ সঠিক ব্যৱহাৰ কৰি দেখুৱাওক,যাতে তেওঁলোকৰ ভাগৰ কাম লোকে কৰিবলগীয়া নহয়৷