Logo
image

এনকাউণ্টাৰ প্ৰৱণতা!পত্নীক ভয় খুৱাবলৈ একে৪৭-ৰে গুলীয়ালে আৰক্ষী বিষয়াই

আমাৰ অসম, ২৪ এপ্ৰিলঃ দীৰ্ঘদিন গুলী নুফুটাই নুফুটাই অসম আৰক্ষীৰ ৰাইফল-পিষ্টলত মামৰে ধৰিছিল৷ কিন্তু বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকাল আৰম্ভ হোৱাৰ পৰা অসম আৰক্ষী হঠাৎ সম্পূৰ্ণ ‘স্মাৰ্ট’হৈ পৰিল আৰু ৰাইফল-পিষ্টলো অতিমাত্ৰা হাৰত সক্ৰিয় হৈ পৰিল৷ ইমানেই সক্ৰিয় হ’ল,সামান্য ঘটি চোৰৰ পৰা আৰম্ভ কৰি ড্ৰাগছৰ বেপাৰী আৰু ধৰ্ষণকাৰী অসম আৰক্ষীৰ গুলীৰ পৰা কোনো সাৰি যাব নোৱাৰা হ’ল৷ অধিকাংশ ক্ষেত্ৰতেই অৱশ্যে মূল দোষী আৰক্ষীৰ মতে অভিযুক্তসকলহে৷ অভিযুক্তই প্ৰায়েই পলাবলৈ ধৰে আৰু তেতিয়া উপায়বিহীন হৈ আৰক্ষীয়ে অভিযুক্তলৈ গুলীচালনা কৰে৷ চলতি ভাষাত তাকেই এনকাউণ্টাৰ বুলি কোৱা হয়– অৱশ্যে সেয়া আৰক্ষীৰ ভাষ্য নহয়,মিডিয়াৰহে৷ যোৱা ৮-৯ মাহত অসম আৰক্ষীয়ে শদিয়াৰ পৰা ধুবুৰীলৈ তেনে অলেখ এনকাউণ্টাৰ কৰিছে৷ তাৰেই কোনো এনকাউণ্টাৰত ধৰ্ষণৰ দৰে অপৰাধত অভিযুক্তৰ আৰক্ষীৰ গুলীত থিতাতে মৃত্যু হৈছে আৰু সামান্য অপৰাধীৰ ভৰি আৰক্ষীৰ এনকাউণ্টাৰৰ গুলীয়ে শালি পেলাইছে৷ এনেদৰে এনকাউণ্টাৰ কৰি কৰি অসম আৰক্ষী এনকাউণ্টাৰত ইমানেই অভ্যস্ত হৈ পৰিছে,য’ত পত্নীক ভয় খুৱাবলৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই এইবাৰ পিষ্টল এৰি কালাছ’নিকভৰ পৰা গুলীয়াই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অনেকেই এই ঘটনা অসম আৰক্ষী এনকাউণ্টাৰত অভ্যস্ত হৈ পৰাৰ বিষম ফল বুলি মন্তব্য কৰিছে৷ এনে চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে শনিবাৰে শদিয়াত৷ শদিয়া আৰক্ষী জিলাৰ অন্তৰ্গত ন-শদিয়া আৰক্ষী চকীত কৰ্মৰত জয় খাংকী নামৰ আৰক্ষীৰ উপ-পৰিদৰ্শকজনে শনিবাৰে এ কে ৪৭ ৰে শূন্যলৈ গুলীচালনা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে জয় খাংকীৰ গুলী কোনো অভিযুক্ত উদ্দেশ্যি এ কে ৪৭১ পৰা ওলোৱা নাছিল,গুলী ওলাইছিল পত্নীক ভীতিগ্ৰস্ত কৰাৰ বাবে৷ আৰক্ষী বিষয়াজনে তেওঁৰ পত্নীক ভয় খুৱাবৰ বাবে থানাৰ ভিতৰত থকা মালখানাৰ পৰা এটা এ কে ৪৭ ৰাইফল উলিয়াই আনি পত্নীৰ দিশে শূন্যলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ এই ঘটনাত থানাত থকা সকলো আৰক্ষীয়েই সচকিত আৰু আতংকিত হৈ পৰে৷ আৰক্ষী বিষয়াজনে পত্নী আৰু কণমানি পুত্ৰৰ সৈতে বাস কৰা কোৱাৰ্টাৰতে গুলীচালনাৰ ঘটনাটো সংঘটিত কৰে৷ আৰক্ষী সূত্ৰই জনোৱা মতে পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনাৰ সূত্ৰপাত হয়৷ পত্নীৰ কোনো কামত খৰ্গহস্ত হৈয়েই জয় খাংকীয়ে পত্নীক আতংকিত কৰাৰ বাবে চোৰ-ডকাইতৰ প্ৰতি অসম আৰক্ষীয়ে শেহতীয়াকৈ প্ৰদৰ্শন কৰি অহা ভীতি প্ৰদৰ্শনৰ কৌশল গ্ৰহণ কৰিছিল বুলি তেওঁৰ সতীৰ্থ আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ অনেকেই এ কে ৪৭ ৰ শব্দ শুনি সেয়া কোনো অভিযুক্তৰ বিৰুদ্ধে শদিয়া আৰক্ষীৰ এনকাউণ্টাৰ বুলি প্ৰথমে ভাবিছিল৷ পাছতহে কথাটো পৰিষ্কাৰ হয়– এনকাউণ্টাৰত অভ্যস্ত হৈ পৰা অসম আৰক্ষীৰ এজন বিষয়াৰ এয়া আছিল পাৰিবাৰিক এনকাউণ্টাৰ৷ আৰক্ষীৰ বিষয়াজনে ন-শদিয়া আৰক্ষী চকীৰ মালখানাৰ পৰা এ কে ৪৭ লৈ আহি ঘটনাটো সংঘটিত কৰাৰ পাছত শদিয়া জিলা আৰক্ষীৰ দায়িত্ববাহী বিষয়া আৰক্ষী অধীক্ষক ৰাজেন্দ্ৰ ওজা আৰু উপ-আৰক্ষী অধীক্ষক বিভাস দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সৈতে জড়িত উপ-পৰিদৰ্শকজনক শদিয়া সদৰ থানালৈ লৈ আনে৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে,শদিয়া আৰক্ষীৰ উচ্চ পৰ্যায়ৰ এটা দলে ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীৰ উপ-পৰিদৰ্শক জনৰ ঘৰ লখিমপুৰত বুলি শদিয়া আৰক্ষীয়ে জনাইছে৷