Logo
image

চৰ-কাণ্ডৰ পাছত উইল স্মিথ ভাৰতত

আমাৰ অসম, ২৪ এপ্ৰিলঃ হঠাতে পাপাৰাজ্জি ফটোগ্ৰাফাৰে মুম্বাই বিমানবন্দৰত সন্মুখত উইল স্মিথক দেখি উচপ খাই উঠিল৷ এয়া সপোন নে দিঠক!সততে এই পাপাৰাজ্জি ফটোগ্ৰাফাৰসকলে যিকোনো চেলেব্ৰিটীক মুম্বাই বিমানবন্দৰত দেখি থাকে আৰু তেওঁলোকৰ পিছ লৈ দুষ্প্ৰাপ্য ফটো সংগ্ৰহ কৰে৷ শনিবাৰে সন্মুখত উইল স্মিথক দেখা একাধিক ফটোগ্ৰাফাৰৰ লেন্সত হলীউডৰ অভিনেতাজনে পূৰ্বেও ভাৰতত ধৰা দিছিল৷ পিছে এইবাৰৰ কথা বেলেগ৷ নিজে কেমেৰাৰে ধৰিব নোৱাৰিলেও মাৰ্চৰ অন্তিম সপ্তাহত অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁলোকে উইল স্মিথৰ ৰুদ্ৰমূৰ্তি দেখিছিল৷ অনুষ্ঠানটোৰ এংকৰ ক্ৰিছ ৰ’কে উইল স্মিথৰ পত্নী জাডা পিংকেটৰ মূৰৰ কম চুলিক লৈ অস্কাৰ প্ৰদানৰ মাজতে ৰসিকতা কৰিছিল৷ সেই কথাত খঙত ৰুদ্ৰমূৰ্তি ধৰি মঞ্চলৈ উঠি গৈ সকলোৰে সন্মুখত এংকৰ ক্ৰিছ ৰ’কক এপাত কাণতলীয়া চৰ শোধাইছিল উইল স্মিথে৷ মঞ্চৰ পৰা নামি আহি অশ্লীল গালি-গালাজো কৰিছিল তেওঁ৷ কিছু সময়ৰ পাছত এইবাৰৰ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ হাতত তুলি লৈছিল উইল স্মিথে৷ ঘটনাটোৰ সময়ত আক্ষৰিক অৰ্থতে খঙত ৰুদ্ৰমূৰ্তি ধৰিছিল তেওঁ৷ অৱশ্যে পিছদিনাই ক্ৰিছ ৰ’ক আৰু অনুৰাগীৰ ওচৰত সেই আচৰণৰ বাবে ক্ষমা বিচাৰিছিল উইল স্মিথে৷ পিছে সেই ক্ষমা প্ৰাৰ্থনাই কামত নিদিলে আৰু অকাডেমী কতৃৰ্পক্ষই তেওঁক দহবছৰৰ বাবে অস্কাৰৰ পৰা বহিষ্কাৰ কৰিলে৷ সেই হলীউডৰ বিখ্যাত অভিনেতাক হঠাতে সন্মুখত দেখি মুম্বাইৰ পাপাৰাজ্জি ফটোগ্ৰাফাৰ আচৰিত হোৱাৰে কথা৷ তেওঁলৈ লেন্স পোনালে কি বা আচৰণ দেখুৱায়? পিছে মুম্বাইৰ ছত্ৰপতি শিৱাজী বিমানবন্দৰত আমেৰিকাৰ পৰা আহি অৱতৰণ কৰা হলীউডৰ অস্কাৰ বিজয়ী অভিনেতা উইল স্মিথৰ আচৰণ ইমানেই নম্ৰ আছিল,সেয়া দেখি মুম্বাইৰ পাপাৰাজ্জি ফটোগ্ৰাফাৰ পুনৰবাৰ আচৰিত হৈ পৰে৷ উইল স্মিথে হাঁহি হাঁহি ভাৰতীয় পাপাৰাজ্জি ফটোগ্ৰাফাৰৰ সন্মুখত প’জ দিয়ে৷ তেওঁলোকেও ইচ্ছামতে ইখনৰ পাছত সিখন ফটো তোলে উইল স্মিথৰ৷ উইল স্মিথ ভাৰতলৈ কিয় আহিছে সেয়া এতিয়াও প্ৰকাশ কৰা হোৱা নাই৷ ইয়াৰ পূৰ্বেও তেওঁ ভাৰতলৈ আহিছিল৷  ২০১৯ চনত ‘দ্য বাকেট লিষ্ট’ নামৰ ছবিখনৰ শ্বুটিঙৰ সময়ত বলীউডৰে কেইজনমান তাৰকাৰ সৈতে সাক্ষাৎ কৰিবলৈ মুম্বাইলৈ আহিছিল হলীউডৰ তাৰকা উইল স্মিথ৷ উইল স্মিথ আন এবাৰ ‘ষ্টুডেণ্ট অৱ দ্য ইয়েৰ-২’ নামৰ ছবিখনৰ শ্বুটিঙৰ বাবেও ভাৰতলৈ আহিছিল৷ সেইবাৰ তেওঁ হৰিদ্বাৰো ভ্ৰমণ কৰিছিল৷ এইবাৰ অৱশ্যে উইল স্মিথৰ পৰিচয় অস্কাৰৰ সেই অনাকাংক্ষিত ঘটনাৰ পাছত সামান্য পৃথক৷ পিছে তেওঁক দেখা পোৱা অনুৰাগীয়ে পূৰ্বৰ সৈতে পাৰ্থক্য বিচাৰি নাপালে৷ অন্ততঃ খোলা হাঁহিৰে তেওঁ সন্মুখত পোৱা সকলোকে কেইমিনিটমানতে মন্ত্ৰমুগ্ধ কৰিলে৷