Logo
image

খেজুৰ-গাখীৰ নিতৌ খালে লাভ কৰিব এইবোৰ উপকাৰ

গাখীৰ এবিধ অতি উপকাৰী খাদ্য৷ গাখীৰৰ সমানেই উপকাৰী খাদ্য খেজুৰ৷ কিন্তু গৰম গাখীৰৰ সৈতে যদি খেজুৰ মিহলি কৰি খোৱা হয় তেনেহ’লে তাৰ পৰা আৰু বেছি উপকাৰ পাব পাৰি৷ গতিকে নিতৌ নিশা শোৱাৰ আগে আগে এগিলাচ গৰম গাখীৰৰ সৈতে দুটি খেজুৰ মিহলি কৰি খোৱা অভ্যাস গঢ়ি তোলক৷

খেজুৰত থাকে প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট৷ ই ভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ গাখীৰ আৰু খেজুৰ খাই থাকিলে মনো ভালে থালে৷ খেজুৰ আৰু গৰম গাখীৰ একেলগে খালে কিমান উপকাৰ পাব পাৰি জানেনে–

১. খেজুৰত থাকে প্ৰচুৰ প্ৰাকৃতিক শৰ্কৰা৷ গাখীৰত থাকে প্ৰচুৰ কেলচিয়াম আৰু ভিটামিন চি৷ দুয়োবিধ একেলগে খালে মানুহৰ পুষ্টিগুণ বৃদ্ধি পায়৷ শৰীৰ দুৰ্বল লগা,মূৰ ঘূৰোৱা আদি সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত ই যাদুৰ দৰে কাম কৰে৷ আন জটিল ৰোগত আক্ৰান্ত লোকে গাখীৰ আৰু খেজুৰ খালে উপশম পাব পাৰে৷

২. আজিকালি যিকোনো বয়সৰ লোকে চকুৰ সমস্যাত ভোগে৷ দৃষ্টিশক্তি ভালে ৰখাত গাখীৰ আৰু খেজুৰ খালে উপকাৰ পোৱা যায়৷

৩. ওজন হ্ৰাস পোৱাটো এটা জটিল সমস্যা৷ এনেক্ষেত্ৰত গাখীৰ আৰু খেজুৰ একেলগে খালে যথেষ্ট উপকৃত হয়৷ এসপ্তাহমান একেৰাহে খালেই ওজন বঢ়াটো নিশ্চিত৷ তদুপৰি শৰীৰৰ উজ্বলতাও দ্ৰুতহাৰত বাঢ়ি যায়৷

৪. মধুমেহ ৰোগত আক্ৰান্ত লোকৰ বাবে গাখীৰ আৰু খেজুৰ খোৱাটো উপকাৰী৷ ই তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে৷ হাড় মজবুট কৰি ৰখা,মাংসপেশী সবল কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে খেজুৰ-গাখীৰে৷ 

৫. ছাল আৰু চুলি ভালে ৰখাত সহায় কৰে খেজুৰ-গাখীৰে৷ ই ছালৰ দাগ দূৰ কৰাৰ উপৰি উজ্বলতা ঘূৰাই আনে৷ চুলি পকাও ৰোধ কৰে খেজুৰ-গাখীৰে৷