Logo
image

ডিব্ৰুগড়ত ২ লাখ ডিফুত ৫ লাখৰ লক্ষ্য

মোদীৰ সভাৰ বাবে যুদ্ধকালীন প্ৰস্তুতি

আমাৰ অসম,২৫ এপ্ৰিলঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ এপ্ৰিলত ডিব্ৰুগড়ত অনুষ্ঠিত কৰিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ডিব্ৰুগড়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব লগা খনিকৰ খেলপথাৰ পৰিদৰ্শন কৰাৰ লগতে দলীয় কৰ্মকৰ্তাৰ সৈতে বৰ্তালাপত মিলিত হয়৷ সমগ্ৰ প্ৰস্তুতিৰ বুজ লোৱাৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়,২৮এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ৰ খনিকৰত এক গণসভাত অংশগ্ৰহণ কৰিব৷ ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ কেন্সাৰ হাস্পতালৰ শুভ উদ্বোধন কৰিব৷ প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়,যোৰহাট, তেজপুৰ,লখিমপুৰ,বৰপেটা,দৰং,কোক্‌ৰাঝাৰ কেন্সাৰ কেয়াৰ হাস্পতালৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ বিষয়ে ব্যক্ত কৰে৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,এই হাস্পতালকেইখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে সা-সৰঞ্জামো সংস্থাপন তথা চিকিৎসকো নিযুক্তি দিয়া সম্পূৰ্ণ হৈছে৷ অতিৰিক্তভাৱে ৰাজ্যৰ তিনিচুকীয়া,শিৱসাগৰ,গোলাঘাট,গোৱালপাৰা,নলবাৰী আদিকে কৰি ৭ খন কৰ্কট প্ৰতিষ্ঠানৰ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ ইফালে পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,অভিভাৱক মন্ত্ৰী অতুল বৰা,মন্ত্ৰী অজন্তা নেওগ,বিমল বৰা,সঞ্জয় কিষাণ,অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ লগতে সংগ প্ৰদান কৰে বিধায়ক প্ৰশান্ত ফুকন,বিনোদ হাজৰিকা,চক্ৰধৰ গগৈ,পোনাকন বৰুৱা,তৰংগ গগৈ,তেৰছ গোৱালা আদিয়ে৷ প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানক লৈ সকলোলৈ কঢ়িয়াই আনিছে ভীষণ উদ্বিগ্নতা৷ বিগত দুটা দিন ধৰি মুষলধাৰে প্ৰবল বৃষ্টিপাত হোৱাত প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাস্থলীৰ আশে-পাশে আংশিকভাৱে পানী জমা হোৱাত চিন্তনীয় বিষয় হৈ পৰিছে যদিও বতৰে বিধি-পথালি নিদিলে সকলো নিয়াৰিকৈ সমাপন হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷ খনিকৰৰ ৰাজহুৱা সভাস্থলীত পাঁচটাকৈ বৃহৎ মণ্ডপ,আকৰ্ষণীয় মঞ্চ,সূচল যাতায়াতৰ বাবে বহু পথৰ উন্নয়ন,তিনিখনকৈ হেলিপেড,যান-বাহনৰ পাৰ্কিঙৰ বাবে প্ৰায় ৩০ টাকৈ স্থান ইতিমধ্যে ব্যৱস্থা কৰা হৈছে৷ প্ৰায় দুই লক্ষ মানুহৰ বৃহৎ সমাৱেশ ঘটিবলগীয়া এই অনুষ্ঠানৰ বাবে জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতা প্ৰদৰ্শন কৰিছে৷ আনহাতেদি,উজনিৰ প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰধানমন্ত্ৰীৰ এই ৰাজহুৱা অনুষ্ঠানলৈ আহিব ৮ খন বিশেষ ৰে’লৰ জৰিয়তে ৰাইজ৷ তদুপৰি,প্ৰধানমন্ত্ৰী মোদীৰ ৰাজহুৱা অনুষ্ঠানটোৰ বাবে ১৫হাজাৰৰো অধিক যান-বাহনৰো ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে,অহা ২৮ এপ্ৰিলত ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজৰ সমীপৰ হিলৈধাৰী গাঁৱত দিনে-নিশাই নিৰ্মাণ কৰি থকা অস্থায়ী হেলিপেডত অৱতৰণ কৰি ডিব্ৰুগড়ৰ মেডিকেল চৌহদত নিৰ্মাণ সম্পূৰ্ণ হোৱা ডিব্ৰুগড়ৰ অত্যাধুনিক ৩০০খন বিছনাযুক্ত কেন্সাৰ কেয়াৰ লগতে ৰাজ্যৰ আন ৭খন কেন্সাৰ কেয়াৰ হাস্পতালৰ শুভ উদ্বোধন কৰাৰ পাছত খনিকৰত বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

বিজেপি চৰকাৰৰ আমোলত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং জিলালৈ ২৮ তাৰিখে যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ ইয়াৰ পূৰ্বে ১৯৭২ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী হাওৰাঘাট আৰু ধনশিৰিলৈ আহিছিল৷ ইয়াৰ পাছত ২০০৯ চনত বৈঠালাংছ’লৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিং৷ ২৮ তাৰিখে হাওৰাঘাটৰ লৰিংথেপিলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ তাৰ বাবে এতিয়া বিজেপি চৰকাৰৰ মন্ত্ৰী,বিধায়ক,কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য,কাৰ্যবাহী সদস্য,বিজেপি দলৰ নেতা-কৰ্মী আৰু জিলা প্ৰশাসনৰ ব্যস্ততাৰ সীমা নাই৷ সিদিনা শান্তি আৰু প্ৰগতি সমাৰোহত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে৷ চৰকাৰীভাৱে জনোৱা হৈছে ৫ লাখ লোক সমবেত হ’ব উক্ত সমাৰোহত৷ আজি ডিফুত মণ্ডল বিজেপিৰ নেতাসকলক লৈ এখন বৃহৎ সভা সম্পন্ন হয় ডিফু চৰকাৰী বালক বিদ্যালয়ৰ খেলপথাৰত৷ য’ত মন্ত্ৰী পীয়ূষ হাজৰিকা, যোগেন মহনে অংশগ্ৰহণ কৰে৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা সমষ্টিৰ পৰা ১০-১৫ হাজাৰকৈ মানুহ অনাৰ দায়িত্ব দিয়া হৈছে প্ৰতিজন সদস্যক৷ মুঠ ১১ হাজাৰ গাড়ীত মানুহ অনা হ’ব সমাৱেশস্থলীলৈ৷ য’ত খৰছ হ’ব ২৫ কোটি টকা৷ বাছ কাৰ্বি আংলং,নগাঁও,কামৰূপকে ধৰি সমগ্ৰ নামনি অসমৰ পৰা অনা হ’ব৷ একেদৰে চুবুৰীয়া জিলাসমূহৰ পৰাও বিজেপি দলৰ কৰ্মীসকল আহিব প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ ওচৰৰ পৰা জনপ্ৰিয় নেতাজনক চাবলৈ৷ ইয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি, ডিমাছা,তিৱা,গাৰো,বড়োকে ধৰি ৩০টা জনগোষ্ঠীৰ ১০০ জনকৈ শিল্পীৰ দল সাজু কৰিছে প্ৰধানমন্ত্ৰীক আদৰিবলৈ৷ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা এইসকল লোক সমাৱেশস্থলীৰ প্ৰথম ভাগত বহি অসমৰ বৰ্ণিল জনগোষ্ঠী আৰু সাজপাৰেৰে এক সুন্দৰ দলিচা প্ৰধানমন্ত্ৰীৰ চকুত লগাকৈ ৰাখিব৷ সমগ্ৰ কাৰ্বি আংলং জিলাত এতিয়া প্ৰশাসন সষ্টম হৈ আছে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ৷ আজি ডিফুত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ৫ লাখ লোকৰ উপস্থিতিত হাওৰাঘাটত ২৮ এপ্ৰিলত সম্পন্ন হ’ব প্ৰধানমন্ত্ৰীৰ শান্তি আৰু প্ৰগতি সমাৰোহ৷ আজি দলীয় সকলো নেতাই কৈছে জনতা স্বতঃস্ফুৰ্তভাৱে আহিবলৈ সাজু হৈ আছে৷ নিজৰ ধন ভাঙি প্ৰধানমন্ত্ৰীৰ সভালৈ আহিবলৈ জনতা উত্ৰাৱল হৈ আছে৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ ওপৰত জনতাৰ অগাধ বিশ্বাস আছে৷ সেয়ে পৌৰ নিগমৰ নিৰ্বাচনত ৬০টা ৱাৰ্ডৰ ৫৮ টাতে বিজেপিক জয়ী কৰাইছে৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতিৰ বুজ ল’বলৈ কাইলৈ পুনৰ কাৰ্বি আংলঙলৈ মুখ্যমন্ত্ৰী আহিব বুলিও কয় মন্ত্ৰী মন্ত্ৰী পীয়ূষ হাজৰিকাই৷