Logo
image

পুৱাই মহানগৰীত আবালবৃদ্ধবণিতাৰ দৌৰ

আমাৰ অসম,২৫ এপ্ৰিলঃ টেক্‌নিচ–আইআইটি গুৱাহাটীয়ে ২৪সংখ্যক বৰ্ষত প্ৰৱেশ কৰি ইউনিচেফ অসমৰ সহযোগত গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা বাসিন্দাসকলৰ মাজত এক উন্নত সামাজিক আৰু মানৱীয় বাৰ্তালাপৰ প্ৰচাৰৰ বাবে দেওবাৰে গুৱাহাটী হাফ মাৰাথনৰ আয়োজন কৰে৷ এইবছৰ মাৰাথনত সমাজৰ বিভিন্নক্ষেত্ৰৰ ১৫০০ৰো অধিক লোকে এক উন্নত সমাজৰ বাবে তেওঁলোকৰ জ্ঞান আৰু চিন্তাৰ অনুভূতি বিয়পাবলৈ অংশগ্ৰহণ কৰে৷ মাৰাথনৰ দ্বাদশ সংস্কৰণটো ইয়াৰ ‘ৰান ফ’ৰ চাইল্ড প্ৰটেকশ্বন, ষ্টেণ্ড আপ উইথ ক্ন য়ুথ ফ’ৰ সুৰক্ষা’বিষয়বস্তুৰে সফলতাৰে আয়োজন কৰা হয়৷ গুৱাহাটী হাফ মাৰাথন ২০২২-এ মানুহক সমাজৰ সমৃদ্ধিৰ বাবে পৰিৱৰ্তনৰ অংশ হ’বলৈ আহ্বান জনায়৷ লগতে সমাজত প্ৰচলিত সমস্যা যেনে শিশু শ্ৰম,শিশু উৎপীড়ন,শিশু সৰবৰাহ,শিশুৰ বিৰুদ্ধে চাইবাৰ অপৰাধ,নিৰক্ষৰতা,ভোক আৰু বিকাশৰ অভাৱৰ বাবে অধিক দায়বদ্ধ হ’বলৈ আহ্বান জনায়৷ গুৱাহাটী হাফ মাৰাথন ২০২২-এ সকলোকে এই বিষয়বোৰৰ বিষয়ে চিন্তা কৰিবলৈ এখন মঞ্চ প্ৰদান কৰে আৰু সাধাৰণ ৰাইজৰ ধাৰণাত অলপ পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰে৷ অসম এথ্‌লেটিক একাডেমীৰ সাধাৰণ সম্পাদক অশোক কুমাৰ ভৰালী মাৰাথনৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে৷ তেওঁ এনএছএছৰ আঞ্চলিক সঞ্চালক দীপক কুমাৰৰ সৈতে যোগদান কৰে,যি পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰ সময়ত বিজয়ীসকলক সম্বৰ্ধনা জনোৱাৰ বাবে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লগতে অসম চৰকাৰৰ প্ৰশাসনিক বিষয়া নিবেদন দাস পাটোৱাৰী অনুষ্ঠানটোত উপস্থিত থাকে৷ ২১ কিলোমিটাৰ দৌৰৰ দৌৰবিদসকলৰ ভিতৰত  অসম আৰক্ষীৰ এডিজিপি মুন্না প্ৰসাদ গুপ্তায়ো অংশগ্ৰহণ কৰে৷ জীৱনৰ বিভিন্নক্ষেত্ৰৰ বিশাল অংশগ্ৰহণৰ কথা মনত ৰাখি,গুৱাহাটী হাফ মাৰাথন তিনিটা অনুষ্ঠান হিচাপে পৰিচালনা কৰা হৈছিলঃ গ্ল’ৰী ৰান- হাফ মাৰাথনৰ ফ্লেগশ্বিপ দৌৰ,দ্য গ্ল’ৰী ৰান আছিল মুখ্যতঃ পেছাদাৰী দৌৰবিদসকলৰ তৃষ্ণা নিবাৰণৰ বাবে আয়োজিত ২১ কিলোমিটাৰ দৌৰ৷ এই শ্ৰেণীত সমগ্ৰ ভাৰতৰ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে৷ স্পিৰিট ৰান-এইবিধ দৌৰ গুৱাহাটীৰ নাগৰিকসকলৰ বাবে বিশেষভাৱে আয়োজন কৰা ৬ কিলোমিটাৰ দৌৰ আছিল৷ সকলো নাগৰিকক একত্ৰিত হৈ এই উদ্দেশ্যৰ বাবে দৌৰিবলৈ উৎসাহিত কৰি,সকলো বয়সৰ লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ সাধাৰণ চেম্পিয়নশ্বিপ- এই দৌৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে এক বিশেষ অনুষ্ঠান আছিল,য’ত অংশগ্ৰহণকাৰীসকলে সাধাৰণ চেম্পিয়নশ্বিপৰ ট্ৰফীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে৷ ২১ কিলোমিটাৰ দৌৰত পুৰুষ শাখাত ক্ৰেষ্টাৰজুন পাথ’প্ৰথম,নানটেই ৱাংনাও দ্বিতীয় আৰু পৱন কুমাৰ সিঙে তৃতীয় স্থান লাভ কৰে৷ আনহাতে,মহিলা শাখাত প্ৰথম কিউনংটিমন মাৰৱিন,দ্বিতীয় লিলি ফাংচ’পি,ৰেখামণি শইকীয়াই তৃতীয় স্থান লাভ কৰে৷ ৬ কিলোমিটাৰ দৌৰত পুৰুষৰ শাখাত দীনেশ কুমাৰে প্ৰথম, হেপ্‌ষ্টাৰলি লিংখই দ্বিতীয় আৰু ডেনিয়েল লিংডোৱে  তৃতীয় স্থান আৰু মহিলা শাখাত গ্ল’ৰীফি কাৰবাই প্ৰথম,দিপামণি ডেকাই দ্বিতীয় আৰু কাগিৰ মিলিকপিয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে৷ বিজয়ীসকলে ট্ৰফী আদি লাভ কৰে৷ গান্ধীবস্তিৰ এবিআইটিএ ষ্টেডিয়ামত পুৱা ২১ কিলোমিটাৰ দৌৰৰ পেছাদাৰী মাৰাথনৰ সৈতে অনুষ্ঠানটো আৰম্ভ হয়৷ ইয়াৰ পাছত সাধাৰণ ৰাইজৰ বাবে ৬ কিলোমিটাৰৰ দৌৰ অনুষ্ঠিত হয়৷ উল্লেখ্য,পুৱাই মহানগৰীত উলিওৱা আবালবৃদ্ধবণিতাৰ দৌৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷