Logo
image

মৃগেন,শশাংক,মেঘনা মেয়ৰৰ দাবীদাৰ! ডেপুটী বিচাৰিছে অগপই

আমাৰ অসম,২৫ এপ্ৰিলঃ বিৰোধী শিৱিৰক বিধবস্ত কৰি গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত ৬০ খন আসনৰ ভিতৰত ৫৮ খন আসনত জয়লাভ কৰিলে বিজেপি মিত্ৰজোঁটে৷ আনহাতে,এখনকৈ আসন লাভ কৰিছে ‘আপ’আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীয়ে৷ পৌৰ নিগমৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰাৰ পাছতে কোন হ’ব মেয়ৰ,কাক বহুওৱা হ’ব ডেপুটী মেয়ৰৰ আসনত– এই বিষয়ত ব্যাপক জল্পনা-কল্পনা আৰম্ভ হৈছে৷ মেয়ৰৰ দৌৰত আছে প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়া,বিজেপি নেতা শশাংক ডেকা আৰু যুৱনেত্ৰী মেঘনা হাজৰিকাৰ নাম৷ মৃগেন শৰণীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো ঘনিষ্ঠ৷ পূৰ্বৰ কাম-কাজক লৈ তেওঁ বিজেপিৰ ‘গুডবুক’ত আছে যদিও মেয়ৰ পদৰ ক্ষেত্ৰত তেওঁ বিজেপিৰ দ্বিতীয় বিকল্প হ’ব পাৰে৷ আনহাতে,দীৰ্ঘদিনে বিজেপিৰ সাংগঠনিক ভেঁটি মজবুত কৰাত বিশেষ অৰিহণা যোগাই আহিছে বিজেপিৰ যুৱ নেতা শশাংক ডেকাই৷ সেইসূত্ৰে গুৱাহাটী পৌৰ নিগমৰ পৰৱৰ্তী মেয়ৰৰূপে শশাংক ডেকাক প্ৰক্ষেপ কৰিব পাৰে বুলিও চৰ্চা চলিছে৷ আনহাতে,যদি বিজেপিয়ে মেয়ৰ পদটোত কোনো মহিলাক প্ৰক্ষেপ কৰাৰ কথা চিন্তা-চৰ্চা কৰে,তেনেহলে বিজেপিৰ যুৱ নেত্ৰী মেঘনা হাজৰিকাৰ নাম অহাটো প্ৰায় নিশ্চিত৷ ইফালে,বিজেপিৰে মিত্ৰতা কৰি কেইবাটাও নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিক শাসনত বহুওৱাৰ বিনিময়ত ডেপুটী মেয়ৰৰ পদটো অগপই দাবী কৰা বুলি এক সূত্ৰত প্ৰকাশ৷ অৱশ্যে,আগন্তুক লোকসভা নিৰ্বাচনতো অগপৰে মিত্ৰতা অক্ষুন্ন ৰাখি বিজেপিয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমৰ ডেপুটী মেয়ৰৰ পদটো অগপক এৰি দিব পাৰে বুলিও চৰ্চা হৈছে৷ উল্লেখ্য,গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত একেৰাহে তিনিবাৰলৈ জয় লাভ কৰি জয় লাভৰ ‘হেট্ৰিক’কৰিবলৈ সক্ষম হৈছে ২৯ নং ৱাৰ্ডৰ বিজেপি দলৰ প্ৰাৰ্থী মৃগেন শৰণীয়াই৷ ইয়াৰ পূৰ্বে ২০০৩ আৰু ২০১৩ চনত অনুষ্ঠিত গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত শৰণীয়াই জয় লাভ কৰিছিল৷ তৃতীয়বাৰলৈ জয় লাভ কৰা তথা প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়ালৈ পুনৰ মেয়ৰ পদ আগবঢ়োৱা হ’ব নেকি বোলা সোধা এক প্ৰশ্নৰ উত্তৰত শৰণীয়াই কয় যে ক্ষমতাৰ প্ৰতি মই লালয়িত নহওঁ৷ দলে মোক যি দায়িত্ব দিয়ে,সেয়াই নিষ্ঠাসহকাৰে গ্ৰহণ কৰিম৷ ২৮ এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নাম ঘোষণাৰ সম্ভাৱনা আছে৷ স্বাভাৱিকতেই এতিয়া সকলোৰে মাজত এটাই চৰ্চা– কোন হ’ব নতুন মেয়ৰ৷