Logo
image

সাধাৰণ জিকাটোৰো আছে পাঁচোটা গুণ

থলুৱা পাচলিৰ ভিতৰত বৰ্তমান বজাৰত সহজতে পোৱা এবিধ পাচলি হ’ল জিকা৷ পুষ্টিকৰ খাদ্য হিচাপে বহু পাচলিৰ নাম পলকতে মনলৈ আহে যদিও সাধাৰণ জিকাটোৰ নামটো মনত নেখেলায়৷ কিন্তু জিকাৰ উপকাৰী গুণ শুনিলে আপুনি চমকি উঠিব৷ খাদ্য হিচাপে জিকা খুব সুস্বাদু নহ’লেও জিকাই ওজন কমোৱাত বিশেষভাৱে কাম কৰে৷ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত জিকাৰ ক্ষমতা অপৰিসীম৷ আহকচোন চিনাকি জিকাৰ কি কি অচিনাকি গুণ আছে তাৰেই বুজ লওঁ৷ 

[১] চকু ভালে ৰাখেঃ জানি সুখী হ’ব যে জিকাই চকুৰ সৌন্দৰ্য ভালে ৰাখে৷ জিকাত প্ৰচুৰ পৰিমাণে ‘বিটা কেৰোটিন’বা ভিটামিন ‘এ’ থাকে৷ যি চকু ভালে ৰখাত সহায়  কৰে৷ বিশেষকৈ বয়স্ক মানুহৰ ক্ষেত্ৰত জিকা অত্যন্ত উপকাৰী৷ জিকাই এফালে অপটিক স্নায়ু ভালে ৰাখে আৰু আনফালে বিভিন্ন ক্ষতিকাৰক পদাৰ্থৰ পৰা চকুৰ ৰক্তপৰিবাহী নলীসমূহক ৰক্ষা কৰাত সহায় কৰে৷ 

[২] ৰক্তাহীনতা কমায়ঃ জিকাত প্ৰচুৰ পৰিমাণে আইৰণ থাকে৷ এই কাৰণে নিয়মিত জিকা খালে ৰক্তাহীনতাত ভোগা ৰোগীয়ে উপকাৰ পায়৷ জিকাত ভিটামিন বি-৬ থাকে৷ যি ৰক্ত সঞ্চালনত বেচ উপকাৰ সাধে৷

[৩] ওজন কমায়ঃ জিকাত ফেট আৰু শৰীৰৰ ক্ষতিকাৰক কলেষ্টেৰ’ল নামমাত্ৰ থাকে৷ জিকাই শৰীৰত স্নেহপদাৰ্থ জমা হোৱাত বাধা দিয়ে৷ এইবিধ পাচলিত ফাইটোনিউট্ৰিয়েণ্ট নামৰ এক উপাদান থাকে,যি ডায়েবেটিছ নিয়ন্ত্ৰণত বিশেষভাৱে কাম কৰে৷ 

[৪] কোষ্ঠকাঠিন্য কমায়ঃ  জিকাত প্ৰচুৰ পৰিমাণে জলীয় উপাদান থাকে,লগতে চেলুলোজৰ মাত্ৰাও অধিক থাকে৷ এচামুচ মৌৰ সৈতে একাপ জিকাৰ ৰস মিহলাই পান কৰিলে কোষ্ঠকাঠিন্যৰ পৰা উপশম পাব পাৰি৷ এইবিধ পাচলিয়ে পেট ভালে ৰাখে৷ 

[৫] লিভাৰ সুৰক্ষিত কৰি ৰাখেঃ জিকাই শৰীৰৰ বিষাক্ত বৰ্জনীয় পদাৰ্থ,এলকহল,হজম নোহোৱা খাদ্যকণাৰ পৰা শৰীৰক ৰক্ষা কৰাত সহায় কৰে৷ যাৰ ফলত লিভাৰ সুৰক্ষিত হৈ থাকে৷ জণ্ডিচ ৰোগৰ ক্ষেত্ৰতো জিকাই সুফল দিয়ে৷