Logo
image

কংগ্ৰেছৰ আনপ্ৰফেছনেলিজ্‌ম

বিজেপি যে এটা সাংঘাতিক প্ৰফেছনেল ৰাজনৈতিক দল,সেইটো ইতিমধ্যে দলটোৰ কাম-কাজৰ দ্বাৰা প্ৰমাণিত হৈ গৈছে৷ আন ক্ষেত্ৰত হওক বা নহওক,নিৰ্বাচনক লৈ দলটো সাংঘাতিক ছিৰিয়াছ৷ সম্পূৰ্ণ কৰ্প’ৰেট আদব-কায়দাৰে বিজেপিয়ে প্ৰতিটো নিৰ্বাচন পৰিচালিত কৰে৷ লাগিলে সেয়া লোকসভাৰ নিৰ্বাচনেই হওক বা পঞ্চায়ত নিৰ্বাচনেই হওক৷ দলীয় প্ৰাৰ্থীৰ জয় নিশ্চিত কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ‘কেণা’ৰাখিব নিবিচাৰে বিজেপিয়ে৷ অসমবাসীৰ চকুৰ সমুখতে বিজেপিয়ে লোকসভা আৰু বিধানসভাৰ দুটাকৈ নিৰ্বাচন,উপ-নিৰ্বাচন,পৌৰ নিৰ্বাচনত নিজৰ কৌশলগত দক্ষতা দেখুৱাই দিলে৷ যুদ্ধত যিদৰে জয়লাভহে মূল লক্ষ্য হোৱা উচিত,ঠিক তেনেদৰে বিজেপিৰ বাবেও নিৰ্বাচনী জয়লাভেও মূল লক্ষ্য৷ ইয়াৰ বাবে লাগিলে যিকোনোধৰণৰ কৌশল কিয় গ্ৰহণ কৰিবলগীয়া নহওক কিয়৷ বিজেপিৰ এনে প্ৰফেছনেলিজ্‌মৰ বিপৰীতে দেশৰ অন্যতম পুৰণি ৰাজনৈতিক দল কংগ্ৰেছ শেহতীয়াভাৱে কিন্তু বিধবস্ত হৈ পৰিছে৷ কেৱল অসমতে নহয়,সমগ্ৰ দেশতে কংগ্ৰেছৰ অৱস্থা আজিৰ তাৰিখত পুতৌলগা৷ বছৰৰ পাছত বছৰ ধৰি কোনোধৰণৰ শক্তিশালী প্ৰতিদ্বন্দ্বী অবিহনে কংগ্ৰেছ দলে দেশ শাসন কৰি আছিল৷ কিন্তু যেতিয়া বিজেপিৰ দৰে শক্তিশালী প্ৰতিদ্বন্দ্বী আহি সন্মুখত থিয় দিলে,তেতিয়া দলটোৰ প্ৰকৃত কৌশলী স্বৰূপ ওলাই পৰে৷ ৰাজ্যসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত অসমত যি ঘটনা সংঘটিত হ’ল,সেয়া সকলোৱে দেখিলেই৷ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মাজত দলৰ হাইকামাণ্ডৰ অনুমতি সাপেক্ষে মিত্ৰতা হ’ল৷  প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে কংগ্ৰেছৰ প্ৰাৰ্থীজনক সমৰ্থন জনালে৷ সংখ্যাৰ দিশৰ পৰা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীজন নিৰ্বাচনত নিশ্চিতভাৱে জয়লাভ কৰিব লাগে৷ কিন্তু বহু ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হৈ থাকিল৷ হাইকামাণ্ডৰ অনুমতি সাপেক্ষে ৰাজ্যসভাৰ নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু আজমল বাহিনীৰ মাজত মিত্ৰতা হ’লেও আৰম্ভণিৰে পৰা শেষপৰ্যন্ত কংগ্ৰেছে মিত্ৰদল এ আই ইউ ডি এফক প্ৰতিটো পদক্ষেপতে চৰম শত্ৰুৰূপেহে ব্যৱহাৰ কৰি গ’ল৷ নিজৰ দলৰ প্ৰাৰ্থীজনক নিৰ্বাচনত জয়ী কৰোৱাৰ বাবে নূ্ন্য়তম আন্তৰিকতা প্ৰদৰ্শন নকৰিলে প্ৰদেশ কংগ্ৰেছে৷ ইয়াৰ বিপৰীতে সংখ্যা কম থকাৰ বাবে মিত্ৰদল ইউ পি পি এলৰ চৰম বিৰোধী বি পি এফৰে কৌশলপূৰ্ণ মিত্ৰতা কৰিলে বিজেপিয়ে৷ যাৰ ফলত বিপিএফৰ ভোট আদায় কৰিবলৈ সক্ষম হ’ল বিজেপিয়ে৷ কংগ্ৰেছে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে নিজৰ দলৰ প্ৰাৰ্থীজনৰ বিৰুদ্ধেই কৌশলগত স্থিতি গ্ৰহণ কৰাৰ পাছতো নিৰ্বাচন শেষ হোৱাৰ লগে লগে তেওঁৰ ওপৰত দলৰ শীৰ্ষ নেতাই জাপি দিলে গুৰুতৰ অভিযোগ আৰু অপবাদ৷ আৰম্ভণিৰে পৰা এইবিলাক হাইকামাণ্ডৰ চকুৰ সন্মুখতে সংঘটিত হ’ল৷ অসম কংগ্ৰেছৰ দায়িত্বত থকা হাইকামাণ্ডৰ প্ৰতিনিধিজনে এবাৰো এই পৰিস্থিতি নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে৷ বৰং প্ৰদেশ কংগ্ৰেছৰ সৈতে হাত উজানহে দিলে৷ গুৱাহাটী পৌৰ নিগম আৰু ৰাজ্যৰ আন পৌৰসভাসমূহৰ নিৰ্বাচনৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গ’ল  কংগ্ৰেছৰ অদক্ষতা আৰু অদূৰদৰ্শিতা৷ ফলত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’ল পৌৰ নিৰ্বাচনত৷ ইয়াৰ বিপৰীতে বিজেপি দলে অতি পৰিকল্পিত আৰু সুসংগঠিতভাৱে গুৱাহাটী পৌৰ নিগম আৰু ৰাজ্যৰ আন পৌৰসভাসমূহৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ চমকপ্ৰদ সফলতা লাভ কৰিলে৷ প্ৰদেশ কংগ্ৰেছৰ আত্মঘাতী কাম-কাজে আজি দলটোক প্ৰতিটো নিৰ্বাচনত মুখথেকেচা খাবলৈ বাধ্য কৰাইছে৷ কেৱল সংবাদ মাধ্যমকেন্দ্ৰিক হৈ পৰা অসম কংগ্ৰেছৰ সাংগঠনিক ভেটি আজি থৰক-বৰক হৈ পৰিছে৷ পৰাজয় কংগ্ৰেছৰ আন এটা পৰিচয় হৈ পৰিছে৷ ইয়াৰ বাবে কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া দলটোৰ নেতৃত্ব৷ দলটোৰ নীতি৷ দলটোৰ আনপ্ৰফেছনেলিজ্‌ম৷ গণতন্ত্ৰত যিহেতু শক্তিশালী বিৰোধীৰ অতি প্ৰয়োজন,সেয়ে সুস্থ গণতন্ত্ৰৰ স্বাৰ্থতে দেশৰ ইতিহাসত সৰ্বাধিক সময় শাসন কৰা দলটো শক্তিশালী ৰূপত থকাটো অতি প্ৰয়োজন৷ অৱশ্যে,কংগ্ৰেছৰ বিকল্প ৰাজনৈতিক শক্তিৰ উত্থান দেশৰ ভৱিষ্যতৰ বাবে এক শুভ ইংগিত৷ লোকসভাৰ আগন্তুক নিৰ্বাচনত এই বিকল্প বিৰোধীৰ শক্তিশালী উপস্থাপনে নিৰ্ণয় কৰিব দেশৰ ভৱিষ্যতৰ ৰাজনীতি৷