Logo
image

‘আপ’ৰ মাচুমা কেনেকৈ জিকিল? মিঞা-বিতৰ্কৰ পৰা চৰিত্ৰহননলৈ...

আমাৰ অসম,২৬ এপ্ৰিলঃ চাৰিওফালে বিজেপিৰ জয় জয়কাৰ৷ তাৰ পাছতো গুৱাহাটীৰ দুটা ৱাৰ্ডে কৰিছে বিকল্পৰ সন্ধান৷ হয়তো তাৰ বাবে ৰাজ্যত অৱতাৰণা হৈছে মিঞা বিতৰ্কৰ৷ ইতিমধ্যে মিঞা বিতৰ্কক লৈ  গৰম ৰাজ্যৰ ৰাজনীতি৷ সংখ্যালঘু অধ্যুষিত হাতীগাঁও আৰু গাড়ীগাঁও ৱাৰ্ড দুটা আপ-এজেপিয়ে দখল কৰাৰ পাছত মিঞা বিতৰ্কৰ সূচনা কৰিছে বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,বিধায়ক জয়ন্ত মল্ল বৰুৱা,প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱ আদিয়ে৷ কোন বেছি মিঞা বিৰোধী সেই কথা প্ৰতিষ্ঠা কৰিবলৈ যেন শাসকীয় পক্ষৰ মাজতে চলিছে অঘোষিত প্ৰতিযোগিতা৷ আনকি ইয়াকে লৈ বিজেৰি বিধায়ক-সাংসদৰ মাজত দেখা গৈছে পৰস্পৰ বিৰোধী স্থিতি৷ আপৰ উত্থানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই কয়– আপে এটা ৱাৰ্ড পোৱাক লৈ চিন্তিত নহয় বিজেপি৷ সিজুবাৰী,হাতীগাঁও আদি অঞ্চলত মিঞা আছে বুলি সকলোৱে জানে৷ সিজুবাৰীত ভোট পোৱা আৰু জনিয়া-বাঘবৰত ভোটপোৱা একে কথা৷  ইয়াৰ বিপৰীতে আপ-এজেপিয়ে হাতীগাঁও,গাড়ীগাঁও দখল কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয়– হাতীগাঁও আৰু গাড়ীগাঁৱত আমি  জয়লাভ কৰিব নোৱাৰো বুলি জানো৷ কিন্তু আমি হাতীগাঁও,গাড়ীগাঁৱৰ মানুহখিনিত পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিলো৷ ভৱিষ্যতে আমি সেই ৱাৰ্ড দুটা আমাৰ দখললৈ আনিবলৈ চেষ্টা কৰিম৷ ইফালে বিজেপিৰ এনে বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এজেপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷ তেওঁ কয়– যি দুটা ৱাৰ্ডত এজেপি আৰু আপে জয়লাভ কৰিছে সেই দুটা ৱাৰ্ডত বিজেপিয়েও ভোট বিচাৰি গৈছিল৷ মিটিং পাতিছিল;মুখ্যমন্ত্ৰীয়ে গৈ ভোট বিচাৰিছিল,ইফটাৰ কৰিছিল৷ হাজী মুজাফিৰ খানালৈ গৈ ভোট বিচাৰিছিল৷ ইউ ডি এফৰ প্ৰাক্তন নেতাৰ জৰিয়তে গোহাৰি বিতৰণ কৰিছিল৷ মুছলমানৰ ভোট পাবলৈ ইমান অফুৰন্ত হাবিয়াস থকা দলটোৱে যদি সেই ৱাৰ্ড দুটাত জয়ী হ’লহেঁতেন তেতিয়া ক’লেহেঁতেন খিলঞ্জীয়া মুছলমান আমাৰ বিজেপিৰ লগত আছে৷ হৰা বাবে কৈছে এজেপি,আপ মিঞাৰ ভোটেৰে জিকিছে৷ ইয়াৰ জৰিয়তে বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপমান কৰিছে৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইন আৰু তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ বিশিষ্ট সাংবাদিক ৱাছবীৰ হুছেইনক অপমান কৰিছে৷ তেওঁলোক মিঞা নেকি? প্ৰধানমন্ত্ৰী মোদী ক্ষমতালৈ অহাৰ পাছত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা ডাঃ ইলিয়াছ আলীও সেই অঞ্চলৰ বাসিন্দা৷ ডাঃ আলীও মিঞা নেকি? এই কথাবোৰৰ উত্তৰ বিজেপিয়ে দিব লাগিব৷ যি সময়ত গুৱাহাটীৰ হাতীগাঁও আৰু গাড়ীগাঁৱৰ বাসিন্দাসকলক মিঞা সজাবলৈ অহোপুৰুষাৰ্থ কৰিছে বিজেপিয়ে সেই সময়ত ছ’চিয়েল মিডিয়া যোগে একাংশ লোকে পবিত্ৰ মাৰ্ঘেৰিটা-জয়ন্ত মল্লক উদ্দেশ্যি কটাক্ষ কৰি কয়- লুইতৰ পাৰ জিলিকাবলৈ স্থাপন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাটিখিনি দান দিছিল গাড়ীগাঁৱৰ অসমীয়া সমাজে৷ ১৯৪৮ চনত৷ তেতিয়া [অ]পবিত্ৰ মাৰ্ঘেৰিটাহঁতৰ জন্মই হোৱা নাছিল৷ গতিকে আবোল-তাবোল বকা স্বাভাৱিক৷ আনহাতে শেহতীয়াভাৱে আপৰ নিৰ্বাচিত পাৰিষদ মাছুমা বেগমে ৰীল বনোৱাক লৈও ৰাজ্যত সৃষ্টি হৈছে অবাঞ্চিত বিতৰ্কৰ৷ বিজেপিৰ একাংশ অন্ধ সমৰ্থকে মাছুমা বেগমক লৈ ঠাট্টা-মস্কৰা কৰাই নহয়, একাংশই তেওঁৰ চৰিত্ৰ হনন কৰিবলৈও কুণ্ঠাবোধ কৰা নাই৷ এইখিনিতে প্ৰশ্ন হৈছে–ৰীল বনোৱা ব্যক্তি জনপ্ৰতিনিধি হ’ব নোৱাৰে নেকি? গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এগৰাকী আম আদমী পাৰ্টীৰ প্ৰাৰ্থী জয়ী হ’ল৷ নাম মাছুমা বেগম৷ জয়ী হোৱাৰ পিছত চৰ্চাত মাছুমা৷ প্ৰাৰ্থী গৰাকী কোনটো ৱাৰ্ডৰ পৰা জয়ী হ’ল,কিয় জিকিল সেই সমূহ কথা ৰাজনৈতিক দলসমূহে পৰ্যালোচনা কৰিবই৷ কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে জয়ী প্ৰাৰ্থী গৰাকীৰ পুৰণি ভিডিঅ’,ৰীল ছচিয়েল মিডিয়াত ভাইৰেল কৰি ঠাট্টা মস্কৰা কৰিব৷ কাৰোবাৰ চৰিত্ৰ হনন কৰাটো ৰাজনীতিৰ শুভলক্ষণ নহয়৷ এয়াই যদি হয় ৰীল বনোৱা,ফটো আপলোড কৰা মানুহে ৰাজনীতিত জনপ্ৰতিনিধি হোৱাৰ সপোন বাদ দিব লাগিব৷ শাসকীয় দলৰ একাংশ পালি নেতাই এই ক্ষেত্ৰত নিজকে সংযমত ৰখা উচিত৷ কিন্তু ৰাজনীতি কৰা মাছুমাই এই চৰিত্ৰ হননৰ চিকাৰ হৈছে তেনে নহয়৷ বিগত সময়ত ৰাজনীতিত জড়িত সক্ৰিয় মহিলা সকল প্ৰায়ে চৰিত্ৰ হননৰ চিকাৰ হৈছে৷ আঙুৰলতা ডেকা, মীৰা বৰঠাকুৰ আদি বহু উদাহৰণ আছে৷ এই ধাৰা অব্যাহত থাকিলে ৰাজনৈতিক পথাৰত মহিলাসকল নামিবলৈয়ে কুণ্ঠাবোধ কৰিব৷ এনে ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে এটাই স্থিতি ল’ব লাগিব যি দলৰে নহওক ব্যক্তিগত পৰ্যায়লৈ গৈ চৰিত্ৰ হনন কৰিলে তাৰ বিৰোধিতা কৰিবই লাগিব৷ কেৱল নিজে ভালপোৱা দলৰ নেত্ৰী হ’লে বিৰোধিতা কৰা আৰু আদৰ্শ নিমিলা দলৰ নেত্ৰীক কোনোবাই চৰিত্ৰ হনন কৰা দেখি হাত সাৱটি বহি থাকিলে সেয়া স্ব-বিৰোধিতাহে হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নতুন প্ৰজন্মক ৰীল বনোৱা,ছ’চিয়েল মিডিয়াত জড়িত হ’বলৈ আহ্বান জনাইছিল৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মাছুমা বেগমে কয়– যিসকলে মোক লৈ ট্ৰোল কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো৷ তেওঁলোকে মোৰ প্ৰচাৰ কৰি আছে৷ ভিডিঅ’,ৰীল সকলোৱে বনায়৷ কোনো সংবিধানত লিখা নাই যে ৰীল বনোৱা ব্যক্তি জনপ্ৰতিনিধি হ’ব নোৱাৰে বুলি৷ এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত জীৱন৷ ৰীল বনাবলৈ,ভিডিঅ’বনাবলৈ মোৰো অধিকাৰ আছে৷ আৰু ট্ৰোল কৰক৷ ইয়াৰ জৰিয়তে মোৰ ভালহে হৈছে৷ সময় পালে ৰীল নিশ্চিতভাৱে হ’ব৷