Logo
image

নগদ ধনেৰে ‘টুইটাৰ’ কিনিলে এলন মাস্কে

আমাৰ অসম,২৬ এপ্ৰিলঃ ভাৰতীয় মুদ্ৰাত সংখ্যাটো হিচাপ কৰিবলৈ টান৷ মাৰ্কিন ডলাৰত এল’ন মাস্কে আগবঢ়াইছিল ৪১০০ কোটি৷ সেই অংক ভাৰতীয় মুদ্ৰাত হ’ব ৩১,২৩,২৩,৬৫,০০,০০০.০০ টকা৷ নগদ ধনৰ এই পৰিমাণ দেখি অৱশেষত টুইটাৰ কতৃৰ্পক্ষই পৃথিৱীৰ আটাইতকৈ ধনী উদ্যোগপতি এল’ন মাস্কক টুইটাৰ নামৰ বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় মাইক্ৰ’ব্লগিং ছাইটটো বিক্ৰী কৰিবলৈ সন্মত হৈছে৷ বিগত প্ৰায় এপষেক ধৰি এল’ন মাস্কে টুইটাৰ ক্ৰয় কৰিবলৈ সক্ষম হ’বনে নহয় সেইটোৱেই আছিল বিশ্বৰ অৰ্থনীতিৰ বজাৰত সবাতোকৈ বৃহৎ বিতৰ্ক৷ সক্ষম হ’ব বা নহ’ব– সেই লৈ বিশ্বজুৰি জুৱাও চলিছিল৷ অৱশেষত সোমবাৰে টুইটাৰ কতৃৰ্পক্ষই এল’ন মাস্কে আগবঢ়োৱা নগদ ধনৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হ’ল৷ এল’ন মাস্ক বিশ্বৰ ভিতৰত আটাইতকৈ ধনাঢ্য ব্যক্তি,সেয়া ডাঙৰ কথা নহয়– ডাঙৰ কথাটো হৈছে তেওঁ যি ক্ৰয় কৰিবলৈ বিচাৰে সেয়া আদায় কৰিহে এৰে৷ টুইটাৰৰ ক্ষেত্ৰটো সেই কথা পুনৰবাৰ প্ৰমাণ হ’ল৷ কিয়নো যিমান ধনেই আগনবঢ়াওক কিয়,টুইটাৰে কোনোপধ্যে এল’ন মাস্কৰ ওচৰত আত্মসমৰ্পণ নকৰে বুলি বিবৃতিত প্ৰকাশ কৰিছিল৷ পিছে টুইটাৰৰ বাবে খাল খান্দি ঘঁৰিয়াল চপোৱাৰ দৰে এটা ঘটনা সংঘটিত হৈছিল মাথোঁ কিছুদিনৰ পূৰ্বে৷ প্ৰথমে এল’ন মাস্কে বিভিন্ন প্ৰলোভন আৰু পদক্ষেপৰ জৰিয়তে ২২ কোটি টকাৰ বিনিময়ত টুইটাৰৰ ৯.২ শতাংশ অংশ ক্ৰয় কৰিছিল৷ কেইদিনমান অপেক্ষা কৰাৰ পাছতে এল’ন মাস্কে হঠাতে ঘোষণা কৰে যে তেওঁ বিশ্বৰ জনপ্ৰিয়তম মাইক্ৰ’ব্লগিং ছাইটটো সম্পূৰ্ণৰূপে কিনি পেলাবলৈ ইচ্ছ্য়ুক৷ তাৰ বাবে তেওঁ টুইটাৰৰ প্ৰতি অংশীদাৰিত্বত ৫৪.২০ মাৰ্কিন ডলাৰকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়ে৷ এল’ন মাস্কৰ এই প্ৰস্তাৱ লাভ কৰাৰ পাছতে আতংকিত হৈ পৰে টুইটাৰৰ কতৃৰ্পক্ষ৷ কিয়নো মাস্কৰ প্ৰস্তাৱ কেৱল আগ্ৰাসীয়েই নাছিল,আছিল লোভনীয়ও৷ সেয়ে টুইটাৰ কতৃৰ্পক্ষই প্ৰথমে এল’ন মাস্কৰ প্ৰস্তাৱটো নাকচ কৰিলেও সেই সন্দৰ্ভত বিশেষভাৱে বিশ্লেষণ কৰিবলৈ এখন কমিটী গঠন কৰে৷ মাজৰ এই দহ-পোন্ধৰ দিনৰ সময়ছোৱাত বিশ্ব অৰ্থনীতিত প্ৰৱল ধুমুহাৰ সৃষ্টি হয়– কি হ’ব টুইটাৰৰ ভৱিষ্যত,কোন হ’ব মালিক? এই বিতৰ্ক চলি থকাৰ মাজতে প্ৰতিটো শ্বেয়াৰৰ মূল্য যোৱা ২১ এপ্ৰিলত বঢ়াই দিছিল এল’ন মাস্কে৷ তদুপৰি তেওঁ সকলো ধন নগদে প্ৰদান কৰিব বুলিও নতুন প্ৰস্তাৱত উল্লেখ কৰে৷ অৱশেষত এল’ন মাস্কৰ আগ্ৰাসী আৰু লোভনীয় প্ৰস্তাৱৰ সন্মুখত নতি স্বীকাৰ কৰিবলৈ বাধ্য হ’ল টুইটাৰ কতৃৰ্পক্ষ৷ সোমবাৰে বিশ্বৰ আগশাৰীৰ কেইবাটাও সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি টুইটাৰে এল’ন মাস্কৰ প্ৰস্তাৱ ইতিবাচকভাৱে গ্ৰহণ কৰিছে৷ কোৱা হৈছে সোমবাৰে গভীৰ নিশা বা মঙলবাৰৰ পুৱাতে টুইটাৰ কতৃৰ্পক্ষই চূড়ান্ত ঘোষণা কৰিব৷ তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে,টুইটাৰ কিনি লোৱাৰ পাছত সেই মাধ্যমত বাক্‌ স্বাধীনতাৰ সম্পূৰ্ণ অধিকাৰ থাকিব বুলি এল’ন মাস্কে ঘোষণা কৰিছে৷ এতিয়া বহু সময়ত টুইটাৰে আপত্তিজনক টুইট ডিলিট কৰি দিয়ে৷ ভাৰতৰ দৰে দেশত শাসনাধিষ্ঠিত দলৰ বিৰুদ্ধে কৰা সাধাৰণ টুইটো এতিয়াৰ টুইটাৰ কতৃৰ্পক্ষই চৰকাৰৰ হেঁচাত মোহাৰি পেলাবলৈ বাধ্য হয়৷ এল’ন মাস্কে কৈছে,তেওঁ সম্পূৰ্ণ মালিক হ’লে টুইটাৰত সকলোৰে বাক্‌ স্বাধীনতা অটুট থাকিব৷ মাস্কৰ এই ঘোষণায়ো তেওঁ টুইটাৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত ইতিবাচক সমৰ্থন আনি দিয়ে৷