Logo
image

মেক্‌ৰঁ’পুনৰ ৰাষ্ট্ৰপতি,ফ্ৰান্সত বিদ্ৰোহ

আমাৰ অসম,২৬ এপ্ৰিলঃ একেৰাহে দ্বিতীয়বাৰলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ইমানুৱেল মেক্‌ৰঁ’৷ ২৪ এপ্ৰিলত ফ্ৰান্সত  দ্বিতীয় পৰ্যায়ৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয় আৰু নিশায়েই ভোটগণনা আৰম্ভ হয়৷ পুৱতি নিশালৈ ফলাফল প্ৰায় নিশ্চিত হয় আৰু ৰাষ্ট্ৰপতি ইমানুৱেল মেক্‌ৰঁ’ৱে ৫৮.২ শতাংশ ভোট লাভ কৰি জয়ী হয়৷ মূল প্ৰতিদ্বন্দ্বী মেৰীন লে পেনক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰলৈ দেশখনৰ ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ অৰ্জন কৰে তেওঁ৷ তেওঁৰ পূৰ্বে মাত্ৰ দুজন নেতাহে একেৰাহে দ্বিতীয়বাৰলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল৷ নিৰ্বাচনৰ পাছতে ইমানুৱেল মেক্‌ৰঁ’ৱে ৫৭-৫৮ শতাংশ ভোট পাব বুলি অনুমান কৰা হৈছিল৷ ফলাফলো সেইমতেই হয়৷ তেওঁৰ জয়ৰ পাছতে পেৰিছৰ বিখ্যাত আইফেল টাৱাৰৰ সমীপত সমৰ্থকসকলে জয়ৰ আনন্দ-উল্লাস প্ৰদৰ্শন কৰে৷ আইফেল টাৱাৰৰ পাৰ্কত এখন বিশাল স্ক্ৰীণত নিৰ্বাচনৰ ফলাফল ৰাজহুৱা কৰা হয়৷ তেওঁৰ জয়ৰ পাছতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন,ইউৰোপৰ দেশবোৰৰ মুৰব্বীৰ লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়েও শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য,ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্‌ৰঁ’ই ইছলামিক সন্ত্ৰাসবাদ দমনৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতে ইছলামিক দেশবোৰৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ তেওঁৰ এই সিদ্ধান্তৰ পাছতে ফ্ৰান্সত প্ৰতিবাদ হৈছিল৷ কিন্তু এতিয়া তেওঁ পুনৰ নিৰ্বাচিত হোৱাত ফ্ৰান্সৰ একাংশ জনতাই দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে৷