Logo
image

দেশত কংগ্ৰেছেই বিজেপিৰ বিকল্প!

কেন্দ্ৰীয় ৰাজনীতিৰ ছেমিফাইনেলৰূপে খ্যাত উত্তৰ প্ৰদেশকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিৰোধী একপ্ৰকাৰ ধূলিসাৎ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিব পৰা নগ’লেও বিৰোধীৰ সম্ভাৱনা যে তেনেই ক্ষীণ এই কথা কোনেও নুই কৰিব নোৱাৰে৷ তথাপি বিৰোধীয়ে সংগঠন শক্তিশালী কৰি যুঁজ দিয়া উচিত৷ ভাৰতীয় সংসদীয় ৰাজনৈতিক ইতিহাসলৈ লক্ষ্য কৰিলে সময় কিমান নিষ্ঠুৰ সেই কথা কংগ্ৰেছতকৈ বেছি আন কোনেও অনুধাৱন কৰিব নোৱাৰিব৷

কংগ্ৰেছৰ বৰ্তমান

দেশৰ ৰাজনীতিৰ আটাইতকৈ পুৰণি দলটোৰ অৱস্থা সম্প্ৰতি অতি পুতৌজনক৷ নেতৃত্বৰ সংকট,যোগ্যতাক মৰ্যাদা নিদিয়া আদি কাৰণত কংগ্ৰেছ আজি এই অৱস্থাত৷ বহুতে প্ৰত্যক্ষভাৱে গান্ধী পৰিয়ালক কংগ্ৰেছৰ সাম্প্ৰতিক অৱস্থাৰ বাবে জগৰীয়া কৰিলেও এই কথা সম্পূৰ্ণ সঁচা বুলি ক’ব নোৱাৰি৷ কংগ্ৰেছৰ আজিৰ অৱস্থাৰ অন্যতম কাৰণ হ’ল তৃণমূল পৰ্যায়ৰ পৰা আদি কৰি ছাত্ৰনেতাৰ পৰা হাইপ্ৰফাইল নেতাৰ স্বজনপ্ৰিয়তা আৰু অবাধ হাৰত কৰা দুৰ্নীতি৷ চাকৰিৰ পৰা আদি কৰি শিক্ষানুষ্ঠানৰ আসন দিয়ালৈকে কংগ্ৰেছৰ নেতা-পালিনেতাই নিজৰ শাসনকালত দুৰ্নীতি কৰি আহিছিল,যিবোৰ কথা হাইকামাণ্ডৰ বহু নিকা নেতাই জনা নাছিল৷ এনেবোৰ দুৰ্নীতিৰ ভুক্তভোগী সাধাৰণ মানুহে বিনাদ্বিধাই কংগ্ৰেছৰ এনে কুকৰ্মৰ কথা মানুহৰ আগত প্ৰকাশ কৰিছিলষ৷ এনেদৰে লাহে লাহে সাধাৰণ মানুহৰ মাজৰ পৰা কংগ্ৰেছে নিজৰ খোপনি হেৰুৱাই পেলায়৷

জে্যষ্ঠ বনাম কনিষ্ঠৰ শীতল যুঁজ

কংগ্ৰেছত কিছুসংখ্যক পুৰণি নেতাৰ সৈতে উদীয়মান সম্ভাৱনাপূৰ্ণ নেতাৰ শীতল যুদ্ধ সঘনে চলি থাকে৷ হাইপ্ৰফাইল পুৰণি নেতাবোৰে নিজকে চিৰস্থায়ী নেতা বুলি ভাবি থৈছে আৰু তেওঁলোকৰ ঠাই যাতে তেওঁলোক জীয়াই থকালৈকে কোনেও ল’ব নোৱাৰে তাৰবাবে কনিষ্ঠ সম্ভাৱনাপূৰ্ণ নেতাসকলক ভাল সুযোগৰ পৰি বঞ্চনা কৰি আহিছে৷ এনে প্ৰেক্ষাপটত কনিষ্ঠ কিছু নেতাই হীনমন্যতা অনুভৱ কৰি দলৰ হৈ কাম কৰাত উৎসাহী হ’ব পৰা নাই৷ 

ব্যক্তিগত স্বাৰ্থত গান্ধী পৰিয়ালক এচাম পুৰণি নেতাৰ তৈলমৰ্দন

কংগ্ৰেছৰ সাম্প্ৰতিক অৱস্থাৰ বাবে বহু ৰাজনৈতিক বিশ্লেষকে গান্ধী পৰিয়ালক জগৰীয়া কৰে৷ কিন্তু গান্ধী পৰিয়ালৰ পৰা ৰাহুল গান্ধীয়ে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ কৰি পৰৱৰ্তী সভাপতি গান্ধী পৰিয়ালৰ পৰা নোহোৱাই ভাল বুলি এআইচিচিৰ জ্যেষ্ঠ নেতাসকলক সৈমান কৰাবলৈ চেষ্টা কৰিছিল আৰু মাতৃ ছোনিয়া গান্ধীকো নেতৃত্ব নল’বলৈ কৈছিল৷ দলৰ মংগলৰ বাবে গান্ধী পৰিয়ালে গান্ধী পৰিয়ালৰ বাহিৰৰ কোনোবা এজনক দলৰ দায়িত্ব দিয়াৰ পক্ষত সদায় আছিল৷ কিন্তু এচাম স্বাৰ্থলোভী জ্যেষ্ঠ কংগ্ৰেছ নেতাই নিজৰ স্থান হেৰুওৱাৰ ভয়ত গান্ধী পৰিয়াল বাদে আন কাকো নেতৃত্ব দিয়াৰ পক্ষত নাই,লাগিলে দল শেষ হৈ যাওক তথাপি যাতে তেওঁলোকে নিজৰ স্থান এৰি দিব নালাগে,যাৰ বাবে পুনৰ ছোনিয়া গান্ধীকেই অন্তৰ্ৱৰ্তীকালীন সভাপতিৰ দায়িত্ব প্ৰদান কৰিছিল৷ এইসকল নেতাই কংগ্ৰেছৰ মংগল কেতিয়াও নিবিচাৰে, বৰং গান্ধী পৰিয়ালৰ ভুলকো সঠিক বুলি কৈ গান্ধী পৰিয়ালত তৈলমৰ্দন কৰাত আলপো ত্ৰুটি কৰা নাই,এইসকল জ্যেষ্ঠ নেতাক কংগ্ৰেছ দলৰ প্ৰকৃত শত্ৰু বুলি ক’লে ভুল নহ’ব যেন লাগে৷ এনেবোৰ নেতাৰ চৰিত্ৰ গান্ধী পৰিয়ালে যিমান সোনকালে অনুধাৱন কৰিব পাৰিব,সিমানেই কংগ্ৰেছৰ মংগল৷

বিজেপিৰ বিকল্প

সম্প্ৰতি ভাৰতৰ ৰাজনৈতিক বিশ্লেষকৰ পৰা আদি কৰি সাধাৰণ মানুহে ভাৰতীয় জনতা পাৰ্টীক অপ্ৰতিৰোধ্য শক্তি বুলি অভিহিত কৰিব ধৰিছে আৰু এয়া স্বাভাৱিক,কিয়নো বিগত কেইবাটাও নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে অভূতপূৰ্ব ফলাফল দেখুৱাইছে৷ কিন্তু লোকসভা নিৰ্বাচন কিছু পৃথক,ভাৰতৰ ৰাজনীতিত বিৰোধীশূন্য কেতিয়াও নহয় আৰু আৰু ভাৰতীয় ৰাজনীতিত বৰ্তমান প্ৰেক্ষাপটতো শাসক দলৰ বিকল্প ভাৰতীয় জাতীয় কংগ্ৰেছেই৷ ভাৰতৰ জাতীয় আন্দোলনৰ জৰিয়তে ভাৰতৰ ৰাজনীতিলৈ ভুমুকি মৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দল ভাৰতৰ ৰাজনীতিত আটাইতকৈ দীৰ্ঘকাল শাসনৰ বাঘজৰী লৈছিল৷ বৰ্তমান জাতীয় ৰাজনীতিত কংগ্ৰেছৰ অৱস্থা একেবাৰে শোচনীয়৷ কিন্তু তাৰপাছতো ভাৰতৰ প্ৰতিটো লোকসভা আসনত কংগ্ৰেছ দলৰ এক বুজনসংখ্যক ভোটাৰ আছে,যিবোৰ ভোট কংগ্ৰেছ দল বাদে আন দলত কোনো কাৰণত নাযায়, কংগ্ৰেছৰ বিভিন্ন ভুলৰ বাবে গৰিষ্ঠসংখ্যক আসনত কংগ্ৰেছ দ্বিতীয় বা তৃতীয় স্থানত আছে যদিও সমষ্টিভিত্তিত ভোটৰ শতাংশৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ পাছত আটাইতকৈ বেছি সমষ্টিত কংগ্ৰেছ দলেই দ্বিতীয় স্থান দখল কৰি আছে৷ এনে প্ৰেক্ষাপটত কংগ্ৰেছ দলে সুপৰিকল্পনাৰ জৰিয়তে নিজৰ ভুল অনুধাৱন কৰি সমষ্টিবোৰত দলৰ কাৰ্যসূচী লৈ যাব পাৰিলে কিছু ভাল প্ৰদৰ্শন কৰিব পাৰিব৷ ইয়াৰ উপৰি কংগ্ৰেছ দলে শাসকীয় দলৰ অধীনত দেশৰ সাম্প্ৰতিক ভয়াৱহতাৰ বিষয়ে সাধাৰণ মানুহক বুজাব পাৰিব লাগিব৷ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰতো কংগ্ৰেছ দলে পূৰ্বতে কৰা ভুলৰ পৰা শিক্ষা ল’ব লাগিব,পূৰ্বৰ দুৰ্নীতিগ্ৰস্ত নেতাক বাদ দি নিকা ভাবমূৰ্তিৰ শিক্ষিত যুৱ প্ৰাৰ্থীক অগ্ৰধিকাৰ দিব লাগিব৷ এনে কিছুমান সংস্কাৰমূলক পদক্ষেপৰ জৰিয়তে কংগ্ৰেছ দলে পুনৰ দেশৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তনৰ আশা কৰিব পাৰে৷ বিভিন্ন সচেতন মহলে আম আদমী পাৰ্টীক ৰাষ্ট্ৰীয় ৰাজনৈতিক বিকল্প হিচাপে ঠাৱৰ কৰিব খোজে যদিও সকলো ৰাজ্যত আম আদমী পাৰ্টীৰ সাংগঠনিক ভেটি দৃঢ় নহয় আৰু তুলনামূলকভাৱে ই এক নতুন দল,অনাগত ভৱিষ্যতত আম আদমী পাৰ্টী বিজেপিৰ বিকল্প হ’লেও বৰ্তমান পৰিস্থিতিত কংগ্ৰেছেই দেশৰ ৰাজনীতিত বিকল্প হিচাপে বিগ ব্ৰাদাৰৰ ভূমিকা পালন কৰিব লাগিব আৰু আম আদমী পাৰ্টীয়ে সমৰ্থন জনাব লাগিব,অন্যথা বিৰোধীৰ কৌশল অথলে যাব৷

ভাৰতীয় মানুহ আৱেগিক,ধৰ্মই ভাৰতীয় ৰাজনীতিত বিশেষ স্থান দখল কৰি আহিছে,কিন্তু বিগত সাত বছৰত ধৰ্মৰ নামত হোৱা ৰাজনীতিত ভাৰতৰ অৱস্থা ক’ৰ পৰা ক’লৈ অৱনমিত হৈছে সেই কথা ভাৰতৰ মানুহে অতি সোনকালে অনুধাৱন কৰিব পাৰিব আৰু এই অনুধাৱন কৰোৱাৰ দায়িত্ব কংগ্ৰেছ নেতৃবৃন্দই ল’ব লাগিব৷ শ্ৰীলংকাত বিগত এটা দশকত ৰাজনীতি আৰু বাতৰিকাকতৰ শিৰোনাম আছিল ধৰ্মৰক্ষা,ধৰ্মসংকট,হালাল মাংস,হিজাব নিষিদ্ধ আৰু বিশেষকৈ এটা বিশেষ ধৰ্মক লক্ষ্য কৰি ঘৃণাবাক্যৰ প্ৰচাৰ৷ প্ৰথম অৱস্থাত শ্ৰীলংকাৰ ধৰ্মপ্ৰাণা মানুহবোৰো ভালেই পাইছিল৷ এতিয়া শ্ৰীলংকাৰ অৱস্থাৰ বিষয়ে বিশ্ব অৱগত৷ শ্ৰীলংকাৰ লেখীয়া অৱস্থা বৰ্তমান ভাৰতৰ ৰাজনীতিত বিদ্যমান৷ গতিকে ভাৰতৰ মানুহেও অনতিপলমে বুজি উঠিব ধৰ্মীয় ৰাজনীতিৰ ভয়াৱহতাৰ কথা৷

বিৰোধী ঐক্যৰ নেতৃত্বত কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনত ৰাজনৈতিক দলসমূহে যদি সঁচা অৰ্থত পৰিৱৰ্তন বিচাৰে, তেন্তে বিৰোধী একলগ হোৱাৰ বিকল্প নাই৷ ৰাজনৈতিক দলসমূহে ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি পৰিৱৰ্তন আনিবলৈ মনোযোগ দিব লাগিব৷ এইক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলে কিছু এৰা-ধৰাৰ মাজেৰে আগবাঢ়িব লাগিব৷ নেতৃত্বত কংগ্ৰেছেই থাকিব লাগিব, কিয়নো দেশৰ ৰাজনীতিত বৰ্তমানৰ অৱস্থাতো কংগ্ৰেছ দ্বিতীয় বৃহৎ দল আৰু দ্বিতীয় বৃহৎ দল হিচাপে কংগ্ৰেছ দলে নেতৃত্ব কোনো কাৰণত এৰি নিদিব৷ কিন্তু আসন বুজাবুজিৰ ক্ষেত্ৰত কংগ্ৰেছ দলে কিছু ত্যাগ কৰিব লাগিব৷ এনেদৰে পৰিকল্পনা অনুযায়ী বিৰোধী ঐক্য আগবাঢ়িলে সফল হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ক্ষমতা চিৰস্থায়ী নহয়,পৰিৱৰ্তন আজি নহ’লে কাইলৈ হ’ব!

অসম কংগ্ৰেছ

অসমত কংগ্ৰেছ দলৰ অৱস্থা অতিশয় শোচনীয়৷ অসমত সম্প্ৰতি কংগ্ৰেছ দল সংখ্যালঘুৰ দলত পৰিণত হৈছে৷ কংগ্ৰেছ দলত,যুৱ কংগ্ৰেছত আৰু কংগ্ৰেছৰ ছাত্ৰ সংগঠন এন এছ ইউ আইত সংখ্যালঘু নেতা-কৰ্মী বৃদ্ধি হৈছে,সেই অনুপাতে সংখ্যাগুৰু মানুহ কম৷ কংগ্ৰেছ অসমত সংখ্যাগুৰুৰ আস্থাভাজন নোহোৱালৈকে ভাল দিন আশা কৰিব নোৱাৰে৷ নেতৃত্বৰ ক্ষেত্ৰত শক্তিশালী সভাপতি,নিৰ্বাচন জিকা জনপ্ৰিয় নেতা বাছনি কৰিব লাগিব৷