Logo
image

শালমইনাৰ দাগ আঁতৰাই এইবিধ পানীয়ই

মানুহৰ শৰীৰ সুস্থ কৰি ৰখাত মহৌষধৰ কাম কৰে ডাব নাৰিকলৰ শীতল পানীয়ে৷ উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ সাধাৰণতে তৃষ্ণাতুৰ পথিকে ডাবৰ পানীৰে তৃষ্ণা নিবাৰণ কৰা দেখা যায়৷ ডাবৰ পানী মানুহৰ শৰীৰৰ কাৰণে বেচ উপকাৰী৷ অকল তৃষ্ণা নিবাৰণৰ কাৰণেই নহয়,বিভিন্ন কাৰণত ডাব নাৰিকলৰ পানী অতি প্ৰয়োজন৷

প্ৰাচীন কালৰ ঋষি-মুনিৰ দিনৰে পৰা হিন্দু ধৰ্মৰ পূজা-পাৰ্বনত ডাব নাৰিকল ব্যৱহাৰ হৈ আহিছে৷ গণেশ,শিৱ,সৰস্বতী আদি পূজা,বিবাহ আদি উৎসৱ-পাৰ্বনত ডাব নাৰিকল অপৰিহাৰ্য সম্পদ৷ আহকচোন ডাব নাৰিকলত কি কি গুণ আছে গম লওঁ৷

১৷ ডাবৰ পানীত ১৯বিধ খনিজ উপাদান থাকে৷ প্ৰতিদিনে ডাব নাৰিকলৰ পানী খালে ছালৰ উজ্জ্বলতা বাঢ়ে৷

২৷ বসন্ত ৰোগ হ’লে ডাবৰ পানীৰে মুখ ধুলে দাগ আঁতৰে৷

৩৷ মুখত ব্ৰনৰ দাগ পৰিলে ডাবৰ পানীৰে ধুই ইয়াক আঁতৰ কৰিব পাৰি৷

৪৷ এটুকুৰা তুলা ডাবৰ পানীত তিয়াই লৈ মুখত লগাওক আৰু শুকাবলৈ দিয়ক৷ তাৰ পাছত হাতেৰে মুখখন ঘঁহি দিয়ক৷ দেখিব আপোনাৰ মুখৰ ত্বক উজ্জ্বল হৈছে৷ এনে কৰিলে গাল কোমল আৰু মসৃণ হয়৷