Logo
image

প্ৰদূষিত চহৰ

বায়ু প্ৰদূষণ ভাৰতৰ বাবে এক ভয়ংকৰ সমস্যা হৈ উঠাৰ বিষয়ে বিভিন্ন সময়ত বিশেষজ্ঞৰ প্ৰতিবেদনত প্ৰকাশ পাই আহিছে৷ শেহতীয়াভাৱে ভাৰতৰ বাবে আন এক ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ ক্ৰমাগত চতুৰ্থ বছৰৰ বাবে বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৰাজধানী হিচাপে স্বীকৃত হৈছে দেশৰ ৰাজধানী দিল্লী৷ বিশ্বৰ বিভিন্ন চহৰৰ বায়ু প্ৰদূষণ নিৰূপণকাৰী সংস্থা ‘আইকিউ এয়াৰ’ৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৫৯খন চহৰৰ ৩৫খনেই হৈছে ভাৰতৰ৷ দিল্লীৰ বায়ু প্ৰদূষণ পূৰ্বৰ পৰাই উদ্বেগৰ কাৰণ হৈ আছিল৷ এতিয়া দিল্লীৰ লগতে দেশৰ আন কেইবাখনো চহৰ প্ৰদূষিত চহৰৰ তালিকাত সোমাই পৰিল৷ ‘আইকিউ এয়াৰ’নামৰ ছুইছ সংস্থাটোৱে বিশ্বৰ ১১৭খন দেশৰ ৬,৪৭৫খন চহৰৰ বায়ু প্ৰদূষণৰ মাত্ৰা নিৰূপণ কৰি প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি বিশ্বৰ সবাতোকৈ প্ৰদূষিত দেশকেইখনৰ পঞ্চম স্থানত আছে ভাৰত৷ শীৰ্ষৰ চাৰিখন দেশ হৈছে ক্ৰমে বাংলাদেশ,মধ্য আফ্ৰিকাৰ চাড,পাকিস্তান আৰু তাজিকিস্তান৷ তাৎপৰ্যপূৰ্ণ যে প্ৰতিবেদনটোত উল্লেখ কৰা মতে,বিশ্বৰ সবাতোকৈ প্ৰদূষিত ২০খন দেশৰ ১৬খনেই হৈছে এছিয়াৰ৷ উল্লেখ্য, বিশ্বৰ মুঠ জনসংখ্যাৰ ৪৭ শতাংশ লোকেই বায়ু প্ৰদূষণৰ  দ্বাৰা আক্ৰান্ত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে, বায়ু প্ৰদূষণৰ ফলত প্ৰতিবছৰে বিশ্বত প্ৰায় সাত কোটি মানুহৰ মৃত্যু হয়৷ এনে এক ভয়াৱহ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু দেশে বিভিন্ন পদক্ষেপ লৈছে যদিও কেইখনমান দেশহে এইক্ষেত্ৰত সফল হ’ব পাৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া বায়ু প্ৰদূষণৰ [প্ৰতি কিউবিক মিটাৰত ৫ মাইক্ৰ’গ্ৰাম] মাপকাঠীৰ তলত আছে বিশ্বৰ কেৱল তিনিখন চহৰহে৷ 

বিশেষজ্ঞসকলৰ মতে,পৰিৱেশ প্ৰদূষণৰ সমস্যা সমাধানৰ বাবে শীঘ্ৰেই ব্যৱস্থা লোৱা নহ’লে ২০৫০ চনলৈ পৰিৱেশজনিত কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানৰ দুগুণ হ’বগৈ৷ ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ দেশবোৰত শেহতীয়াভাৱে সৃষ্টি হোৱা বায়ু প্ৰদূষণৰ ফলত হাপানী,ক্ৰনিক ব্ৰংকাইটিছ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷  বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১৬ চনত ভাৰতত প্ৰায় এক লাখ পাঁচ বছৰ অনূৰ্ধৰ শিশুৰ মৃত্যু হৈছিল বায়ু প্ৰদূষণৰ বাবে৷ আনহাতে,বায়ু প্ৰদূষণৰ ফলত ষ্ট্ৰ’ক,মধুমেহ,হাঁওফাঁওৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি বুলি মত প্ৰকাশ কৰিছে চিকিৎসকসকলে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা প্ৰতিবেদনটো অনুসৰি ভাৰতৰ ৪৮ শতাংশ চহৰৰ প্ৰদূষণৰ মাত্ৰা প্ৰতি কিউবিক মিটাৰত ৫০ মাইক্ৰ’গ্ৰাম অতিক্ৰমী গৈছে,যিটো বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া মাপকাঠীতকৈ দহ গুণ অধিক৷ দিল্লীৰ লগতে হাৰিয়ানা,উত্তৰ প্ৰদেশ,পঞ্জাব,ৰাজস্থান,পশ্চিম বংগ আদি ৰাজ্যত বায়ু প্ৰদূষণৰ মাত্ৰা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ ২০২১ বৰ্ষত মধ্য আৰু দক্ষিণ এছিয়াত বায়ু প্ৰদূষণৰ মাত্ৰা আছিল সৰ্বাধিক৷ তাৰ বিপৰীতে চীনৰ ৰাজধানী বেইজিঙত বিগত পাঁচ বছৰত বায়ু প্ৰদূষণৰ মাত্ৰা হ্ৰাস পোৱাটো দেশখনৰ বাবে উৎসাহৰ বিষয় হিচাপে বিবেচিত হৈছে৷ এয়া সম্ভৱ  হৈছে দেশখনত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বাবে৷ তাৰ ভিতৰত অন্যতম হৈছে দেশখনত কয়লাৰ ব্যৱহাৰ কমাই অনা৷ দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি পোৱাৰ মূলতে কল-কাৰখানাৰ পৰা নিৰ্গত ধোঁৱা,চহৰখনত প্ৰতিদিনে চলাচল হোৱা প্ৰায় ৩৫ লাখ ব্যক্তিগত যান-বাহনৰ পৰা ওলোৱা ধোঁৱা৷

জনস্বাস্থ্যৰ লগতে প্ৰদূষণে বিশ্ব অৰ্থনীতিতো বিৰূপ প্ৰভাৱ পেলাইছে৷ প্ৰদূষণৰ ফলত এটা বছৰত লোকচান হয় প্ৰায় চাৰি লাখ ৬০ হাজাৰ কোটি মাৰ্কিন ডলাৰৰ,যিটো হৈছে বিশ্বৰ মুঠ অৰ্থনীতিৰ ৬.২ শতাংশ৷ যিবোৰ দেশত প্ৰদূষণজনিত কাৰণত মৃত্যুৰ হাৰ চিন্তাজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে সেই দেশবোৰত পৰিৱেশ সম্পৰ্কীয় নীতি দুৰ্বল বুলি মত পোষণ কৰাৰ লগতে সেই দেশবোৰ এতিয়াও পুৰণি প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰিছে৷ যিহেতু ভাৰততে প্ৰদূষণকেন্দ্ৰিক মৃত্যুৰ হাৰ সৰ্বাধিক,সেয়েহে এই সমস্যা সমাধানত ভাৰতেই আগভাগ লোৱা উচিত৷ সমস্যাটোৰ  সমাধানত চৰকাৰে জৰুৰী ব্যৱস্থা নল’লে পৰৱৰ্তী সময়ত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব৷