Logo
image

প্ৰধানমন্ত্ৰীৰ সভাৰ বাবে ডিব্ৰুগড়,ডিফুত স্থানীয় বন্ধ

ঘৰে ঘৰে তামোল-পাণেৰে নিমন্ত্ৰণ

আমাৰ অসম,২৭ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৮ এপ্ৰিলত ডিব্ৰুগড় আৰু কাৰ্বি আংলং ভ্ৰমণক লৈ দিছপুৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে৷ অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত ৮ খনকৈ কৰ্কট হাস্পতালৰ উদ্বোধন-আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰধানমন্ত্ৰীৰ দুয়োখন সভাতে পাঁচ লাখকৈ লোকে অংশগ্ৰহণৰ লক্ষৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে নামি পৰিছে চৰকাৰৰ লগতে বিজেপি নেতা-কৰ্মী৷ আনকি বিজেপি নেতা-কৰ্মীসকলে তামোল-পাণৰ শৰাই লৈ ডিব্ৰুগড়ৰ ঘৰে ঘৰে প্ৰধানমন্ত্ৰীৰ সভালৈ ৰাইজক নিমন্ত্ৰণ কৰাও দেখা গৈছে৷ লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰীৰ জনসভাৰ পৰিপ্ৰেক্ষিততে ২৮ এপ্ৰিলত ডিব্ৰুগড় আৰু কাৰ্বি আংলং জিলা স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে৷ আনহাতে,ডিব্ৰুগড় জিলা প্ৰশাসনে ২৮ এপ্ৰিলৰ দিনটোত সকলো চাহ বাগানক বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে৷ উক্ত দিনটো চাহ শ্ৰমিকসকলৰ মজুৰি কৰ্তন কৰিবলৈ মানা কৰি প্ৰশাসনে শ্ৰমিকক আন এটা দিনত কামত খটুৱাবলৈও নিৰ্দেশ দিছে৷ প্ৰশাসনৰ এনে নিৰ্দেশত এতিয়া জাঙুৰ খাই উঠিছে শ্ৰমিক সংগঠন চিটু৷ প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰাৰ পাছতো চাহ শ্ৰমিকসকলৰ ক্ষেত্ৰত আজৱ চৰ্ত আৰোপ কৰা কাৰ্যক শ্ৰমিক বিৰোধী অভিহিত কৰিছে চিটুৱে৷ এই সন্দৰ্ভত চিটুৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই উপায়ুক্তৰ নিৰ্দেশনা পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাই ৰাজনৈতিক সভালৈ শ্ৰমিকৰ ছুটিৰ দিন কৰ্তন কৰি শ্ৰমিক নিয়া কাৰ্যৰ পৰা বিৰত থাকিবলৈও আহ্বান জনাইছে৷ ইফালে প্ৰধানমন্ত্ৰীৰ মোদীৰ আগমনৰ বাবেও দুখনকৈ জিলাত স্থানীয় বন্ধ ঘোষণা কৰা কাৰ্যও বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনে বন্ধৰ কোনো যুক্তি নাই বুলিও অভিহিত কৰিছে৷ লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰীৰ জনসভাৰ বাবে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰশাসনে হাজাৰ হাজাৰ বাছ ৰিজাৰ্ভ কৰাত সাধাৰণ যাত্ৰীসকল ভয়ংকৰ সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ কাৰ্যসূচীক লৈ ব্যস্ত হৈ পৰিছে ৰাজ্য চৰকাৰ৷ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দুবাৰকৈ ডিব্ৰুগড়লৈ আহি সমগ্ৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে নিৰাপত্তাৰ ব্যৱস্থাৰ সন্দৰ্ভতো আলোচনাত মিলিত হৈছিল৷ ইফালে ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা,শক্তিমন্ত্ৰী বিমল বৰাই প্ৰতিদিনেই প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী তদাৰক কৰিছে৷ আনহাতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ ন-ৰূপত গঢ় লৈ উঠিছে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰ৷ নিৰ্মাণ কৰা হৈছে বহুকেইটা জৰাজীৰ্ণ পথ৷ কাপোৰেৰে ঢাকি পেলোৱা হৈছে পথৰ কাষৰ বহু জুপুৰি ঘৰ৷ প্ৰধানমন্ত্ৰীয়ে স্থলপথেৰে যাবলগীয়া পথৰ কাষৰ দোকানসমূহো আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷  অসম চিকিৎসা মহাবিদ্যালয়ৰ ডিব্ৰুগড় কেন্সাৰ কেন্দ্ৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ বাবে স্ক্ৰীণ কাপোৰেৰে ঢাকি ৰখাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷ সেইদৰে প্ৰায় কোটিটকীয়া ব্যয়সাপেক্ষে হিলৈধাৰীত তিনিখনকৈ হেলিপেড আৰু খনিকৰত তিনিখনকৈ হেলিপেড নিৰ্মাণ কৰা হৈছে৷ আজি ইয়াৰ সম্পৰীক্ষা কৰা হয়৷ যান-বাহনৰ পাৰ্কিঙৰ বাবেও প্ৰায় ৩০ টাকৈ স্থান ইতিমধ্যে ব্যৱস্থা কৰা হৈছে৷ উজনিৰ প্ৰতিখন জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানলৈ আহিব ৮খন বিশেষ ৰে’লৰ জৰিয়তে৷ লগতে ১৫ হাজাৰৰো অধিক যান-বাহনৰো ব্যৱস্থা কৰা হৈছে৷ জানিব পৰা মতে,প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু হৈছে পাঁচশতাধিক নাচনী৷ সেইদৰে ৩০ শতাধিক কেইবাতৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা সাজু কৰি তুলিছে৷ গাঁওৰক্ষী বাহিনীৰ পৰা আৰম্ভ কৰি অধীক্ষক পৰ্যায়লৈকে সাজু হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানৰ বাবে৷ তথ্য অনুসৰি,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমে হিলৈধাৰীত নিৰ্মাণ কৰা হয় অস্থায়ী হেলিপেডত অৱতৰণ কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ ডিব্ৰুগড় কেন্সাৰ কেন্দ্ৰ পৰিদৰ্শনৰ পাছতে স্থলপথেৰে খনিকৰৰ জনসভালৈ যোৱাৰ সম্ভাৱনা আছে৷ ইফালে প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানক ডিব্ৰুগড় চহৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে৷ অন্যহাতে,ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে৷ আনকি বতৰেও কোনোধৰণৰ বিধি-পথালি দিয়াৰ সম্ভাৱনা নাই৷ আজিৰ পৰা বতৰ ফৰকাল হৈছে৷ উল্লেখ্য যে, অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ উপস্থিতিত অসম চৰকাৰৰ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্বন আৰু টাটা ট্ৰাষ্টে যুটীয়াভাৱে প্ৰায় দুশ কোটিটকীয়া ব্যায়সাপেক্ষে নিৰ্মাণ কৰা ডিব্ৰুগড় কেন্সাৰ কেন্দ্ৰৰ লগতে যোৰহাট,তেজপুৰ, লখিমপুৰ,বৰপেটা,দৰং,কোকৰাঝাৰ কেন্সাৰ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব৷ ইয়াৰ সমান্তৰালভাৱে অতিৰিক্তভাৱে ৰাজ্যৰ তিনিচুকীয়া,শিৱসাগৰ,গোলাঘাট,গোৱালপাৰা,নলবাৰী আদিকে কৰি ৭খন কৰ্কট প্ৰতিষ্ঠানৰ আধাৰশিলা কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীলৈ ঘৰে ঘৰে নিমন্ত্ৰণ বিজেপি নেতাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীত দুই লাখ মানুহ গোটোৱাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে৷ ইয়াৰ বাবে বিজেপিয়ে ঘৰে ঘৰে গৈ নিমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীলৈ৷ ডিব্ৰুগড় চহৰৰ বিভিন্ন স্থানত বিজেপি নেতাসকলে তামোল-পাণ দি ২৮ এপ্ৰিলৰ অনুষ্ঠানলৈ জনোৱাৰ লগতে কাৰ্যসূচী সফল কৰি তোলাৰ বাবে আহ্বান জনাইছে৷ ইফালে আজি খনিকৰ মণ্ডল বিজেপিৰ উদ্যোগত এই সন্দৰ্ভত এক পদযাত্ৰা বাহিৰ কৰে৷ লাহোৱালৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা,ডিব্ৰুগড় জিলা পৰিষদৰ উপ-সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল,ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা,ৰাজ্যিক বিজেপিৰ মুখপত্ৰ সুভাষ দত্ত, বিজেপি এছ টি মৰ্চাৰ জিলা সভাপতি নবীন মিলি আদিকে ধৰি বিজেপিৰ দলীয় নেতা-কৰ্মীসকলে বিভিন্ন স্থানত মানুহৰ ঘৰে ঘৰে গৈ মোদীৰ জনসভাত অংশগ্ৰহণ কৰিবলৈ প্ৰচাৰ অভিযান আৰম্ভ কৰা লগতে কাৰ্যসূচী সফল কৰি তুলিবলৈ ৰাইজলৈ আহ্বান জনায়৷ আজি খনিকৰ মণ্ডল বিজেপিৰ বিভিন্ন স্থানত প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা,ডিব্ৰুগড় জিলাৰ পৰিষদৰ উপ-সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল,ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা,বিজেপিৰ মুখপত্ৰ সুভাষ দত্ত,বিজেপি এছ টি মৰ্চাৰ জিলা সভাপতি নবীন মিলিকে ধৰি বিজেপিৰ কৰ্মীসকলে অনুভাষযন্ত্ৰৰ যোগেদি প্ৰচাৰ চলায়৷

উদুলি-মুদুলি হৈ পৰিছে কাৰ্বি আংলঙৰ লৰিংথেপি আক্সাম৷ ২৮ এপ্ৰিলত উক্ত স্থানলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কাৰ্বি আংলং স্বায়ত্তপৰিষদ আৰু জিলা প্ৰশাসনে ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুঙ্গত তুলিছে৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লৰিংথেপিৰ পাঁচশ বিঘা ভূমিত বিশাল আয়োজনৰে ইতিমধ্যে মঞ্চ,মণ্ডপ,হেলিপেড,পকীপথৰ নিৰ্মাণকাৰ্য প্ৰায় সমাপ্ত কৰিছে৷ পথৰ কাষে কাষে প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ডাঙৰ পোষ্টাৰ,বেনাৰ লগাই এক সুকীয়া পৰিৱেশৰ সৃষ্টি কৰিছে৷ তিনিটা বৃহৎ আকাৰৰ মূল মণ্ডপৰ লগতে মণ্ডপৰ সোঁৱে-বাঁৱে আন দুটা বৃহৎ মণ্ডপৰ কাম প্ৰায় সমাপ্ত হোৱাৰ পথত৷ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মূল মণ্ডপৰ কাষলৈকে নতুনকৈ প্ৰায় ১ কিঃমিঃ পথ নতুনকৈ পকীকৰণ কৰা হৈছে৷ দুটা হেলিপেড পকীকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা চি ই এম,ই এম বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলে দিনে-নিশাই নিজৰ দায়িত্ব পালনত ব্যস্ত হৈ পৰিছে৷ গুৱাহাটী-দিল্লীৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীৰ লোকে গিজগিজাই আছে লৰিংথেপি৷ প্ৰতিদিনাই অসম চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ লগতে অসম আৰক্ষীৰ উচ্ছপদস্থ বিষয়াই লৰিংথেপিত উপস্থিত থাকি এখন মিনি দিছপুৰলৈ পৰ্যৱসিত কৰিছে লৰিংথেপিক৷ আজি ৩০ টাতকৈ অধিক বিভিন্ন জাতি-জনগোষ্ঠীৰ শতাধিক সাংস্কৃতিক শিল্পীয়ে মূল মণ্ডপত তেওঁলোকৰ নিজা নিজা কৃষ্টিসমূহৰ আখৰা সম্পূৰ্ণ কৰে৷ প্ৰধানমন্ত্ৰীৰ সন্মুখত জনগোষ্ঠীয় নৃত্য,গীতসমূহ প্ৰদৰ্শন কৰিবলৈ সুবিধা লাভ কৰাত শীল্পীসকল অধিক উৎফুল্ল হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য,অসমীয়া,কাৰ্বি,বড়ো,ডিমাচা,তিৱা,আদিবাসী,মান টাই গাড়ো,বাঙালী, মণিপুৰি,নেপালী,কুকিকে ধৰি ত্ৰিশটাকৈ সাংস্কৃতিক দলে প্ৰধানমন্ত্ৰীৰ উক্ত সভাত নৃত্য-গীত পৰিৱেশন কৰিব৷ লক্ষণীয়ভাৱে আজি প্ৰতিজন শিল্পীকে সভাস্থলীতে ক’ভিড টেষ্ট কৰোৱা হয়৷ পোন প্ৰথমবাৰলৈ কাৰ্বি আংলঙৰ ভূমিত পদাৰ্পণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শান্তি আৰু বিকাশ ৰেলীত অংশগ্ৰহণ কৰি কাৰ্বি আংলঙৰ লগতে অসমবাসীক এক নতুন দিগন্তৰ বাৰ্তা দিব বুলি বিভিন্নজনে মন্তব্য কৰিছে৷

চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ ডিব্ৰুগড় আগমন উপলক্ষে ২৮ এপ্ৰিলৰ দিনটো বাগিচা ছুটীৰ দিন ঘোষণা কৰিবলৈ আৰু ২৮ এপ্ৰিলৰ সলনি আন এদিন বাগিচা খোলাৰ বাবে পৰিচালক সকলক নিৰ্দেশ দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে আৰু এনে বে-আইনী নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে৷ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতি মুখ্য আহ্বায়ক বিবেক দাসে কয়- সপ্তাহৰ মুৰত এটা দিন ছুটী এটা আইনসন্মত অধিকাৰ,ইয়াৰ আন্তৰ্জাতিক ন্যাযতা আছে আৰু এগৰাকী উপায়ুক্তই এই নিয়ম সলনি কৰিব নোৱাৰে৷ প্ৰধানমন্ত্ৰীৰ প্ৰতি সন্মান জনাই মালিকপক্ষই হাজিৰাসহ ছুটী দিয়াতো বা শ্ৰমিকসকলে নিজ ইচ্ছামতে সভাত যোগদান কৰাটো বেলেগ কথা আৰু ইয়াত উপায়ুক্তৰ নিৰ্দেশৰ প্ৰশ্ন আহিব নোৱাৰে বা এই দিনটোৰ সলনি আন এদিন কাম কৰাৰ প্ৰশ্নও আহিব নোৱাৰে৷ এয়া দেখদেখ দেওবৰীয়া ছুটীৰ অধিকাৰ হৰণৰ ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়৷ তদুপৰি প্ৰত্যেক শক্তিশালী মন্ত্ৰীয়ে এইটো অভ্যাসত পৰিণত কৰিব আৰু চাহ শ্ৰমিকসকলৰ কষ্টোপাৰ্জিত এটা অধিকাৰ ৰাজনীতিকৰ স্বাৰ্থৰ বাবে বলি দিব লাগিব৷ এই চৰকাৰখনে চাহ শ্ৰমিকৰ ছুটিৰ বিনিময়ত উপস্থিতি দেখুৱাইহে শক্তি প্ৰদৰ্শন কৰিব বিচৰাটো লজ্জাজনক আৰু ধিক্কাৰজনক৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ কালছোৱাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল জুৰি উদ্‌যাপিত হ’ব ‘উত্তৰ-পূব মহোৎসৱ’৷ এসপ্তাহব্যাপী পালন কৰিবলগীয়া এই মহোৎসৱৰ কথা আজি নতুন দিল্লীত কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰণালয়ৰ সচিব লোকৰঞ্জনে ঘোষণা কৰে৷ আজাদী কা আমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰণালয়ে আয়োজন কৰিছে এই মহোৎসৱৰ৷ মন কৰিবলগীয়া যে ২৮ এপ্ৰিলৰ উদ্বোধনী অনুষ্ঠান উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যত একেলগে অনুষ্ঠিত হ’ব৷ ৰঞ্জনে প্ৰকাশ কৰা মতে,৪ মেত গুৱাহাটীত অনুষ্ঠিত হ’ব সামৰণি অনুষ্ঠান৷ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ উত্তৰ-পূবৰ চহকী কলা-সংস্কৃতি,পৰ্যটনক বিষয়বস্তু হিচাপে লৈ আয়োজন কৰা হৈছে এই মহোৎসৱৰ৷