Logo
image

পঁইতা ভাত খালেও পেটৰ অসুখ কোষ্ঠকাঠিন্যৰ পৰা মুক্ত হ’ব পাৰি

পঁইতা ভাত অসমীয়া সমাজত জনপ্ৰিয়৷ বিশেষকৈ গৰমৰ দিনত পঁইতা ভাত,আলু পিটিকা আদিৰ লগত খোৱাৰ মজাই বেলেগ৷ পঁইতা ভাত কেৱল তৃপ্তিদায়কেই নহয়, ইয়াৰ আছে বহু পুষ্টিকৰ গুণ৷ পঁইতা ভাত খালে পেটৰ অসুখৰ লগতে কোষ্ঠকাঠিন্যৰ পৰা মুক্ত হ’ব পাৰি৷ সাধাৰণতে পানী দিয়া ভাতকে পঁইতা ভাত বুলি জনা যায়৷ ভাতত যেতিয়া পানী দি ৰখা হয় তেতিয়া বিভিন্ন বেক্টেৰিয়া ভাঙি ইথানল আৰু লেক্টিক এচিড সৃষ্টি কৰে৷ এই এচিড তৈয়াৰ হোৱাৰ ফলত ক্ষতিকাৰক বেক্টেৰিয়াই ভাতখিনি নষ্ট কৰিব নোৱাৰে৷ 

১. পঁইতা ভাতৰ পুষ্টি গুণঃ ১২ ঘণ্টা সময় ধৰি এশ গ্ৰাম ভাত পানীত ভিজাই ৰাখিলে আয়ৰণৰ পৰিমাণ ৭৩.৯১ মিলিগ্ৰাম বাঢ়ি যায়৷ সমপৰিমাণৰ গৰম ভাতত মাত্ৰ ৩.৪ মিলিগ্ৰাম আয়ৰণহে পোৱা যায়৷ আনহাতে,পঁইতা ভাতৰ পৰা ৮৩৯ মিলিগ্ৰাম পটাচিয়াম বাহিৰ হয় আৰু ৮৫০ মিলিগ্ৰাম কেলচিয়াম উৎপন্ন হয়৷ এই হাৰ গৰম ভাতত ২১ মিলিগ্ৰামহে পোৱা যায়৷ 

২. ভিটামিনৰ উৎসঃ শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন পঁইতা ভাতত পোৱা যায়৷ ভিটামিন বি-৬ আৰু ভিটামিন বি-১২ৰ ই ভাল উৎস৷ এই দুয়োটা ভিটামিনেই স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়৷ 

৩. শৰীৰ সতেজ ৰাখেঃ গৰম দিনত ঘামৰ সৈতে শৰীৰৰ প্ৰয়োজনীয় অনেক উপাদান বাহিৰ হৈ যায়৷ সেই অভাৱ পূৰণ কৰে পঁইতা ভাতে৷ সেইবাবে গৰম দিনত পঁইতা ভাত খোৱাৰ অভ্যাস কৰিলে শৰীৰত পানীৰ অভাৱ পূৰণ কৰাৰ উপৰি তাপমাত্ৰা ভাৰসাম্য অটুট থাকে৷

৪. পেটৰ অসুখ দূৰ কৰেঃ নিয়মীয়াকৈ পঁইতা ভাত খালে পেটৰ যিকোনোধৰণৰ সমস্যাৰ পৰা মুক্ত হ’ব পাৰি৷ কোষ্ঠকাঠিন্য দূৰ কৰি পঁইতা ভাতে শৰীৰ সতেজ কৰি ৰাখে৷ পঁইতা ভাত খালে হজম শক্তিও বৃদ্ধি হয়৷

৫. শক্তিবৰ্ধনঃ গোটেই দিনটো কাম কৰাৰ অন্তত পঁইতা ভাত খালে শৰীৰত শক্তিবৰ্ধন হয়৷ পঁইতা ভাতত থকা শৰীৰৰ উপকাৰী বেক্টেৰিয়াই স্বাস্থ্যত ভাল প্ৰভাৱ পেলায়৷