Logo
image

উঃ প্ৰদেশৰ ১৭ হাজাৰ ধৰ্মীয় স্থানত হ্ৰাস পালে উচ্চ শব্দ

যোগী চৰকাৰৰ কঠোৰ নিৰ্দেশৰ ফলঃ মন্দিৰ-মছজিদৰ পৰা আঁতৰোৱা হ’ল লাউডস্পীকাৰ

আমাৰ অসম,২৭ এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ ধৰ্মীয় স্থানত বাজি অহা লাউডস্পীকাৰৰ শব্দ নিয়ন্ত্ৰণ কৰিবলৈ যোগী চৰকাৰে কঠোৰ নিৰ্দেশ দিয়াৰ পাছতে ৰাজ্যখনৰ ধৰ্মীয় স্থানত হ্ৰাস পাইছে উচ্চ  শব্দ৷ বহু ধৰ্মীয় স্থানৰ পৰা আঁতৰাই পেলোৱা হৈছে লাউডস্পীকাৰ৷ প্ৰকাশিত বাতৰি অনুসৰি যোগী চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পাছতে উত্তৰ প্ৰদেশৰ ১৭ হাজাৰ ধৰ্মীয় স্থানত লাউডস্পীকাৰত বজা শব্দ একেবাৰে হ্ৰাস পায়৷ ইয়াৰ ফলত ৰাজ্যখনৰ জনতাই যথেষ্ট সকাহ পাইছে৷ আনকি এই কথাও পোহৰলৈ আহিছে যে ৰাজ্যখনৰ ঝান্সিৰ মছজিদ আৰু মন্দিৰৰ মৌলবী আৰু পূজাৰীয়ে সমিল-মিলেৰে মাইক আঁতৰায়৷ লাউডস্পীকাৰৰ বাবে যাতে ইয়াত কোনোধৰণৰ সাম্প্ৰদায়িক বিভেদ নহয়,তালৈ লক্ষ্য ৰাখিয়েও দুয়োপক্ষই আলোচনা কৰি সেইবোৰ মছজিদ-মন্দিৰৰ পৰা আঁতৰায়৷ উল্লেখ্য,এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত ৰাজ্যখনৰ আৰক্ষীয়ে লাউডস্পীকাৰ নিয়ন্ত্ৰণৰ বাবে অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ তৎপৰতাৰ পাছতে ৰাজ্যখনৰ ১২৫টা স্থানত ধবনিযাত্ৰা বাতিল কৰা হয়৷ আৰক্ষীয়ে নিজে ১২৫টা স্থানৰ পৰা লাউডস্পীকাৰ আঁতৰায়৷ উল্লেখ্য,আৰক্ষীয়ে ৰাজ্যখনৰ ৩৭ হাজাৰৰো অধিক ধৰ্মীয় গুৰু আৰু মৌলবীৰ সৈতে আলোচনাত মিলিত হৈ লাউডস্পীকাৰ হ্ৰাস কৰিবলৈ আহ্বান জনোৱাৰ পাছতে ৰাজ্যখনৰ ধৰ্মীয় স্থানবোৰত শব্দৰ তীব্ৰতা হ্ৰাস পায়৷ ৰাজ্যখনৰ শ্ৰীকৃষ্ণ জন্মভূমিৰ পৰাও লাউডস্পীকাৰ আঁতৰোৱা হয়৷