‘নাটো’ত অন্তৰ্ভুক্ত হ’ব ছুইডেন আৰু ফিনলেণ্ড
অধিক যুদ্ধৰ আশংকা!ৰাছিয়াক হেঁচা দিবলৈ আমেৰিকাৰ নতুন খেল
আমাৰ অসম,২৭ এপ্ৰিলঃ ইউক্ৰেইনে আমেৰিকা নেতৃত্বাধীন ‘নাটো’বাহিনীত যোগ দিবলৈ আগবঢ়াৰ বাবেই ৰাছিয়াই যুদ্ধ আৰম্ভ কৰে ইউক্ৰেইনৰ বিৰুদ্ধে৷ ৰাছিয়াৰ আক্ৰমণত প্ৰায় বিধবস্ত হৈছে ইউক্ৰেইন৷ কিন্তু তেনে সময়তে আমেৰিকাই ৰাছিয়াক অধিক প্ৰত্যাহ্বান জনাবলৈ নতুন খেল খেলিছে৷ ৰাছিয়াৰ সীমাতে থকা ফিনলেণ্ড আৰু ছুইডেনক ‘নাটো’অৰ্থাৎ ‘উত্তৰ আটলাণ্টিক সন্ধি সংস্থা’ত অন্তৰ্ভুক্ত কৰিবলৈ আমেৰিকাই সকলো প্ৰচেষ্টা প্ৰায় সম্পূৰ্ণ কৰিছে৷ প্ৰকাশিত বাতৰি অনুসৰি মে’মাহৰ মাজভাগত দেশ দুখনে নাটোৰ সদস্য পদৰ বাবে আৱেদন জমা দিবলৈ মান্তি হৈছে৷ যদিহে তেওঁলোকৰ আৱেদনক স্বীকৃতি দিয়া হয়,তেন্তে অতি সোনকালেই দুয়োখন দেশে নাটোৰ সদস্য হিচাপে স্বীকৃতি লাভ কৰিব৷ উল্লেখ্য,এই দেশ দুখনে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বিৰোধিতা কৰি আহিছে আৰু ৰুছ ৰাষ্ট্ৰপতি পুটিনক‘একনায়কত্ববাদী’ বুলি অভিহিত কৰিছে৷ গতিকে ৰাছিয়াৰ বিৰোধিতা কৰিয়েই এই দেশ দুখনে নাটোৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে আৰু ইয়াত উচতনি দিছে আমেৰিকাই৷ যদিহে ফিনলেণ্ড আৰু ছুইডেনক নাটোৰ সদস্য কৰিব পৰা যায়,তেন্তে আমেৰিকাই ৰাছিয়াক অধিক হেঁচা দিব পাৰিব৷ উল্লেখ্য,ৰাছিয়াই এই দুখন দেশক কেইবাবাৰো সকীয়নি দি থৈছে নাটোত অন্তৰ্ভুক্ত নহ’বলৈ৷ আনকি ৰাছিয়াই ফিনলেণ্ডৰ সীমাত সেনাও বৃদ্ধি কৰিছে৷ যদিহে ফিনলেণ্ডে নাটোৰ সদস্য পদ গ্ৰহণৰ বাবে আগবাঢ়ে,তেন্তে ৰাছিয়াই আক্ৰমণ কৰিব পাৰে৷ ইয়াৰ ফলত আন এক ভয়ংকৰ যুদ্ধ আৰম্ভ হ’ব পাৰে৷ ফিনলেণ্ড আৰু ৰাছিয়াই ১,৩০০ কিলোমিটাৰ সীমা ভাগ-বাটোৱাৰা কৰি আহিছে৷