Logo
image

অৰণ্যগামী যুৱকৰ ক্ষোভ আৰু ৰাষ্ট্ৰৰ শান্তিৰ সংলাপ

অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে তথা ৰাজ্যখনত অপৰাধ হ্ৰাস পাবলৈ ধৰিছে বুলি দাবী কৰি আহিছে,ঠিক সেই সময়তেই অসমৰ বিভিন্ন প্ৰান্তৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে যে হতাশাগ্ৰস্ত হৈ বহু যুৱকে আলফাত যোগদান কৰিবলৈ ধৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ এজনে আলফাত যোগদান কৰাৰ কাৰণ হিচাপে স্থানীয় ৰাইজে ক্ষোভেৰে কৈছে যে চৰকাৰে যুৱকজনক সংস্থাপন দিয়াত ব্যৰ্থ হোৱাৰ বাবেই অৱশেষত যুৱকজনে আলফাত যোগদান কৰিছে৷ হঠাৎ ৰাজ্যখনত যুৱক-যুৱতীসকল আলফা তথা সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিবলৈ লৈছে কিয় তাক বিশ্লেষণ কৰা দৰকাৰ৷

আলফাত এচাম যুৱকে যোগদান কৰাৰ সমান্তৰালভাৱে অসমৰ এচাম মুছলমান যুৱকে জিহাদী সংগঠনত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাইছে৷ বহুতেই ছ’চিয়েল মিডিয়াত সন্ত্ৰাসবাদী অথবা জিহাদী সংগঠনত যোগদান কৰাৰ বাতৰি তথা ফটো আদি পোষ্ট কৰাও দেখা গৈছে৷ অলপতে কাশ্মীৰৰ বান্দিপোৰা অঞ্চলৰ যুৱক এজনে লস্কৰ-ই-তৈবা নামৰ জিহাদী সংগঠনত যোগদান কৰাৰ ফটোগ্ৰাফ পোষ্ট কৰাৰ পাছত পুলিচে যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ অকল ভাৰততেই নহয়, ইউৰোপ আৰু আমেৰিকা যুক্তৰাজ্যতো বহু যুৱক-যুৱতী মৌলবাদৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিভিন্ন সন্ত্ৰাসবাদী,উগ্ৰপন্থী সংগঠনত যোগদান কৰাৰ কথা আমি জানো৷ ব্ৰিটেইনৰ বহু মুছলমান যুৱক-যুৱতীয়ে ইছলামিক ৰাষ্ট্ৰ আৰু আন জিহাদী সংগঠনত যোগদান কৰি চিৰিয়ালৈ যুদ্ধ কৰিবলৈ যোৱাৰ উদাহৰণ আছে৷ একেদৰে অতি সোঁপন্থী দেশত আৰু খ্ৰীষ্টিয়ান মৌলবাদী সংগঠনতো পশ্চিমীয়া দেশৰ বহু যুৱক-যুৱতীয়ে যোগদান কৰা আমি দেখিছোঁ৷

ইউনাইটেড নেচনছ ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ [ইউএনডিপি]অধীনত হিংসাত্মক উগ্ৰপন্থা প্ৰতিৰোধ শীৰ্ষক এক প্ৰতিবেদনত কোৱা হৈছে যে হিংসাত্মক উগ্ৰবাদ হ’ল ঐতিহাসিক, ৰাজনৈতিক,অৰ্থনৈতিক আৰু সামাজিক পৰিস্থিতি আৰু আঞ্চলিক তথা গোলকীয় ক্ষমতাৰ ৰাজনীতিৰ ফচল৷ ক্ৰমবৰ্ধমান আনুভূতিক অসমতা হিংসাত্মক উগ্ৰবাদৰ অন্যতম কাৰক বুলি উক্ত প্ৰতিবেদনত কোৱা হৈছে৷ নিবনুৱা সমস্যা অথবা দৰিদ্ৰতা আদিয়েই হিংসাত্মক উগ্ৰবাদৰ একমাত্ৰ কাৰণ নহয় বুলি কৈ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে অন্যায়,মানৱাধিকাৰ উলংঘন,সামাজিক-ৰাজনৈতিক বিচ্ছিন্নতাবোধ,ব্যাপক দুৰ্নীতি আৰু বিশেষ সম্প্ৰদায়ৰ প্ৰতি পক্ষপাতমূলক ব্যৱহাৰ আদি কাৰণবোৰো হিংসাত্মক উগ্ৰবাদৰ গুৰুত্বপূৰ্ণ কাৰক৷ ৰাষ্ট্ৰৰ দ্বাৰা নাগৰিকক মৌলিক অধিকাৰ,সেৱা আৰু নিৰাপত্তা দিবলৈ ব্যৰ্থ হোৱাৰ বাবেই অসমতা বৃদ্ধি পাইছে আৰু এইবোৰ কাৰণেই হিংসাত্মক উগ্ৰপন্থা বৃদ্ধি পোৱা বুলি প্ৰতিবেদনখনত কোৱা হৈছে৷

অসমত হতাশাগ্ৰস্ত যুৱক-যুৱতীৰ আলফা আৰু আন সংগঠনত খোলোচাকৈ কৰা যোগদান, জিহাদীৰ তৎপৰতা,গৰুচোৰ মাফিয়া,ড্ৰাগ্‌ছ মাফিয়াৰ টিঘিলঘিলনি আদিয়ে ৰাজ্যখনত শান্তি উভতি অহাটো সূচাইছে নে অদূৰ ভৱিষ্যতৰ ভয়াৱহতাৰ ইংগিত দিছে,সেয়া সময়ত ওলাই পৰিব৷ অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰি গুলীয়াই হতাহত কৰিব খোজা পুলিচী ন্যায়ে ৰাজ্যখনৰ নিৰাপত্তাহীনতাৰ সবলতাৰ সলনি দুৰ্বলতাকে স্পষ্ট কৰিছে৷ ইউ এন ডি পিৰ প্ৰতিবেদনত উল্লেখ কৰাৰ দৰে আমাৰ ৰাজ্যৰ মুছলমানসকলৰ ওপৰত উচ্ছেদৰ পৰা আৰম্ভ কৰি নানাধৰণৰ পক্ষপাতিত্বমূলক চৰকাৰী আচৰণ ৰাজ্যখনত হোৱা জিহাদী সংগঠনৰ তৎপৰতাৰ বাবে দায়ী বুলি ক’ব পাৰি৷ আমি জানো এক মৌলবাদে আন এক বিপৰীত মৌলবাদ সৃষ্টিত অৰিহণা যোগায়৷ হিন্দুত্ববাদী মৌলবাদৰ উত্থানে ইছলামীয় মৌলবাদক সাৰপানী যোগোৱাটো স্বাভাৱিক৷ বিগত ছটা মাহত অসমৰ ২৫৬ বা তাতোধিক যুৱকে আলফাত যোগদান কৰাৰ বাতৰি অসমৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ এই বাতৰিৰ উৎস এইসকল অৰণ্যগামী হোৱা যুৱকৰ পৰিয়াল বুলি কোৱা হৈছে৷ হঠাৎ কিয় অসমৰ যুৱকসকল আলফাৰ দৰে বিদ্ৰোহী সংগঠনলৈ ঢাপলি মেলিছে তাৰ সম্যক বিশ্লেষণৰ প্ৰয়োজন৷ যদিহে এই প্ৰৱণতা অব্যাহত থাকে,তেনেহ’লে বুজি পাব লাগিব যে বৰ্তমান ৰাজ্যখনৰ আৰ্থ-সামাজিক পৰিস্থিতিয়ে আমাৰ নতুন প্ৰজন্মক বিদ্ৰোহী মনোভাবাপন্ন কৰি তুলিছে৷ ইয়াৰ প্ৰতিকাৰ কি,এই সমস্যা সমাধানৰ পথ কি,সেয়া গভীৰভাৱে বিশ্লেষণ কৰাৰ সময় আহি পৰিছে৷