কৰ্কটমুক্ত অসম সপোনহে
অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা প্ৰতিনিয়ত বৃদ্ধি পাইছে৷ এই অঞ্চলটোৰ লোকৰ তামোল খোৱাৰ পৰম্পৰা,তামোল-পাণৰ লগত ধঁপাত সেৱনৰ পৰম্পৰা পুৰণি৷ তদুপৰি অঞ্চলটোৰ বহু লোকে ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰাৰ ফলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ এটা তথ্য অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলত বছৰি ৪৯ হাজাৰ ৰোগী কৰ্কট ৰোগত আক্ৰান্ত হয়৷ ইয়াৰে ২৯ হাজাৰ ৰোগীয়েই অসমৰ৷ সম্প্ৰতি,অসমত দহখনৰো অধিক চৰকাৰী-বেচৰকাৰী কেঞ্চাৰ হাস্পতাল আছে যদিও এই চিকিৎসালয়সমূহে অঞ্চলটোৰ বৰ্ধিত ৰোগীক চিকিৎসা সেৱা প্ৰদানৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই৷ ৰোগী অনুপাতে চিকিৎসালয় কম হোৱাৰ কথা অনুধাৱন কৰি অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত বৃহস্পতিবাৰে ডিব্ৰুগড়ত নিৰ্মাণ কৰা কৰ্কট চিকিৎসালয়খন উদ্বোধন কৰাৰ লগতে যোৰহাট,তেজপুৰ,লখিমপুৰ,বৰপেটা,দৰং আৰু কোক্ৰাঝাৰ কেঞ্চাৰ কেন্দ্ৰকেইটাও আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব৷ ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন জিলাত নতুনকৈ নিৰ্মাণ হ’ব লগা জ্জখন কৰ্কট প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড়ত প্ৰতিষ্ঠানকেইখন ৰাইজৰ বাবে মুকলি কৰাৰ লগতে নতুন প্ৰতিষ্ঠানকেইখনৰ আধাৰশিলা স্থাপন কৰিব৷ কৰ্কট ৰোগী তথা ৰোগীৰ পৰিয়ালৰ বাবে এনে বতৰা আশাপ্ৰদ যদিও অসমত যে কৰ্কট ৰোগ দ্ৰুত হাৰত বৃদ্ধি পাইছে,সেইটো কিন্তু চিন্তাৰ বিষয়৷ কিয়নো যি পৰিয়ালৰ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে,সেইসকলেহে গম পায় চিকিৎসাৰ নামত পৰিয়ালটো কিদৰে সৰ্বস্বান্ত হয়৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সজাগতাৰ অভাৱ,প্ৰয়োজনীয় যত্নৰ অভাৱ,ৰোগৰ পূৰ্বাভাষ আদিত বৈজ্ঞানিক দৃষ্টিভংগীৰ ব্যৰ্থতাৰ বাবেই এই অঞ্চলটোত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ কেঞ্চাৰ ৰোগীক সকাহৰ বাবে নতুন নতুন চিকিৎসালয় নিৰ্মাণ কৰাটো ভাল দিশ যদিও কৰ্কট ৰোগ নহ’বৰ বাবে ল’বলগীয়া ব্যৱস্থাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ ল’লেহে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণ উপকৃত হ’ব৷ চৰকাৰে অসমক কেঞ্চাৰমুক্ত কৰিবলৈ হ’লে ধঁপাতজাতীয় সামগ্ৰীৰ উৎপাদন,বিক্ৰী নিষিদ্ধ কৰাৰ লগতে কৰ্কট হ’ব পৰা প্ৰতিবিধ সামগ্ৰীৰে বিক্ৰী নিষিদ্ধ কৰিলেহে জনসাধাৰণ উপকৃত হ’ব৷ স্বাস্থ্যমন্ত্ৰী হৈ থকা অৱস্থাতে অসমক ধঁপাতমুক্ত কৰাৰ বাবে ড॰ হিমন্ত বিশ্ব শৰ্মাই ধঁপাতবিৰোধী আইন গ্ৰহণ কৰিছিল যদিও ৰাজ্যখনত পৰৱৰ্তী সময়ত ধঁপাতজাতীয় সামগ্ৰীৰ পয়োভৰ বাঢ়িলহে৷ যদিহে এই হাৰত কৰ্কট ৰোগী বাঢ়ি গৈয়েই থাকে, তেন্তে ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিছাৰ্চে প্ৰকাশ কৰাৰ দৰে অহা পাঁচ বছৰত দেশত আৰু ১২ শতাংশ কৰ্কট ৰোগী বৃদ্ধি হোৱাটো নিশ্চিত৷ যিহেতু দেশৰ গৰিষ্ঠসংখ্যক কৰ্কট ৰোগী উত্তৰ-পূৰ্বাঞ্চলৰ,সেয়ে অসমতো কৰ্কট আক্ৰান্তৰ সংখ্যা অধিক হ’ব৷ সেয়ে চৰকাৰে কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে জনসাধাৰণক কেনে জীৱনশৈলীয়ে কৰ্কট ৰোগ সৃষ্টিত অনুঘটকৰ কাম কৰে তাৰ বিষয়ে সজাগতা সৃষ্টি কৰি ব্যৱস্থা লোৱা দৰকাৰ৷ তদুপৰি পৰিৱেশ,খাদ্যাভ্যাস আদিয়ে কিদৰে কৰ্কট ৰোগ সৃষ্টি কৰে,তাৰ প্ৰতিও গুৰুত্ব দিয়া উচিত৷ কৰ্কট ৰোগৰ চিকিৎসা যিহেতু ব্যয়বহুল, সেয়ে এই ৰোগৰ পৰা কিদৰে হাত সাৰি থাকিব পাৰি,সেই বিষয়ে প্ৰতিজন লোক সজাগ হোৱা দৰকাৰ৷






