Logo
image

শিৱসাগৰত সৰ্বানন্দৰ যোগ সন্মিলন

আমাৰ অসম,২৮ এপ্ৰিলঃ ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰণালয়ে দেশে স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ কৰিবলৈ লোৱাৰ সৈতে সংগতি ৰাখি আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌল প্ৰাংগণত ২ মে’ত এক ৰাষ্ট্ৰীয় স্তৰৰ যোগ অনুষ্ঠানৰ আয়োজন কৰিছে৷ কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ৭৫ দিন থকাৰ সময়ছোৱাত দেশৰ বিভিন্ন অংশত বিশেষ বিশেষ যোগ কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা কৰিছে৷ ৭ এপ্ৰিলত দিল্লীৰ লালকিল্লাৰ পৰা আৰম্ভ হোৱা এই বিশেষ যোগ কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰণালয়টোৱে অসম চৰকাৰৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বৰ ৫০ সংখ্যক দিনটোত ২ মে’ৰ পুৱা ৬.৩০ বজাত শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌল প্ৰাংগণত ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ আয়োজন কৰিছে৷ এই সন্দৰ্ভত আজি কেন্দ্ৰীয় আয়ুষ দপ্তৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শিৱসাগৰত উপস্থিত হৈ ঐতিহাসিক শিৱ দৌল চৌহদ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়৷ ইয়াৰ পাছতে শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ চু্যকাফা সভাকক্ষত কেন্দ্ৰীয় আয়ুষমন্ত্ৰী সোণোৱালৰ অধ্যক্ষতাত আৰু স্বাস্থ্যমন্ত্ৰী মহন্তৰ উপস্থিতিত শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰৰ বিশিষ্ট নাগৰিক,জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ অধ্যক্ষ,যোগ গুৰুসকলৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে এই বিষয়ত এখন বৈঠকো অনুষ্ঠিত হয়৷ বৈঠকত শিৱ দৌল প্ৰাংগণত ২ মে’ৰ এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানৰ সফল আয়োজনৰে জড়িত দিশসমূহ বিতংভাৱে আলোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগক দায়িত্ব ভগাই দিয়া হয়৷ যোৰহাটৰ সাংসদ তপন গগৈ,থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁই,প্ৰাক্তন বিধায়কদ্বয় কুশল দুৱৰী আৰু ঋতুপৰ্ণ বৰুৱা,শিৱসাগৰৰ উপায়ুক্ত মেঘনিধি দাহাল,হায়দৰাবাদৰ মূৰাৰ্জী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক তথা আন্তঃৰাষ্ট্ৰীয় যোগ-বিশেষজ্ঞ ড॰ বাসভা ৰেড্ডী,শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালিনী কোঁৱৰেও এই বৈঠকত অংশগ্ৰহণ কৰে৷ শিৱ দৌল প্ৰাংগণত হ’বলগা আজাদী কা অমৃত মহোৎসৱৰ এই ৰাষ্ট্ৰীয় যোগ অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষমন্ত্ৰী সোণোৱাল,অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাসহ উত্তৰ-পূৰ্বাঞ্চলৰ কেওখন ৰাজ্যৰে ৰাজ্যপাল,মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী,মুখ্যসচিব আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিবসকলেও অংশগ্ৰহণ কৰিব৷