Logo
image

ক’ভিডৰ চতুৰ্থ ঢৌক লৈ মোদীৰ সতৰ্কবাৰ্তা

আমাৰ অসম,২৮ এপ্ৰিলঃ দেশত ক’ভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে সকলোকে সাৱধান কৰি দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হয়৷ এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক যাতে ক’ভিডৰ চতুৰ্থ ঢৌৱে আক্ৰান্ত কৰিব নোৱাৰে আৰু দেশবাসী যাতে ক’ভিডৰ সম্ভাব্য সংহাৰৰ পৰা ৰক্ষা পৰে সেই লক্ষ্য লৈ সকলো মুখ্যমন্ত্ৰীকে সতৰ্ক কৰি দিয়ে৷ তেওঁ ক’ভিডৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ বাবে ঘাইকৈ পাঁচটা বিষয়ত গুৰুত্ব আৰোপ কৰে৷ তেওঁ কয় যে,শিশুসকল পুনৰ বিদ্যালয়লৈ উভতি গৈছে৷ এই ক্ষেত্ৰত ৰাজ্যসমূহে সকলো শিক্ষাৰ্থীকে যাতে ক’ভিডৰ  প্ৰতিষেধক পায় সেই বিষয়টো নিশ্চিত কৰিব লাগে৷ ক’ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিলে শিশুসকল ক’ভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিব বুলি তেওঁ মন্তব্য কৰে৷ দেশৰ সকলো শিক্ষাৰ্থীকে ক’ভিডৰ পৰা ৰক্ষা কৰা দায়িত্ব সংশ্লিষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বুলি তেওঁ সকীয়াই দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীসকলক নিজ নিজ ৰাজ্যত ক’ভিডৰ সংক্ৰমণক নিয়ন্ত্ৰণত ৰাখিবলৈ আহ্বান জনায়৷ সেই ক্ষেত্ৰত প্ৰয়োজনবোধে কঠোৰ ব্যৱস্থা ল’বলৈকো তেওঁ মুখ্যমন্ত্ৰীসকলক নিৰ্দেশ দিয়ে৷ তদুপৰি পানীলগা বা কাহৰ দৰে কোনো ৰোগ হ’লেই বা তেনে ৰোগৰ লক্ষণেই দেখা দিলেই আৰটি-পিচিআৰ পৰীক্ষা ১০০ শতাংশ নিশ্চিত কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰীসকলক নিৰ্দেশ দিয়ে৷ তদুপৰি সকলো ৰাজ্যতে পিএছএ অক্সিজেন প্লাণ্টসমূহ সক্ৰিয় কৰি ৰাখিবলৈ আৰু পূৰ্ণমাত্ৰাত উৎপাদন অব্যাহত ৰাখিবলৈ মোদীয়ে মুখ্যমন্ত্ৰীসকলক নিৰ্দেশ দিয়ে৷ ক’ভিডৰ দ্বিতীয় ঢৌত অক্সিজেনৰ অভাৱত দেশত বৃহৎ সংখ্যক ক’ভিড আক্ৰান্তৰ মৃত্যু হোৱাৰ কথা তেওঁ বৈঠকত সোঁৱৰাই দিয়ে৷ আনহাতে,সকলোৱে যাতে ক’ভিডৰ প্ৰট’কল মানি চলে সেই বিষয়টো নিশ্চিত কৰিবলৈ মোদীয়ে আহ্বান জনায়৷ সকলো ৰাজ্যতে যাতে বাসিন্দাসকলে মাস্ক পৰিধান কৰে আৰু সামাজিক ব্যৱধান মানি চলে আৰু সকলোৰে যাতে টিকাকৰণ সম্পূৰ্ণ কৰা হয় সেই বিষয়টোক গুৰুত্ব দিবলৈ তেওঁ মুখ্যমন্ত্ৰীসকলক অনুৰোধ জনায়৷ উল্লেখ্য,প্ৰধানমন্ত্ৰীৰ বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে হামিয়াই-হিকতিয়াই থকাৰ বিষয়টোৱে প্ৰৱল বিতৰ্কৰ সৃষ্টি কৰিছে৷ বিজেপিয়ে কেজৰিৱালৰ আচৰণক নিন্দা কৰিলেও কেজৰিৱালৰ পক্ষৰ পৰা কোনো প্ৰতিক্ৰিয়া অহা নাই৷