Logo
image

গৰম দিনত দেহ সতেজ কৰি ৰাখিবলৈ এইকেইবিধ ফল খাওক

গ্ৰীষ্মকালত অকল পানী সেৱন কৰাটোৱে যথেষ্ট নহয়৷ গৰমৰ দিনকেইটাত নিজকে সজীৱ কৰি ৰখাতো যথেষ্ট গুৰুত্বপূৰ্ণ৷ যাৰ বাবে তৰল পদাৰ্থ গ্ৰহণৰ লগতে শৰীৰটোৱে প্ৰয়োজনীয় পুষ্টি লাভ কৰাতো নিতান্তই প্ৰয়োজন৷ গৰমৰ দিনকেইটাত বজাৰত এনে কিছুমান সতেজ ফল উপলব্ধ হয়, যিয়ে আপোনাক সজীৱ কৰি ৰখাৰ লগতে পৰিপুষ্টি সাধন কৰে৷

১. আমঃ ফলৰ ৰজা আম সকলোৰে প্ৰিয়৷ কেৱল ফল হিচাপে আমৰ ব্যৱহাৰ নহয়৷ ই ভিন্ন প্ৰকাৰৰ মিঠাইতো উপলব্ধ৷ আমত এণ্টি অি’ডেণ্টৰ পৰিমাণ অধিক৷ যাৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷ আম গ্ৰহণৰ ফলত শৰীৰত অনাৱশ্যকীয় কলেষ্টৰেল হ্ৰাস হোৱাৰ লগতে চকুৰ লাভালাভ হয়৷

২. তৰমুজঃ তৰমুজ কেৱল সুস্বাদু নহয়,ইয়াত থকা পুষ্টিৰ পৰিমাণো অধিক৷ তৰমুজত প্ৰায় ৯০ শতাংশ পানী থাকে৷ যিয়ে হৃদৰোগ প্ৰতিৰোধত সহায় কৰে৷ তৰমুজে আৰ্গিনিন নামৰ এমিনঅ এচিডৰ উৎপাদনত সহায় কৰে৷ 

৩. ষ্ট্ৰবেৰীঃ ষ্ট্ৰবেৰীত উচ্ছ পৰিমাণত ভিটামিন চি,মেংগানিজ,ফ’লেট,পটাচিয়াম,ভিটামিন বি আৰু ফ্লেভ’নইডৰ দৰে শৰীৰৰ প্ৰয়োজনীয় বহুতো উপাদান সন্নিৱিষ্ট থাকে৷ তদুপৰি হৃদৰোগ প্ৰতিৰোধ কৰা আৰু বেয়া কলেষ্টৰেল হ্ৰাস কৰাৰ ক্ষেত্ৰত অত্যন্ত উপকাৰী হিচাপে পৰিচিত হৈছে ষ্ট্ৰবেৰী৷

৪. আনাৰসঃ আনাৰসত অধিক পৰিমাণে থাকে ভিটামিন চি,যিয়ে শৰীৰত কোষসমূহে পোৱা আঘাতৰ সৈতে যুঁজিবলৈ আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া বৃদ্ধিত সহায় কৰে৷ আনাৰসত উচ্ছহাৰত থকা মেংগানিজৰ ফলত হাড়ৰ স্বাস্থ্যৰ উপকাৰ সাধন হয়৷

৫. আপেলঃ আপেল হৈছে পুষ্টিকৰ ফল৷ আপেলবোৰ চালাড,স্মুদি,পাই আৰু ডেজাৰ্টত অন্তৰ্ভূক্ত কৰি গ্ৰহণ কৰিব পৰা যায়৷ আপেলে হজম শক্তি বৃদ্ধিৰ লগতে হৃদযন্ত্ৰ ভালে ৰখাত সহায় কৰে৷

৬. মাস্কমেলনঃ মাস্কমেলন বা বাঙিত ভিটামিন চি আৰু এ অধিক পৰিমাণে থাকে৷ যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে৷ মাস্কমেলনত উচ্ছহাৰত থকা পটাছিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি ইয়াত পোৱা যায় বিটা কেৰ’অটিন৷ যিয়ে চকুৰ ছানি পৰা ৰোগৰ প্ৰতিৰোধত সহায় কৰি দৃষ্টি শক্তি বৃদ্ধি কৰে৷

৭. অমিতাঃ অমিতাত ভিটামিন চি,আঁহ আৰু এণ্টি অক্সিডেণ্ট অধিক পৰিমাণে থাকে৷ আহাৰত অমিতা অন্তৰ্ভুক্ত কৰিলে ধমনীত জমা হোৱা কলেষ্টৰেল প্ৰতিহত কৰাত সহায় কৰিব পাৰে৷

৮. কমলাঃ কমলা হৈছে প্ৰয়োজনীয় এবিধ ফল৷ কিয়নো কমলাত থকা ৰসে আপোনাৰ শৰীৰক সতেজ কৰি ৰখাৰ লগতে শক্তি যোগান ধৰে৷ কমলাৰ বহুতো উপকাৰিতা আছে, যাৰ ভিতৰত কলেষ্টৰেল হ্ৰাস,হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা,ছালৰ বাবে প্ৰয়োজনীয় উচ্চহাৰৰ ভিটামিন চি যোগান ধৰা আদি৷