উত্তৰ কোনে দিব
যিজন প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত শাসন-ভাৰ লৈছিল,সেইজন ২০১৪ চনত অসমলৈ আহোঁতে চৰকাৰী বন্ধ দিব লগা হোৱা নাছিল৷ কাৰণ সেইজন লোকৰ পৰা দেশৰ জনতাই ন্যায় পাব বুলি সেই আশা কৰিছিল৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিদেশৰ পৰা আহিও মানুহে ভোট দিছিল গান্ধী পৰিয়ালৰ একনায়কত্ববাদৰ অন্ত পেলাবলৈ,আকাশলংঘী মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ৷ ক’লা ধন ঘূৰাই আনি ব্যক্তিগত একাউণ্টত নিদিলেও দেশৰ সমৃদ্ধিত খৰচ কৰিবলৈ নৰেন্দ্ৰ মোদীক মানুহে ভোট দিছিল৷ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হৈ কৰা সভাসমূহত মানুহে স্বতঃস্ফূৰ্তভাৱে ভিৰ-ভাৰ কৰিছিল৷ কিন্তু আজি সম্পূৰ্ণ এখন ওলোটা ছবি আৰু পূৰ্বে নেদেখা ছবি প্ৰত্যক্ষ কৰিব লগা হ’ল অসমবাসীয়ে৷ প্ৰধানমন্ত্ৰী আহিব,সেইবাবে দুখনকৈ জিলাত চৰকাৰী বন্ধ দিব লগা হ’ল৷ চৰকাৰী উদ্যোগত ৮,১৫৫খন বাছ তথা আন গাড়ী অধিগ্ৰহণ কৰিব লগা হ’ল!৩০ কোটিৰো অধিক টকা মানুহ কঢ়িয়াবলৈ খৰচ কৰা হ’ল৷ চাহ বাগিচা বন্ধ দিব লগা হ’ল৷ সভালৈ অহা মানুহক যদি ভাৰা বা হাত খৰচ নিদিয়ে বুলি ধৰিলেও লাখ মানুহৰ খাদ্যৰ বাবে কিমান কোটি খৰচ হ’ল সেয়া সহজেই অনুমেয়৷ দেশৰ সমৃদ্ধিৰ বাবে যদি প্ৰধানমন্ত্ৰীজন আহিছে,তেন্তে ইমান শ শ কোটি টকা খৰচ কৰাৰ কিবা যুক্তি আছিলনে? অথচ চৰকাৰ দেওলীয়া,যাৰ বাবে জনসাধাৰণৰ ওপৰত দৈনিক কৰৰ বোজা বৃদ্ধি কৰা হৈছে৷ সংবাদ মাধ্যমতে প্ৰকাশ হৈছে পেট্ৰ’ল আৰু ডিজেলত চৰকাৰে কিমান টকা দৈনিক আহৰণ কৰে৷ এক লিটাৰ পেট্ৰ’লত চৰকাৰী কৰ হ’ল ৫০.৫৬ টকা৷ পেট্ৰ’লৰ মূল দাম ৫০.৮৫ টকাহে৷ চৰকাৰে ১০০ শতাংশ কৰ আৰোপ কৰি জনগণক কেনে মাধমাৰ শোধাইছে সেয়া প্ৰতিজন গ্ৰাহকেই অনুভৱ কৰিছে৷ সেইদৰে ডিজেলতো ১০০ শতাংশ কৰ আৰোপ কৰিছে৷ তেল হ’ল দেশৰ হৃদপিণ্ডস্বৰূপ৷ তেলৰ পৰা মাত্ৰাধিক ৰাজহ সংগ্ৰহ কৰি চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত অৰিহণা যোগাইছে৷ সেয়ে ৪৫ টকীয়া দাইল ১৪০ টকা,৬০ টকীয়া মিঠাতেল ২০০ টকা হৈছে৷ এইদৰে হোৱা মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ ক্ৰয় ক্ষমতা হ্ৰাস পোৱাত ইয়াৰ প্ৰভাৱ বজাৰত পৰিছে৷ ৮০ কোটি জনসাধাৰণ যি চৰকাৰৰ হিতাধিকাৰীত পৰিণত হৈছে,এইসকলে এতিয়া কেৱল চৰকাৰী চাউলকেইটা খাই পেট প্ৰৱৰ্তন কৰিব লগা হৈছে৷ হাজিৰা কৰি পোৱা ২০০ বা ৩০০ টকাৰে এতিয়া চাৰি বা পাঁচজনীয়া পৰিয়াল নচলে,সেয়ে তথ্য মতে দেশত পুষ্টিহীনতাত পৰি শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি হ’বলৈ ধৰিছে৷ এক তথ্য মতে,দেশৰ আধাসংখ্যক শিশুৱেই এতিয়া পুষ্টিহীনতাত ভুগিছে৷ প্ৰতি ৬জন শিশুৰ এজন শিশু লক্ষণীয়ভাৱে শাৰীৰিক গঠনত ক্ষীণ৷ ভোকাতুৰ দেশৰ তালিকাত ভাৰতৰ স্থান দৈনিক তললৈ নামিছে৷ চৰকাৰে দেশ পৰিচালনাৰ বাবে কেৱল জনগণৰ কৰৰ ওপৰত নিৰ্ভৰ কৰাত এতিয়া দেশৰ অৰ্থনীতিৰ বিকাশ স্তব্ধ হৈ পৰিছে৷ চৰকাৰে লোকচান হোৱা বুলি বিক্ৰী কৰা দেশৰ সম্পদৰ পৰাই আদানি,আম্বানিয়ে লাভ কৰিছে দৈনিক লাখ কোটি টকা৷ এইবোৰ মাত্ৰ তথ্য নহয়, ই বাস্তৱ সত্য৷ এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল– এজন প্ৰধানমন্ত্ৰী আহিব কেইটামান প্ৰকল্প উদ্বোধন বা আধাৰশিলা স্থাপন কৰিবলৈ,তাত জনগণৰ কৰৰ ইমান বৃহৎ অংশ খৰচ কৰাটো যুক্তসংগতনে? ইয়াৰ উত্তৰ কোনে দিব?






