Logo
image

আফস্পা আঁতৰিব!মোদী

আমাৰ অসম,২৯ এপ্ৰিলঃ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰ হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সম্পূৰ্ণৰূপে আফস্পা প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছে৷ বিগত ৩১ মাৰ্চত কেন্দ্ৰীয় চৰকাৰে অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ঠাই বিশেষে ক’লা আইনখন প্ৰত্যাহাৰ কৰিছিল৷ অসমত ১৯৯০ চনৰ পৰা বলৱৎ হোৱা আইনখনৰ আধাৰত ক্ষমতাৰ অপব্যৱহাৰ কৰি বিভিন্ন সময়ত সেনাবাহিনীয়ে অঞ্চলটোৰ যুৱক-যুৱতীৰ ওপৰত নিৰ্যাতন চলাই আহিছিল৷ অসমৰ ২৩ খন জিলাত আইনখন প্ৰত্যাহাৰ কৰিলেও উজনি অসম আৰু কাৰ্বি পাহাৰকে ধৰি ৯খন জিলাৰ লগতে এটা মহকুমাত আফস্পা বৰ্তমানেও বাহাল ৰাখিছে৷ সম্প্ৰতি তিনিচুকীয়া,ডিব্ৰুগড়,শিৱসাগৰ,চৰাইদেউ,যোৰহাট, গোলাঘাট,কাৰ্বি আংলং,পশ্চিম কাৰ্বি আংলং,ডিমা হাচাও জিলাৰ উপৰি কাছাৰ জিলাৰ লক্ষীপুৰ মহকুমাতো বলৱৎ আছে৷ অৱশ্যে বৃহস্পতিবাৰে ডিফুত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে অমৃত সৰোবৰ আধাৰশিলা স্থাপন কৰি ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ২৩খন জিলাৰ পৰা আফস্পা প্ৰত্যাহাৰ কৰা বুলি উল্লেখ কৰি উত্তৰ-পূবৰ সকলো ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আঁতৰোৱা হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়– ‘৮ বছৰত অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিভিন্ন অংশত আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে যথেষ্টখিনি অঞ্চলৰ পৰা আফস্পা আঁতৰোৱা হৈছে৷’তেওঁ উল্লেখ কৰে যে উত্তৰ-পূবত হিংসাত্মক ঘটনা ৭৫ শতাংশ হ্ৰাস পাইছে৷ ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে অসম-মেঘালয় সীমান্ত বিবাদ সম্পৰ্কে কয় যে বিজেপি চৰকাৰে দুয়োখন ৰাজ্যৰ মাজৰ বিবাদ নিষ্পত্তি কৰিছে৷ এয়া এক আদৰ্শ বুলি উল্লেখ কৰি তেওঁ বাকী ৰাজ্যসমূহেও চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমাৰ বিবাদ নিষ্পত্তিৰ বাবে আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰে৷ মোদীয়ে লগতে কাৰ্বি আংলঙৰ ৬টাকৈ উগ্ৰপন্থী সংগঠন আলোচনাৰ মাজলৈ অহা, ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰ কৰি বড়োলেণ্ডত শান্তি ঘূৰাই অনাৰ কথা উল্লেখ কৰে৷