Logo
image

ৰাজপথত শুই পৰি ‘আপ’ৰ প্ৰতিবাদ টানি-আঁজুৰি লৈ গ’ল নিৰাপত্তাৰক্ষীয়ে

অপ্ৰতিৰোধ্য মূল্যবৃদ্ধি

আমাৰ অসম,২৯ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়তে অৰ্থাৎ বৃহস্পতিবাৰে আম আদমি পাৰ্টীয়ে [আপ] ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ পেট্ৰ’ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অপ্ৰতিৰোধ্য মূল্যবৃদ্ধিৰ প্ৰতিবাদত আপে বৃহস্পতিবাৰে ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে৷ গুৱাহাটী মহানগৰীতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰা দলটোৱে গণেশগুৰিৰ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ সমীপত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে ইন্ধনকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ পৰ্বতসম মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ‘পেট্ৰ’লত লাগিছে জুই,প্ৰধানমন্ত্ৰী আছে শুই’,‘ঔষধত লাগিছে জুই, প্ৰধানমন্ত্ৰী আছে শুই’আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে ৰাজপথ উত্তাল কৰি তোলে৷ জনতা ভৱনৰ সমীপতে ৰূপায়ণ কৰা আপৰ প্ৰতিবাদী কাৰ্যসূচী নিয়ন্ত্ৰণৰ বাবে আৰক্ষী-নিৰাপত্তাৰক্ষী আগবাঢ়ি অহাৰ ফলত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ একাংশ প্ৰতিবাদকাৰী ৰাজপথতে শুই পৰে৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হোৱা এই বিক্ষোভত আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি হয় আৰু অৱশেষত নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক টানি-আঁজুৰি আটক কৰি বাছত উঠাই লৈ যায়৷ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীত সাধাৰণ ৰাইজৰ বাবে বাছ নাই যদিও গণতান্ত্ৰিকভাৱে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা আপৰ কৰ্মকৰ্তাসকলক উঠাই নিবলৈ বিজেপি চৰকাৰৰ ওচৰত বাছ আছে বুলি প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰে৷ কাৰ্যসূচীত আপৰ ৰাজ্যিক যুটীয়া সমন্বয়কদ্বয় লক্ষ্মীকান্ত ডুবে,ৰুদ্ৰাংকুৰ হাজৰিকা,কামৰূপ জ’নৰ সাংগঠনিক সম্পাদক মানস শৰ্মা,জ্যিক প্ৰচাৰ সমন্বয়ক জয়ন্ত কুমাৰ কলিতাৰ লগতে অৰ্ধশতাধিক কৰ্মী উপস্থিত থাকে৷ বশিষ্ঠ থানাত স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰতিবাদকাৰীক বলপূৰ্বকভাৱে বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে৷ প্ৰতিবাদকাৰীসকলক সন্ধিয়াৰ ভাগত বশিষ্ঠ থানাৰ পৰা মুকলি কৰি দিয়া হয়৷ উল্লেখ্য,গুৱাহাটীৰ লগতে ৰাজ্যৰ জিলা সদৰতো আপে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷