Logo
image

আজি পুনৰ জিগনেশৰ জামিনৰ শুনানি

বৰপেটাত আটক ভূপেন, মীৰা

আমাৰ অসম,২৯ এপ্ৰিলঃ গুজৰাটৰ কংগ্ৰেছী বিধায়ক তথা দলিত নেতা জীগনেশ মেৱানীৰ গ্ৰেপ্তাৰৰ বিৰোধিতা আজি বৰপেটাত কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শকক অশালীন আচৰণ কৰাৰ অভিযোগত বৰপেটাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আৰু ন্যায়ালয়ৰ নিৰ্দেশত বৰপেটা আৰক্ষীৰ জিম্মাত থকা বিধায়কজনৰ মুক্তিৰ দাবীত বৰপেটা উপায়ুক্ত কাৰ্যালয়ৰ মিলেনিয়াম পাৰ্কৰ সন্মুখত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নেতৃত্বত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ দলৰ স্থানীয় নেতা- কৰ্মীসকলে৷  উল্লেখ্য যে মিলেনিয়াম পাৰ্কত অৱস্থান ধৰ্মঘট কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ নেতা-কৰ্মীসকলে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখেৰে ৰাজীৱ ভৱন অভিমুখে অগ্ৰসৰ হয় যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে৷ ইয়াকে লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীসকলৰ মাজত হেঁচা-ঠেলা আৰু টনা-আঁজোৰা লগা পৰিলক্ষিত হয়৷ ইয়াৰ মাজতে এগৰাকী মহিলা প্ৰতিবাদকাৰীক চোঁচোৰাই নি গাড়ীত উঠোৱাৰ চেষ্টা চলায় আৰক্ষীয়ে৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ বাধা ওফৰাবলৈ সক্ষম হয় প্ৰতিবাদকাৰীসকল৷ লগে লগে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ভূপেন বৰা,মীৰা বৰঠাকুৰসহ প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীসকলক আৰক্ষীয়ে এখন বাছত উঠাই প্ৰায় দুই কিলোমিটাৰ দূৰৈৰ বাৰাদি আৰক্ষী নিৱেশলৈ লৈ যায়৷ ইপিনে আৰক্ষী-প্ৰশাসনে প্ৰতিবাদী কাৰ্যসূচীত বাধা প্ৰদান কৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মেৱানীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত ক্ষোভ প্ৰকাশ কৰি কয় যে,গুজৰাটৰ এজন সন্তান যিজনে দেশৰ প্ৰধানমন্ত্ৰী,সেই নৰেন্দ্ৰ মোদী আজি অসমলৈ আহিছে৷ একে সময়তে আন এজন গুজৰাটৰ সন্তান এজন জনপ্ৰতিনিধি জিগনেশ মেৱানীক অসম চৰকাৰে অন্যায়ভাৱে,ভূৱা গোচৰ জাপি ষড়যন্ত্ৰমূলকভাৱে,বে-আইনীভাৱে অসমত বন্দী কৰি ৰাখিছে৷ এজন জনপ্ৰতিনিধিক ভূৱা গোচৰ জাপি দি বাক্‌স্বাধীনতা হৰণ কৰিব বিচৰা হৈছে৷ এসময়ত বিজেপি নেতা চাভাৰকাৰে আম্বেদকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল,এতিয়া মোদী,হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই ষড়যন্ত্ৰ চলিছে৷ দলিতৰ ওপৰত অত্যাচাৰ হৈছে৷ গণতন্ত্ৰক হত্যা কৰাৰ বাবে,বাক্‌স্বাধীনতা বন্ধ কৰাৰ বাবে ক্ষমতাৰ অপপ্ৰয়োগ কৰা হৈছে৷ বিজেপি চৰকাৰে চলে বলে কৌশলে সংবাদ মাধ্যমক হাত কৰিছে৷ ছ’চিয়েল মিডিয়াক হাত কৰিব নোৱাৰে,টুইটাৰ ফেচবুকক নিয়ন্ত্ৰণ কৰিব নোৱাৰে৷ সেইবাবে বিজেপি বিৰোধী,আৰ এছ এছ বিৰোধী শক্তিশালী কণ্ঠসমূহক ভয় খুৱাবৰ বাবে আজি জিগনেশ মেৱানীক এইদৰে বন্দী কৰি ৰখা হৈছে৷ এই কথা সহ্য কৰা নহ’ব৷ ইয়াৰ বাবে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম৷ কোকৰাঝাৰৰ ন্যায়ালয়ে জিগনেশ মেৱানীক ন্যায় প্ৰদান কৰিছে,কিন্ত অসম চৰকাৰে ষড়যন্ত্ৰ কৰি অসম পুলিচক হাথিয়াৰ হিচাপে লৈ তেওক পুনৰ বন্দী কৰিছে৷ এই কথা আমি মানি নলও৷ আমি শান্তিপুৰ্ণভাৱে আন্দোলন কৰিছো,কিন্তু যদি অশান্তি হয়,অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে বিজেপি চৰকাৰ দায়ী হব বুলিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মন্তব্য কৰে৷ উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আজি বৰপেটাত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিতি দেখা নগ’ল বৰপেটাৰ সাংসদ আব্দুল খালেক,সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ স’তে কেৱল বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ আৰু জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খান আৰু অতি কম সংখ্যক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে৷ আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰক আৰক্ষীয়ে এখন বাছত উঠাই লৈ যোৱাৰ সময়ত বৰপেটাৰ বিধায়কজনে নিজৰ বাহনত উঠি প্ৰতিবাদস্থলীৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হয়৷ গুৰুত্বপূৰ্ণ কথা হ’ল শুকুৰবাৰে বৰপেটাৰ মুখ্য ন্যায়াধীশৰ আদালতত জিগনেশ মেৱানীৰ জামিনৰ শুনানি হ’ব৷

গুজৰাটৰ বিধায়ক,দলিত নেতা জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত আজি ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে৷ ৰাজ্যৰ প্ৰায় সকলো জিলা সদৰত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা,বিধায়ক,সাংসদ,প্ৰাক্তন সাংসদ আৰু বিধায়ক তথা দলটোৰ ভ্ৰাতৃ-ভগ্নী সংগঠনসমূহৰ নেতৃত্ব আৰু কৰ্মকৰ্তাই অংশ লয়৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দেশৰ জনতাৰ বাক স্বাধীনতা হৰণ কৰা আৰু মত প্ৰকাশৰ অধিকাৰ খৰ্ব কৰা বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সকীয়াই দিয়ে৷ দলিত নেতা জিগনেশ মেৱানীৰ মুক্তিৰ দাবী জনায়৷ ইফালে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত দিনৰ ১২ বজাৰ পৰা শতাধিক কংগ্ৰেছীয়ে অৱস্থান ধৰ্মঘটত বহি  জিগনেশ মেৱানীৰ অবৈধ গ্ৰেপ্তাৰক গৰিহণা দি বিধায়কজনক মুক্তি নিদিয়া পৰ্যন্ত কংগ্ৰেছৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি ঘোষণা কৰে৷ ৰাজীৱ ভৱনৰ প্ৰতিবাদী কাৰ্যসূচীত বৰ্ষীয়ান নেতা শৰৎ বৰকটকী,বলীন কুলি,কেন্দ্ৰীয় নেতা শ্বামিম আখতাৰ,বিধায়িকা নন্দিতা দাস,নুৰুল হুদা,কমলাক্ষদেৱ পুৰকায়স্থ আদিকে ধৰি কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে৷ সমান্তৰালকৈ তেজপুৰ,বঙাইগাঁও,ধুবুৰী,ডিফু,কোকৰাঝাৰ,যোৰহাট,গোলাঘাট,শিৱসাগৰ, মঙলদৈ,নগাঁও,তিনিচুকীয়া,বিশ্বনাথ,কাৰ্বিআংলং,লখিমপুৰ,ধেমাজি,ৰঙিয়া,গোৱালপাৰা আদি জিলাতো কংগ্ৰেছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মেৱানীক মুক্তি দিয়াৰ দাবী জনায়৷

তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ বিজেপি বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্বই দিয়ে প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাই৷