Logo
image

মই হিন্দী ক’ব নাজানোঃ টাটা

আমাৰ অসম,২৮ এপ্ৰিলঃ মই হিন্দী ক’ব নাজানো৷ মই ইংৰাজীতে মোৰ মনৰ ভাব প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম৷ কিন্তু মই  অসমবাসীক উদ্দেশ্যি যি ক’ম সেয়া হ’ব মোৰ হৃদয়ৰ বাৰ্তা৷ এই ভাষ্য প্ৰসিদ্ধ উদ্যোগপতি, অসম বৈভব বঁটা প্ৰাপক ৰতন টাটাৰ৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত কেন্সাৰ হাস্পতাল উদ্বোধনী অনুষ্ঠানত ভাগ লৈ তেওঁ হিন্দী ক’বনোৱাৰাৰ কথা অকপটে স্বীকাৰ কৰে টাটাই৷ অসমত কেন্সাৰ হাস্পতাল স্থাপনৰ সুযোগ দিয়া বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধন্যবাদ জনাই  বদান্যতা প্ৰকাশ কৰিবলৈও নাপাহৰিলে প্ৰসিদ্ধ উদ্যোগপতি জনে৷ ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰা ৰতন টাটাই ভাৰতীয় সমাজ জীৱনলৈ আগবঢ়াইছে অপৰিসীম অৱদান৷ আমেৰিকাত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছত আইতাকৰ অসুখত ভাৰতলৈ উভতি আহিছিল টাটা৷ ইয়াৰ পাছত তেওঁ জামছেদপুৰত থকা টাটা উদ্যোগত এজন সাধাৰণ কৰ্মীৰ দৰে নিয়োজিত হৈ এসময়ত টাটা গ্ৰুপৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়৷